Breaking

Teacher’s indefinite class boycott : সমগ্ৰ অসমতে অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী শিক্ষক – শিক্ষয়িত্ৰীৰ…

47

শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে (Education Minister Ranoj Pegu )কস্তুৰবা গান্ধী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলক অযোগ্য ঘোষণা কৰাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে বিহালী কস্তুৰবা গান্ধী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী। সমগ্ৰ অসমতে অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী ( Protest ) ।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি অসম চৰকাৰৰ নিযুক্তি সভাত মুকলিকৈ কস্তুৰবা গান্ধী বিদ্যালয়ৰ (Kasturba Gandhi School ) শিক্ষক শিক্ষয়িত্ৰী সকলক অযোগ্য ঘোষণা কৰাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা কস্তুৰবা গান্ধী বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী। তাৰ ব্যতিক্ৰম নহয় বিহালী কস্তুৰবা গান্ধী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী (Teacher’s )।

আজিৰে পৰা অসমত থকা ৮১ খন কস্তুৰবা গান্ধী বিদ্যালয়ে অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিছে। শিক্ষক সকলৰ দাবী অতি সোনকালে সমগ্ৰ ঘটনা সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে এক স্পষ্টীকৰণ প্ৰদান কৰাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক এনেধৰণৰ অপমানজনক শব্দ প্ৰয়োগৰ পৰা বিৰত থাকক । শিক্ষক সকলে চৰকাৰে সমকামৰ বাবে সমহাৰৰ দৰমহা প্ৰদান নকৰাৰ লগতে চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবেও দাবী উত্থাপন কৰে ।

লগতে পঢ়ক : .IAF Fighter Plane Crashes: ৰাজস্থানৰ বৰমেৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

Comments are closed.