Breaking

কালি লৈছিল শপত, আজি এৰিব বিচাৰিলে মন্ত্ৰী পদ!

0 42

কালি লৈছিল শপত, আজি মন্ত্ৰী পদ বিচাৰিলে এজন সাংসদে। মোদী চৰকাৰ ৩.০ মন্ত্ৰণালয় বিতৰণৰ পূৰ্বেই মন্ত্ৰী পদ এৰিব বিচাৰিছে এগৰাকী বিজেপি সাংসদে।

কেৰেলাৰ ত্ৰিশূৰ লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ সুৰেশ গোপীয়ে মন্ত্ৰী পদ এৰিব বিচাৰিছে। ইয়াৰ কাৰণ দৰ্শাই সুৰেশ গোপীয়ে কৈছে ‘মই মন্ত্ৰিত্ব বিচৰা নাছিলোঁ, মই বহুকেইখন বোলছবিৰ সৈতে চুক্তিবদ্ধ হৈ থকাৰ বাবে সেইখিনিও সম্পূৰ্ণ কৰিব লাগিব, সেয়েহে মন্ত্ৰী পদ এৰিব খুজিছোঁ’। কেৰালাৰ একমাত্ৰ বিজেপি সাংসদ সুৰেশ গোপীৰ ইচ্ছা কেৱল সাংসদ হিচাপে কাম কৰাৰ।

আনহাতে মন্ত্ৰী পদ এৰাক লৈ চলা চৰ্চাক পোনচাটেই নাকচ সুৰেশ গোপীৰ। চ’ছিয়েল মিডিয়াত ব্যক্ত কৰে এই কথা।

Leave A Reply

Your email address will not be published.