Breaking

তামুলপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ হোম -যজ্ঞ স্থগিত

0 2,043

কৰুণা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত বাঘেশ্বৰী থানৰ হোম যজ্ঞ

তামুলপুৰ মহকুমা সদৰৰ প্ৰায় ৫৭২ বছৰ পুৰণি ডিমিলাপাৰৰ ঐতিহাসিক শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ বাৰ্ষিক হোম-যজ্ঞ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে ।

সৰ্বসিদ্ধিদাতা ৰূপে পৰিচিত এই থান খনত অহা ২৬ আৰু ২৭ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক হোম- যজ্ঞ অনুষ্ঠিত হোৱাৰ কথা আছিল।

সমগ্র বিশ্বজুৰি দেখা দিয়া ক’ভিড-১৯ মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি
শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থান পৰিচালনা সমিতিয়ে বাৰ্ষিক হোম-যজ্ঞ স্থগিত ৰাখিছে।

উল্লেখযোগ্য যে এই ঐতিহাসিক থান খনত প্ৰতিবছৰে অনুষ্ঠিত হোৱা বাৰ্ষিক হোম যজ্ঞত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তই আহি ভিৰ কৰা দেখা যায়।

Leave A Reply

Your email address will not be published.