Tai Ahom Community : তাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ

১৯ অক্টোবৰ, ২০২৪, গুৱাহাটী– টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ব শাসনৰ প্ৰদানৰ দাবীত জনগোষ্ঠীটোৰ চাৰিটাকৈ শক্তিশালী সংগঠন টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপা, সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু, আহোম সভা আৰু আহোম সেনাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰৰ দুয়োখন চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। (Tai Ahom Community )

ইয়াৰ প্ৰতিবাদত টাই আহোম জনগোষ্ঠীৰ সংগঠন কেইটাই একত্ৰিত ভাৱে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে – ২০১৪ চনৰ পৰা লোকসভাৰ নিৰ্বাচনেই হওক অসম বিধান সভাৰ নিৰ্বাচনেই হওক প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহোমৰ ভোট লৈ ক্ষমতালৈ আহি প্ৰতিশ্ৰুতি পূৰণ নকৰি বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে।

টাইপাৰ সভাপতি গৰাকীয়ে লগতে উল্লেখ কৰে যে – বৰ্তমানৰ অসমৰ মূখ্যমন্ত্ৰীজন ক্ষমতাত থকালৈকে টাই আহোম সকলৰ জনজাতিকৰণ সম্ভৱ নহয় কিয়নো তেখেতৰ অধ্যক্ষতাত গঠিত মন্ত্ৰীগোটৰ প্ৰতিবেদন আজিকোপতি কেন্দ্ৰলৈ প্ৰেৰণ নকৰিলে।যদিহে ২০২৬ ৰ অসম বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান নকৰে তেতিয়া তাৰ প্ৰত্যুত্তৰ টাই আহোম জনগোষ্ঠীয়ে বেলটৰ জৰিয়তে দিব আৰু প্ৰয়োজনত ইয়াৰ বাবে জনগোষ্ঠীটোৱে বিকল্প ৰাজনীতিৰ কথাও চিন্তা কৰিব বুলি দিগন্ত তামুলীয়ে উল্লেখ কৰে।

আটাছু সভাপতি মিলন বুঢ়াগোহাঁইয়ে কয় যে – জনজাতিকৰণ নকৰা বাবে টাই আহোম সকলে স্ব-জনগেষ্ঠীয় মূখ্যমন্ত্ৰীয়ে ক্ষমতাৰ পৰা অপসাৰিত কৰিছে তেনেক্ষেত্ৰত বৰ্তমানৰ মূখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ একে পৰিণতিতে হোৱাটো স্বাভাৱিক। বিধান সভাৰ নিৰ্বাচনৰ আগতেই টাই আহোমক জনজাতিকৰণ নকৰিলে বিজেপিক জনগোষ্ঠীটোৱে অসমৰ শাসনৰ পৰা উৎখাত কৰিব বুলিও মিলন বুঢ়াগোহাঁইয়ে কয়। আহোম সভাৰ সম্পাদক প্ৰাঞ্জল ৰাজ কোঁৱৰে কয় যে – আমি জনজাতিকৰণ নোপোৱা পৰ্যন্ত ধাৰাবাহিক ভাৱে আন্দোলন কাৰ্যসূচীত চলাই যাব লাগিব আৰু এই কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচীৰ লগতে ৰাজনৈতিক কৰ্মসূচীয়ো চলাই যাব লাগিব।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কেউটা সংগঠনৰ পাঁছ শতাধিক সদস্যই ” ন’ এছ.টি., ন’ ৰেষ্ট “, ‘ ন’ এছ.টি., ন’ ভোট”, জাগিছে আহোম জাগিবই, জনজাতিকৰণ আমাক লাগিবই “, ” বিজেপি চৰকাৰ মুৰ্দাবাদ”, ” নৰেন্দ্ৰ মোদী হুচিয়াৰ “, “হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই ” ইত্যাদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। ইয়াৰ ওপৰিও অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আটাছুৰ উপদেষ্টা অনিল গগৈ, কাৰ্যকৰী সভাপতি দেবজিত গগৈ, সম্পাদক ভাস্কৰ বৰগোহাঁই, টাইপাৰ কাৰ্যকৰী সভাপতি ভৃগু হাটীমুৰীয়া, যুটীয়া সম্পাদক দ্বয় দীপজ্যোতি দুৱৰা, শোভন কোঁৱৰ, আহোম সেনাৰ জয়ন্ত গগৈকে ধৰি বহুকেইজন টাই আহোম সংগঠনৰ নেতাই প্ৰতিবাদী বক্তব্য প্ৰদান কৰে। কাৰ্যসূচীৰ অন্তত টাই আহোম সকলক শিঘ্ৰেই জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত কেউটা সংগঠনৰ সভাপতি, সম্পাদকৰ দ্বাৰা স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰতিবাদ স্থলীত উপস্থিত হোৱা উপ আৰক্ষী আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Related Articles