Breaking

পাকঘৰৰ এটা সৰু ভুলে আপোনাৰ স্বাস্থ্য ক্ষতি কৰিব! ঘৰতে শাক-পাচলি কটাৰ সময়ত সাৱধানতা অৱলম্বন কৰক…

0 18

বৰ্তমান সময়ত প্ৰতিজন ব্যক্তিয়ে স্বাস্থ্য ক্ষেত্ৰত অধিক সচেতন হৈ আহিছে, লগতে খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিছে।আমি সুস্থ হৈ থাকিবলৈ নিয়মিতভাৱে ব্যায়াম কৰোঁ। কিন্তু আপুনি জানেনে যে আপোনাৰ পাকঘৰত থকা এটা সৰু বস্তুৱে আপোনাৰ স্বাস্থ্যৰ ক্ৰমান্বয়ে ক্ষতি কৰিব পাৰে!

শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে আমি প্ৰায়ে শাক-পাচলি আৰু ফল-মূল কাটিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ চপিং বৰ্ড আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। প্লাষ্টিক চপিং বৰ্ড সাধাৰণতে পলিইথাইলিন বা পলিপ্ৰ’পাইলিন আদি প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হয়। আমি যেতিয়া এই ফলকবোৰত কটাৰীৰে বস্তু কাটি লওঁ তেতিয়া মাইক্ৰ’প্লাষ্টিক নামৰ সৰু সৰু প্লাষ্টিকৰ টুকুৰাবোৰ ওলাই আহি আমাৰ খাদ্যৰ লগত মিহলি হৈ পৰে।


মাইক্ৰ’প্লাষ্টিক আমাৰ শৰীৰত প্ৰৱেশ কৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অধ্যয়নত দেখা গৈছে যে মাইক্ৰ’প্লাষ্টিকে পাচনতন্ত্ৰৰ ক্ষতি কৰিব পাৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰিব পাৰে আনকি কৰ্কট ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে।

প্লাষ্টিকৰ চপিং বৰ্ডৰ বিপদৰ পৰা কেনেকৈ হাত সাৰিব পাৰি-

প্লাষ্টিক চপিং বৰ্ড সময়ৰ লগে লগে বেয়া হৈ যায় আৰু অধিক মাইক্ৰ’প্লাষ্টিক মুক্ত কৰিবলৈ আৰম্ভ কৰে। সেয়ে কেইমাহমানৰ মূৰে মূৰে চপিং বৰ্ডখন সলনি কৰিব লাগে।


আপোনাৰ চপিং বৰ্ডখন গৰম পানী আৰু চাবোনেৰে ধুব। ভিনেগাৰ আৰু পানীৰ মিশ্ৰণো ব্যৱহাৰ কৰিব পাৰে।


শাক-পাচলি আৰু ফল-মূল কাটিলে ভালদৰে ধুই ক্ষতিগ্ৰস্ত বা নষ্ট হোৱা অংশ আঁতৰাই পেলাওক।

Leave A Reply