Tea Workers Protest for Bonus: চাহ শ্ৰমিকৰ প্ৰতিবাদত বন্ধ হৈ পৰিছে ডিব্ৰুগড়ৰ কেইবাখনো চাহ বাগিচাৰ কাম

ডিব্ৰুগড়, ২৫ ছেপ্টেম্বৰ: নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে চাহ বাগিচাই বাগিচাই চাহ শ্ৰমিকসকলে(Tea Workers Protest for Bonus) ৷ কিয়নো সমাগত দুৰ্গা পূজা ৷ দুৰ্গা পূজাৰ বাবে সকলোৱে চলাইছে ব্যাপক প্ৰস্তুতি ৷

শাৰদীয় দুৰ্গা পূজা সমাগত হ’লেই বোনাচক কেন্দ্ৰ কৰি বৃদ্ধি হয় চাহ শ্ৰমিকৰ ক্ষোভ, অসন্তুষ্টি ৷ প্ৰতি বছৰৰ দৰেই এইবাৰ ডিব্ৰুগড়ত দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ(Dibrugarh Tea Gardens) ৷ দুৰ্গা পূজাৰ পূবেই ২০ শতাংশ বোনাচৰ দাবীত প্ৰতিবাদ কৰিছে বাগিচাৰ শ্ৰমিকসকলে ৷

কিন্তু চাহ বাগিচাসমূহত কতৃৰ্পক্ষই এটাৰ পিছত আন এটা অজুহাত দেখুৱাই ২০ শতাংশ বোনাচ দিবলৈ অমান্তি হৈছে ৷ ফলত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদত বন্ধ হৈ পৰিছে ডিব্ৰুগড়ৰ কেইবাখনো চাহ বাগিচাৰ কাম(Tea garden workers in Dibrugarh) ৷

মঙলবাৰে চাবুৱাৰ হাতীআলি চাহ বাগিচা(Hatiali Tea Estate in Chabua)ত সৃষ্টি হ’য় এক উত্তপ্ত পৰিৱেশৰ ৷ দেহৰ ঘাম মাটিত পেলাই হাড় ভঙা শ্ৰম কৰা শ্ৰমিকসকলে উপযুক্ত বোনাচৰ দাবীত ওলাই আহি হাতীআলি চাহ বাগিচা উত্তপ্ত কৰি তোলে ৷ বাগিচা কতৃৰ্পক্ষই প্ৰদান কৰিব বিচৰা ১৫ শতাংশ বোনাচ কোনোপধ্যেই মানি ল’ব বিচৰা নাই শ্ৰমিকসকলে(Bonus payments) ৷ তাৰ বিপৰীতে ২০ শতাংশ বোনাচৰ দাবীত অটল হৈ আছে চাহ শ্ৰমিকসকল ৷

আনহাতে, একেই পৰিৱেশ লাহোৱাল মটক চাহ বাগিচা(Lahowal Motok Tea Estate)তো দেখিবলৈ পোৱা যায় ৷ লাহোৱাল মটক চাহ বাগিচাতো শ্ৰমিকসকলে প্ৰতিবাদেৰে সৃষ্টি কৰ্ উত্তপ্ত পৰিস্থিতিৰ ৷শ্ৰমিকৰ সৈতে আলোচনা নকৰি বাগিচাৰ কতৃৰ্পক্ষই শ্ৰমিকসকলৰ একাউণ্টত ১৫ শতাংশ বোনাচৰ এটা অংশ ধন জমা কৰি দিয়াৰ পিছতেই শ্ৰমিকসকল ক্ষোভিত হৈ উত্তাল কৰি তোলে চাহ বাগিচা চৌহদ ৷

Related Articles