প্ৰবাহিত সময়ৰ আহ্বানত সৃষ্টি হয় ইতিহাস। সময়ৰ বুকুতেই অঙ্কিত হয় ইতিহাসৰ ছৱি আৰু যুগ যুগান্তৰলৈ সাক্ষী
হৈ ৰয়।
আজিৰ সমাজে কল্পনা কৰিব পৰাতকৈ বহু আগতেই ৰচিত হৈছিল অসমৰ ইতিহাস। থন ধৰি উঠিছিল বহু
উল্লেখযোগ্য স্থান। কালৰ সোঁত সেইবোৰ লয় পাইছিল। আকৌ বিশেষ সময়ত উদ্ধাৰ হৈছিল সেই ঐতিহাসিক স্থানৰ
অৱশেষৰ।
অসমৰ অন্যতম পৌৰাণিক স্থান তাম্ৰেশ্বৰ দেৱালয়ো ইতিহাসে ঢুকি নোপোৱা দিনতেই স্থাপিত হৈছিল।
অসমৰ দৰঙ জিলাৰ সদৰ মঙ্গলদৈ চহৰৰ পৰা ৩৬ কিলোমিটাৰ পশ্চিমে আৰু খৈৰাবাৰীৰ পৰা ৩-৪ কিলোমিটাৰ
পূৱলৈ ওদালগুৰি জিলাৰ দেউৰীপাৰা গাৱত তাম্ৰেশ্বৰ নামৰ ঐতিহাসিক দেৱালয়খন অৱস্থিত। এক সুন্দৰ সেউজীয়া
নান্দনিক পৰিবেশেৰে আৱৰা এই অঞ্চলটো, বিশেষকৈ এই দেৱালয়ৰ খনৰ জৰিয়তে বহিৰ্জগতৰ ওচৰত চিনাকী হৈ পৰিছে।
অসমৰ ৰাজধানী গুৱাহাটী চহৰৰ পৰা ইয়াৰ দূৰত্ব ৫২ কিলোমিটাৰ।
আজিৰ পৰা প্ৰায় হাজাৰ বছৰ আগতেই এই দেৱালয় প্ৰতিষ্ঠা হয় বুলি অনুমান কৰা হৈছে। অসমৰ ইতিহাস আৰু
ঠায়ে ঠায়ে উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক তথ্য-প্ৰমাণ সমূহৰ পৰা এই কথা অনুধাৱন কৰা যায় যে প্ৰাচীন কালৰে পৰা অসমত
(যদিও সেই সময়ত অসম নাছিল) শিৱ আৰু শক্তিৰ আৰাধনাৰ লগতে ভিন ভিন দেৱ-দেৱীৰ পূজা আৰাধনা আদিৰ যথেষ্ট
প্ৰভাব আছিল আৰু তাৰেই ফল স্বৰূপে ঠায়ে ঠায়ে সৰু বৰ মঠ-মন্দিৰ, উপাসনা স্থলী নিৰ্মাণ কৰা হৈছিল। তাম্ৰেশ্বৰ মন্দিৰো
নিশ্চয় ইয়াৰ ব্যতিক্ৰম নাছিল।
ৰামায়ণ আৰু মহাভাৰতত প্ৰাগজ্যোতিষপুৰৰ বিষয়ে উল্লেখ থকালৈ চাই খ্ৰীষ্টাব্দ প্ৰথম শতিকা বা তাৰো আগৰে
পৰা অসমত মঠ-মন্দিৰ নিৰ্মাণ হৈছিল বুলি ভাবিব পাৰি বা এইদৰেও ভাবিব পাৰি যে খ্ৰীষ্টীয় প্ৰথম শতিকাৰ বহু আগতেই
এই অঞ্চলত থকা ভিন ভিন সভ্যতাৰ ফলত নগৰ-চহৰ গা কৰি উঠিছিল। কালৰ সোঁতত তাৰে বহুতো হয়তো ধ্বংস হ’ল
আৰু প্ৰমাণস্বৰূপে আমি আজি তাৰ ভগ্নাৱশেষ সমূহহে দেখিবলৈ পাইছো।
প্ৰত্নতত্ত্ব বিভাগৰ জৰীপ আৰু তথ্য অনুসৰি তাম্ৰেশ্বৰ দেৱালয়ৰ চৌহদত উদ্ধাৰ হোৱা ভগ্নাৱশেষ সমূহ ১১শ-১২শ
খ্ৰীষ্টাব্দত নিৰ্মিত কোনো স্থাপত্যৰ সাক্ষী। এই স্থানত উদ্ধাৰ হোৱা ভগ্নাৱশেষ আৰু তাত থকা শিল্পকৰ্ম সমূহেই তাৰ উদাহৰণ।
একে সময়তে তথাপিও তাত উদ্ধাৰ হোৱা কিছু ভাস্কৰ্য আৰু শিল্প কৰ্মৰ পৰা এই ঠাই আৰু পুৰণি বুলি ভবাৰো থল আছে। এই
দেৱালয়ৰ বিষয়ে পোৱা তথ্য, নানা শিল্পকৰ্ম, ভগ্নাৱশেষ আৰু তাত থকা ভাস্কৰ্য সমূহৰ অধ্যয়ন কৰি এটা সিদ্ধান্তলৈ আহিব
পাৰি যে এসময়ত ইয়াত এক বিশাল স্থাপত্য আৰু এক উন্নত মানৰ সাংস্কৃতিক কেন্দ্ৰ আছিল। ইতিমধ্যে ইয়াত উদ্ধাৰ হোৱা
কিছুসংখ্য শিল্পকৰ্ম ৰাজ্যিক সংগ্ৰহাললৈ স্থানান্তৰ কৰি সংৰক্ষণ কৰা হৈছে আৰু কিছু কিছু ভগ্নাৱশেষ বা আন শিল্পকৰ্ম
স্হানীয়ভাবে সংগ্ৰহালয় সজাই প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।
আহোম স্বৰ্গদেউৰ সকলৰ পৃষ্ঠপোষকতাত সেই সময়ৰ অসমৰ বহু দৌল দেৱালয়ৰ উ্ন্নয়ন সাধন কৰা হৈছিল।
ধ্বংসপ্ৰাপ্ত বহু দেৱালয় পুনৰ্নিৰ্মাণ কৰা হৈছিল। দেৱালয়ত থকা তাম্ৰপত্ৰত উল্লেখ থকা মতে ১৭০৮ খ্ৰীষ্টাব্দত আহোমৰজা
গৌৰীনাথ সিংহই এই দেৱালয়লৈ ৯৬০বিঘা মাটি দান কৰে।
অনুমান কৰা মতে, অতীজতে এই স্থানত এক মন্দিৰ বা দেৱালয় আছিল। মূলত এই দেৱালয়ত শিৱৰ আৰাধনা
কৰা হৈছিল আৰু মন্দিৰৰ গভীৰ গৰ্ভগৃহত শিৱলিংগ প্ৰতিস্থিত আছিল। সেই অনুমান আৰু আৰ্হি অনুসৰিয়েই বৰ্তমান নকৈ
নিৰ্মাণ কৰা মন্দিৰৰ গৰ্ভগৃহও গভীৰ। আজিও একেদৰে গৰ্ভগৃহত শিৱৰ পূজা অৰ্চনা হয়। মন্দিৰৰ গৰ্ভগৃহ গৰ্ভগৃহতেই
শিৱলিঙ্গৰ লগতে একে স্থানৰ উদ্ধাৰ হোৱা অন্যান্য দেৱদেৱীৰ ভাস্কৰ্যও সংগ্ৰহিত হৈ আছে। সংগ্ৰহিত ভাস্কৰ্যৰ ভিতৰৰ
গণেশ, দূৰ্গা, বিষ্ণু আদিয়েই প্ৰধান।
আন আন ভাস্কৰ্যৰ সৈতে উদ্ধাৰ হোৱা এটি বিশেষ ধৰণৰ ভাস্কৰ্যই তাম্ৰেশ্বৰ দেৱালয়ৰ বিষয়ে কিছু কথা দকৈ
ভাবিবলৈ প্ৰেৰণা যোগায়। এই ক্ষুদ্ৰাকৃতিৰ ভাস্কৰ্যটো বহুতে এক শিৱলিঙ্গ বুলি দাবী কৰিছে। দেখাত ই এক সৰ্পবেষ্টিত
শিৱলিঙ্গ। এটুকুৰা শিলত কটা মূল লিঙ্গটোৰ চাৰিওফালে ফণা মেলি থকা কেইডাল মান সাপৰ আকৃতি প্ৰত্যক্ষ কৰা হয়।
অসমৰ আন আন ঠাই উদ্ধাৰ হোৱা ভাস্কৰ্যক সৈতে ইয়াৰ কিছু প্ৰভেদ আছে। আনহাতে এই শিল্পকৰ্ম আনবোৰৰ দৰে মসৃণ
নহয়। হয়তো বহুদিন মাটিৰ তলত পোত খাই থকা বাবে ইয়াৰ মসৃণতা হ্ৰাস পাব পাৰে নাইবা কোন অপৈণত শিল্পীয়ে ইয়াৰ
পূৰ্ণ ৰূপ দিবলৈ চেষ্টা কৰাৰ বাবে ই অশোধিত ৰূপতেই ৰৈ গ’ল। ই কোনো জনজাতীয় শিল্পকৰ্মৰো নিদৰ্শন হব পাৰে। যদি
সেয়েই হয় তাম্ৰেশ্বৰ দেৱালয়ত চৌহদত ধ্বংসপ্ৰাপ্ত হোৱা স্থাপত্য সম্পৰ্কে সকলো কথা নকৈ ফঁহিয়াই চোৱাৰ প্ৰয়োজন হব।
আনহাতে মুল মন্দিৰৰ বাহিৰত অ’ত ত’ত সিঁচৰতি হৈ পৰি আছে নানান শিল্পকৰ্মৰ ভগ্নাৱশেষ। তাৰে কিছু সম্পূৰ্ণ
আৰু কিছু অপূৰ্ণ। ভাবিব পাৰি হয়তো কোনো বিশেষ কাৰণত কাম সম্পূৰ্ণ নকৰাকৈয়ে শিল্পীসকল তাৰপৰা আঁতৰি যাব
লগীয়া হ’ল নাইবা কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলক নিৰ্মিয়মাণ অৱস্থাতেই এই স্থাপত্য কালৰ সোঁতত জাহ গ’ল, যাৰ ফলত
কিছু শিল্পকৰ্ম অসম্পূৰ্ণ হৈয়েই ৰ’ল।
স্থানীয় লোকৰ ভা্ষ্যমতে, কিছুবছৰ আগতে একে স্থানতে নতুনকৈ মন্দিৰ নিৰ্মাণ কৰাৰ বাবে খনন কাৰ্য চলোৱাৰ
সময়ত ভূ-পৃষ্ঠৰ নিচেই তলতে কিছু পৌৰাণিক স্থাপত্যৰ ভগ্নাৱশেষ উদ্ধাৰ হৈছিল। পিছলৈ সংশ্লিষ্ট বিভাগক এই বিষয়ে
অৱগত কৰা হয় যদিও উদ্ধাৰ কাৰ্য এতিয়ালৈকে সীমিত কৰি ৰখা হৈছে। অদূৰ ভবিষ্যতে হয়তো ইয়াৰ কাম আগবাঢ়িব
আৰু আমি নতুন নতুন কথা জানিবলৈ পাৰিম।
একালত ঐতিহাসিক প্ৰাগজ্যোতিষপুৰৰ লগতে দৰঙ ৰা্জ্যৰ গৰিমাও সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল তেনে ক্ষেত্ৰত
তাম্ৰেশ্বৰৰ দৰে ঠাইত উচ্চ পৰ্যায়ৰ গৱেষণা কৰাৰ থল আছে, যিয়ে সমগ্ৰ পৃথিৱীবাসীক পুনৰবাৰ দৰং জিলাৰ গৌৰৱময়
ইতিহাসৰ বিষয় অৱগত কৰাবলৈ সক্ষম হব।
স্থানীয় লোকৰ মতে এতিয়াৰ পৰা তিনি-চাৰি দশক আগতে এই স্থান ঘন অৰণ্যৰে আৱৰা আছিল। আশে-পাশে
আছিল জনজাতীয় লোকসকল বিশেষকৈ বড়ো জনগোষ্ঠীৰ লোকসকল। এই মন্দিৰত উদ্ধাৰ হোৱা ভাস্কৰ্য কিছুমানত
জনজাতীয় শিল্পকৰ্মৰো প্ৰভাৱ দেখা যায়।
সুন্দৰ প্ৰাকৃতিক পৰিবেশেৰে আবৰা মন্দিৰৰ চৌহদত সোমালেই এক নীৰৱতাই বিৰাজ কৰা পৰিলক্ষিত হয়।
শিলিখা আদি ডাঙৰ ডাঙৰ গছৰ ছাঁয়াই গোটেই পৰিবেশটো শীতলাই ৰাখে। মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ বাহিৰত বাওঁফালে
পথৰ দাঁতিতেই কিছু ভগ্নাৱশেষ সজাই ৰখা হৈছে। চৌহদটোৰ সন্মুখভাগত পকী দেৱাল নিৰ্মাণ কৰা হৈছে যদিও পিছফালে
মাত্ৰ কাঁটাতাঁৰৰ বেৰ দি ৰখা হৈছে। চৌহদৰ পৰা মন্দিৰলৈ সোমাব পৰাকৈ ইটাৰে পদপথ নিৰ্মাণ কৰা হৈছে। মুল তোৰণ পাৰ
হৈ অলপ আগলৈ পথটি সোঁফাললৈ ঘূৰি দুভাগ হৈ এভাগ মন্দিৰলৈ আৰু আনভাগ অতিথিশালালৈ গৈছে। উল্লেখয়োগ্য যে
দূৰণীবটীয়া যাত্ৰী আৰু পৰ্যটকৰ বাবে এই দেৱালয়ত এটা অতিথিশালাৰ ব্যৱ্স্থা আছে। এই পদপথৰ দুয়োফালে কিছু
ভগ্নাৱশেষ বা অতীতৰ শিল্পকৰ্ম মুক্ত আকাশৰ তলত উন্মুক্ত ভাবে ৰাখি থোৱা হৈছে। এইদৰে বৰষুণত তিতি ৰ’দত শুকাই
যোৱাৰ লগতে ধূলি বালিৰ আঘাতক এই সুন্দৰ শিল্পকৰ্মসমূহ যে খুউব কম সময়তে ধ্বংস হব সেই কথা সহজেই অনুমেয়।
ইতিমধ্যে একেবাৰে সুক্ষ্ম কামবোৰ প্ৰায় নষ্ট হৈ গৈছে।
বাওঁফালে এখন সৰু টিনৰ চালি সজাই তাতে এটা গনেশৰ বিগ্ৰহ স্থাপন কৰাৰ লগতে কিছু ভগ্নাৱশেষ অপ্ৰণালীবদ্ধ
ভাবে সংৰক্ষণ কৰা হৈছে।
আন আন দেৱালয়ৰ সমূহৰ দৰেই তাম্ৰেশ্বৰ দেৱালয় চৌহদতো আছে এক বিশাল নিৰ্মল পানীৰ পুখুৰী। দেৱালয়ৰ
সকলো মাঙ্গলিক কাম কাজৰ বাবে এই পুখুৰীৰ পানী ব্যৱহাৰ কৰা হয়। শতিকা পুৰণি এই পুখুৰীৰ পানী একেবাৰে ফটফটীয়া
আৰু তলিলৈকে দেখা যায়। মন্দিৰৰ সোঁফালে সুবিশাল পুখুৰী আৰু এই পুখুৰীৰ পাৰতেই কিছু বছৰ আগতে নিৰ্মিত প্ৰত্নতত্ত্ব
বিভাগৰ সংগ্ৰহালয় আৰু আগলৈ এটা জিৰণি চ’ৰা। এই সংগ্ৰহালয় দৰ্শনাৰ্থীৰ বাবে প্ৰতিদিনেই মুকলি কৰি ৰখা হয়।
সংগ্ৰহালয়ত সংগ্ৰহিত ভগ্নাৱশেষ আৰু ভাস্কৰ্যসমূহৰ ভিতৰত বিভিন্ চক্ৰ, সৰু সৰু মানৱ প্ৰতিকৃতি, নৰ্তকীৰ প্ৰতিকৃতি,
মন্দিৰ খুঁটাৰ বিভিন্ন অংশ আদি। মাত্ৰ কেইবছৰমানৰ আগতে নিৰ্মাণকৰা সংগ্ৰহালয়টোৰ বৰ্তমানৰ অৱস্থা বৰ সন্তোষজনক
নহয়। অতি সোনকালে মেৰামতিৰ ব্যৱস্থা নকৰিলে ভগ্নাৱশেষৰ তালিকাখন আৰু অলপ দীঘলীয়া হোৱাৰ সম্ভাৱনা নুই
কৰিব নোৱাৰি।
মন্দিৰ সোঁফালে গাতে লাগি থকা পুখুৰীটোৰ মাটিকালি প্ৰায় সাত বিঘা। তাহানিৰে পৰা মন্দিৰ পূজা-পাটল বা আন
কামৰ বাবে প্ৰয়োজনী পানী এই পুখুৰীৰ পৰা ব্যৱহাৰ হৈছিল আৰু এতিয়াও তাৰ ব্যতিক্ৰম নহয়। এই বিশাল পুখুৰীটোত
অজস্ৰ পদুমফুলৰ লগতে অনেক জলজ উদ্ভিদ পোৱা যায়। পদুম আৰু ভেট ফুলৰ লগতে বহু চিনাকী অচিনাকী ফুলেৰে
জকমকাই থকা পুখুৰীটোলৈ জাৰকালি যথেষ্ট সংখ্যক পৰিভ্ৰমী চৰাইৰ আগমন হয়।
এক শান্ত আৰু নিৰিবিলি পৰিবেশে আৱৰি থকা তাম্ৰেশ্বৰ দেৱালয় চৌহদ চিত্ৰ আৰু আলোকচিত্ৰ শিল্পী সকলৰ বাবেও
এক আকৰ্ষণীয় স্থান।
মূলত দেৱাদিদেৱ শিৱৰ আৰাধনা স্থা হলেও গোটেই বছৰটোৰ ভিন ভিন সময়ত এই স্থানত কেইবাটাও উৎসৱ
পালন কৰা হয়। অসমীয়া দিনপঞ্জী মতে বহাগৰ ৫ তাৰিখে উদ্যাপন হোৱা দেউলৰ পৰাই বছৰটোৰ অনুষ্ঠান সমূহ আৰম্ভ
হোৱা বুলি ধৰিব পাৰি। একে মাহতেই বুদ্ধ পূৰ্ণিমাও ইয়াত পালন কৰা হয়। মূল উৎসৱ শিৱৰাত্ৰি।
ইয়াৰ উপৰিও এই দেৱালয়ত আহাৰ মাহত অম্বুবাচী, ভাদ মাহত জন্মাষ্টমী, বিশ্বকৰ্মা পূজা, কাতি মাহত নিয়মীয়া
ভাগৱত পাঠ, মাঘ মাহত গায়ত্ৰী যজ্ঞ, প্ৰতি পূৰ্ণিমাতে নিয়মীয়া নাম-প্ৰসংগ আদিৰ আয়োজন কৰা হয়। দেৱালয়ৰ পূজা-
পাৰ্বণ আদিত কোনোধৰণৰ বলি বিধান নহয়।
আন যিয়েই নহওঁক, তাম্ৰে্শ্বৰ দেৱালয় চৌহদত উদ্ধাৰ হোৱা সৰু বৰ ভগ্নাবশেষ সমূহৰ পৰা সাধাৰণ ভাবেই এটা
ধাৰণা কৰিব পাৰি যে, দূৰ অতীতত এই ঠাইত এটা সুন্দৰ শিল্পকৰ্মৰে সমৃদ্ধ বিশাল স্থাপত্য আছিল। আছিল এক অতি উন্নত
সাংস্কৃতিক কেন্দ্ৰ। কিন্তু দূৰ্ভাগ্য এয়ে যে বৰ্তমান মাত্ৰ কেইটামান ভগ্নাৱশেষৰ বাহিৰে এই গৌৰৱময় স্থানৰ কোনো তথ্যই
পাবলৈ নাই। নাই কোনো জীৱন্ত সাক্ষী। তথাপি যদি ধৰি লোৱা হয় অনুমানেই অধ্যয়নৰ আধাৰ, তেনেহ’লে জনমানসত
প্ৰচলিত বিভিন্ন অনুমানৰ ওপৰত ভিত্তি কৰি হলেও কিছু কথা ফঁহিয়াই চাব পাৰি।
মুঠতে দৰঙ জিলা তথা অসমৰ ইতিহাসত তাম্ৰেশ্বৰ দেৱালয়ৰ অহিৰণা যথেষ্ট আছে সেয়া সহজেয় অনুমেয়।
তখাপিও প্ৰণালীবদ্ধ গৰেষণা আৰু অধ্যয়নে অধিক তথ্য পোহৰলৈ আনিব আৰু নতুন প্ৰজন্মক ইতিহাসৰ প্ৰতি অধিক
আকৰ্ষিত কৰিব। আনহাতে, এই ইতিহাস প্ৰসিদ্ধ অঞ্চলটোৰ উন্নয়নে অসমৰ পৰ্যটন উদ্যোগৰ ক্ষেত্ৰতো কিছু বিকাশ সাধন
কৰিব।