Breaking

বঢ়মপুৰৰ চৌদিশ ‘ৰেমাল’ত তচনচ! বিদ্যুৎ যোগান ব্যাহত, গছ-গছনি পৰি পথ যোগাযোগ বিছিন্ন; আতংকিত জনসাধাৰণ…

0 40

বিগত কিছুদিন ধৰি উৎকট গৰমত দিশহাৰা হৈ পৰা সৰ্বসাধাৰণ ৰাইজে শেহতীয়াকৈ স্বস্তিৰ নিশ্বাস পেলাইছে যদিও এইবাৰ সামুদ্ৰিক ঘূর্ণী বতাহ ‘ৰেমাল’ৰ লগতে ধাৰাসাৰ বৰষুণৰ ফলত দিক বিদিক হেৰুৱাই পেলাইছে অসমৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাবাসীয়ে। বংগোপসাগৰৰ পৰা অহা ৰেমাল ঘূর্ণীৰ প্ৰভাৱত ইতিমধ্যে দিশহাৰা হৈ পৰিছে পশ্চিমবংগ, অসমৰ বিভিন্ন স্থানৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলসমূহ। ঘণ্টাত ১৩৫ কিলোমিটাৰতকৈ অধিক বেগেৰে বলা এই ধুমুহাই যেনেদৰে ইতিমধ্যে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিলে আজিৰ দিনটোতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি কৰিলে নগাঁও জিলাকে ধৰি নিকটৱৰ্তী জিলা সমূহতো।বিশেষকৈ কালি দিনটোত পুৱা প্ৰায় ৫ বজাৰ পৰাই ধুমুহাই তাণ্ডৱ চলাই গ’ল বিয়লি পৰ্যন্ত। খবৰ পোৱা অনুসৰি, প্ৰচণ্ড ধুমুহাই তচনচ কৰি পেলাইছে নগাঁও জিলাৰ বিভিন্ন অঞ্চল। বিশেষকৈ নগাঁও চহৰৰ নিকটৱৰ্তী অঞ্চলৰ লগতে বৃহত্তৰ বঢ়মপুৰৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ঘূর্ণী বতাহৰ কবলত পৰি বহু লোকৰ টিনপাত উৰি যোৱাৰ উপৰি ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ গছ-গছনি উভালি বা ভাগি পৰি বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে।

আনহাতে, বহু লোকৰ শাক-পাচলি, ফল-মূল আদিৰ বিস্তৰ ক্ষতিসাধন হয়। জানিব পৰা মতে, নগাঁও চহৰৰ উপৰি ডিমৰুগুৰি , উৰিয়াগাঁও, ভোটাইগাঁও, পাঠৰী, পোটনি, ননৈ, কঢ়ালিগাঁও, কৰৈয়নী, পলাশনি, পহুকটা, গধৰীয়া, বঢ়মপুৰ, চলচলি, বামুণী, বৰবাৰী, কন্দলী, চাপানালাকে ধৰি বৃহত্তৰ অঞ্চলবোৰত বহু ক্ষতিসাধন হোৱাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে, ধুমুহাত কঠীয়াতলীৰ ৰেংবেং প্ৰাথমিক বিদ্যালয়ৰ ওপৰত এডাল প্ৰকাণ্ড গছ উভালি পৰাত কথমপিহে শিক্ষক-শিক্ষাৰ্থীসকল ৰক্ষা পৰে। সেইদৰে, উৰিয়াগাঁওস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয় গৃহৰ টিনপাত উৰুৱাই লৈ যায়। ইফালে, বঢ়মপুৰৰ নিকটৱৰ্তী জলাহগাঁৱৰ পথৰ কাষতে থকা ৰেইছুল হক নামৰ দোকানীজনৰ দোকানঘৰৰ ওপৰতে এডাল গছ উভালি পৰাৰ ফলত বামুণী -চলচলি সংযোগী পথ এই বাতৰি যুগুতোৱা পৰ্যন্ত বন্ধ হৈ আছে । সেইদৰে পুৱা ভাগতেই গোমোঠাগাঁও-বঢ়মপুৰ সংযোগী পথতো গছ বাগৰি পৰাৰ ফলত মূল পথটোৰ যাতায়াত বহু সময় ধৰি ব্যাহত হৈ পৰে আৰু পাছত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ সহযোগত পুনৰ পথ মুকলি কৰা হয়। একেদৰে ভেৰভেৰী-চলচলি সংযোগী পথৰ মাজতে এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাত এই পৰ্যন্ত যাতায়াত বিচ্ছিন্ন হৈ আছে। পহুকটা, নাম কৰৈয়নীতো গছ-গছনি বৈদ্যুতিক তাঁৰতে পৰাত বিদ্যুৎ বিভাগৰ লোকে স্থানীয় লোকৰ সহযোগত মুকলি কৰাত ব্যস্ত হৈ পৰিছে। সেইদৰে, জলাহগাঁৱৰ ভাস্কৰ শইকীয়াৰ ঘৰতো এডাল প্ৰকাণ্ড চেগুন গছ বাগৰি পৰাত পৰিয়ালটো কথমপিহে ৰক্ষা পৰে।

ইফালে, প্ৰচণ্ড উত্তাপৰ বাবে কালিৰে পৰা চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সূচী আগুৱাই দিয়াত আজি দ্বিতীয় দিনটোতে ঘূর্ণী বতাহৰ বাবে সকলো শিক্ষানুষ্ঠান নগাঁও জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰে। আজি দিনৰ ভাগৰ দৰে ৰাতিলৈকো বা কাইলৈকো এনে পৰিস্থিতি হোৱাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ৰেড এলাৰ্ট জাৰি কৰি কাইলৈ শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে, আনহাতে সৰ্বসাধাৰণ লোকসকলো আতংকিত হৈ পৰিছে। উল্লেখ্য যে, বৰষুণৰ আহ্বান জনায় দেওবাৰে বঢ়মপুৰত ৰাজহুৱাভাৱে ভেকুলী বিয়া পতাৰ পাছৰে পৰা কাকতালীয়ভাবে বৰষুণ হোৱা দেখা গৈছে আৰু বৰষুণৰ পানীয়ে খাল-ডোং ভৰি পৰাত কৃষিজীৱী ৰাইজে এক প্ৰকাৰ স্বস্তিৰ নিশ্বাস এৰিছে।

Leave A Reply

Your email address will not be published.