Sweet Potato: শীতকালত খাব মিঠা আলু, চকুৰ দৃষ্টিশক্তি ভাল হ’ব; নিয়ন্ত্ৰণত থাকিব ডায়েবেটিছ

শীতকালত মিঠা আলু খালে আপোনাৰ স্বাস্থ্যৰ অত্যন্ত উপকাৰী হ’ব। পুষ্টিকৰ উপাদান সমৃদ্ধ মিঠা আলু উতলাই খালে আপোনাৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাই নহয়, চকুৰ দৃষ্টিশক্তিও উন্নত হয়। ঠাণ্ডাৰ সময়ত এই পাচলিবিধে শৰীৰক ভিতৰৰ পৰাও উষ্ণতা প্ৰদান কৰে, যাৰ ফলত চৰ্দি আৰু কাহৰ দৰে সমস্যাও ৰোধ হয়।(Sweet Potato)

মিঠা আলুত প্ৰচুৰ পৰিমাণে ভিটামিন এ, চি, বি ৬ আৰু পটাছিয়াম থাকে। চকুৰ দৃষ্টিশক্তি বজাই ৰখাত ভিটামিন ‘এ’ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও মিঠা আলুতো এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে শৰীৰত উপস্থিত থকা ক্ষতিকাৰক উপাদানৰ পৰা ৰক্ষা কৰে। ইয়াত উপস্থিত থকা আঁহে পাচনতন্ত্ৰক শক্তিশালী কৰাৰ লগতে শৰীৰৰ বিপাকীয় ক্ৰিয়াৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।(Sugar Level Control)

ডায়েবেটিছত উপকাৰী:
মিঠা আলুত প্ৰাকৃতিক চেনি থাকে, যিটো শৰীৰত লাহে লাহে দ্ৰৱীভূত হয় আৰু হঠাতে চুগাৰৰ মাত্ৰা বৃদ্ধি হোৱাত বাধা দিয়ে। ই তেজৰ চেনিৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে, গতিকে ডায়েবেটিছ ৰোগীয়েও মিঠা আলু আৰামত খাব পাৰে।

মিঠা আলু কেনেকৈ খাব:
শীতকালত মিঠা আলু উতলাই খাব পাৰে। ভালদৰে ধুই উতলাই খোলা উলিয়াই খাব। ইচ্ছা কৰিলে তাত অলপ ক’লা নিমখ আৰু নেমু দি ইয়াৰ সোৱাদ বৃদ্ধি কৰিব পাৰে। ব্ৰেকফাষ্টত বা সন্ধিয়া জলপান হিচাপেও খাব পাৰে।(eyesight)

অন্যান্য স্বাস্থ্য উপকাৰীতাঃ
মিঠা আলুত থকা এন্টিঅক্সিডেন্ট ছালৰ বাবেও উপকাৰী। ই আপোনাৰ ছালখন সুস্থ আৰু উজ্জ্বল কৰি তোলে। ইয়াৰ উপৰিও মিঠা আলুত ভাল পৰিমাণৰ আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। এই শীতকালত মিঠা আলু খাব চকুৰ দৃষ্টিশক্তি লগতে চুগাৰ নিয়ন্ত্ৰণত থাকিব।

Related Articles