Breaking

Teachers day 2024: আজি শিক্ষক দিৱস: জানো আহক শিক্ষক দিৱসৰ তাৎপৰ্য

3,717

মহান দাৰ্শনিক, শিক্ষাবিদ, ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি তথা ভাৰত ৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৬২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেখেতৰ একাংশ শিক্ষাৰ্থী আৰু বন্ধুৱে তেওঁলোকক ৫ ছেপ্টেম্বৰত তেখেতৰ জন্মদিন উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল (Sarvepalli Radhakrishnan) । তেতিয়া তেখেতে কৈছিল, “মোৰ জন্মদিন উদযাপন কৰাৰ পৰিৱৰ্তে যদি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে ই মোক সুখী কৰিব(Teachers day2024) ।”

৫ ছেপ্টেম্বৰ,গুৱাহাটী : আজি শিক্ষক দিৱস (Teachers day 2024) । আজিৰ দিনটোতে সমগ্ৰ দেশজুৰি মহান দাৰ্শনিক, পণ্ডিত তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাবে পালন কৰা হয় (Second president of India) ।

এগৰাকী পণ্ডিত, ভাৰতৰ প্ৰথম গৰাকী উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৬২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেখেতৰ একাংশ শিক্ষাৰ্থী আৰু বন্ধুবৰ্গই ৫ ছেপ্টেম্বৰত তেখেতৰ জন্মদিনটো উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল (Birth anniversary of Radhakrishnan) । এই অনুমতিৰ অনুৰোধ শুনি তেখেতে কৈছিল, “মোৰ জন্মদিনটো উদযাপন কৰাৰ পৰিৱৰ্তে যদি ৫ ছেপ্টেম্বৰৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়, তেন্তে ই মোৰ বাবে এক সৌভাগ্য হ’ব ।”

ইয়াৰ পিছতে ১৯৬২ চনৰ পৰা তেখেতৰ জন্মদিন উপলক্ষ্যে প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে আমাৰ দেশত উদযাপন কৰা হয় (5th september Sarvepalli Radhakrishnan birth day) । তেখেতৰ এই কথাই ইয়াকে প্ৰতীয়মান কৰে এইগৰাকী মহান দাৰ্শনিক তথা শিক্ষাবিদৰ শিক্ষক সমাজৰ প্ৰতি কিমান শ্ৰদ্ধা আৰু ভক্তি ।

১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল । এইগৰাকী ভাৰতীয় দাৰ্শনিক আৰু ৰাজনীতিবিদে (Indian philosopher) ১৯৬২ ৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰ পূৰ্বে ১৯৫২ ৰ পৰা ১৯৬২ চনলৈকে তেখেতে ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল (First vice president of India) । ইয়াৰ উপৰি তেখেতে ১৯৪৯ ৰ পৰা ১৯৫২ চনলৈকে ছোভিয়েট ইউনিয়নত ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰদূতৰ দ্বায়িত্ব পালন কৰাৰ লগতে ১৯৩৯ ৰ পৰা ১৯৪৮ চনলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ (Banaras Hindu University) চতুৰ্থগৰাকী উপাচাৰ্যৰ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল ।

বিংশ শতিকাৰ ধৰ্ম আৰু দৰ্শনৰ অন্যতম এগৰাকী বিশিষ্ট পণ্ডিত ৰাধাকৃষ্ণনে ১৯২১ ৰ পৰা ১৯৩২ চনলৈ কলিকতা বিশ্ববিদ্যালয়ত ৰজা পঞ্চম জৰ্জৰ মানসিক আৰু নৈতিক বিজ্ঞানৰ আসনখন শুৱনি কৰিছিল । তাৰোপৰি ১৯৩৬ ৰ পৰা ১৯৫২ চনলৈ ইংলেণ্ডৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত পূৰ্ব ধৰ্ম আৰু নৈতিকতাৰ স্পালডিং আসনত অধিষ্ঠিত আছিল এইগৰাকী মনীষী ।

তেখেতে হিন্দু ধৰ্মক ‘অজ্ঞাত পাশ্চাত্য সমালোচনা’ বুলি কোৱাৰ বিৰুদ্ধে এক প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছিল । লগতে সমসাময়িক হিন্দু পৰিচয় গঠনত তেখেতৰ অৰিহণা আছিল গুৰুত্বপূৰ্ণ । তেখেতে ভাৰত আৰু পশ্চিমীয়া বিশ্বৰ মাজত হিন্দু ধৰ্মৰ ওপৰত সুন্দৰ এক বুজাবুজি গঢ়ি তোলাৰ লগতে ভাৰত আৰু পশ্চিমীয়া বিশ্বৰ মাজত এক সেতু নিৰ্মাতা হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

ৰাধাকৃষ্ণনে তেখেতৰ জীৱনকালত বহুকেইটা উচ্চ পৰ্যায়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ ভিতৰত মুখ্য হৈছে ১৯৩১ চনত নাইটহুড , ১৯৫৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন (Bharat Ratna Radhakrishnan) আৰু ১৯৬৩ চনত ব্ৰিটিছ ৰয়েল অৰ্ডাৰ অৱ মেৰিটৰ সন্মানীয় সদস্যপদ । তেখেতে ভাৰতৰ দৰিদ্ৰ বয়োজ্যেষ্ঠসকলৰ বাবে গঠন কৰা অনুষ্ঠান হেল্পেজ ইণ্ডিয়াৰ অন্যতম এগৰাকী প্ৰতিষ্ঠাপক আছিল ।

পূৰ্বৰ মাদ্ৰাজ প্ৰেছিডেন্সিৰ অন্তৰ্গত থিৰুট্টানিত তেলেগুভাষী এটা নিযোগী ব্ৰাহ্মণ পৰিয়ালত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল । সৰ্বপল্লী বীৰাস্বামীৰ ঔৰস আৰু সীতাৰ (সীতাম্মা) গৰ্ভত জন্ম হৈছিল এইগৰাকী মহান দাৰ্শনিক । তেখেতে প্ৰাথমিক শিক্ষা সাং কৰিছিল থিৰুট্টানিৰ কে ভি হাইস্কুলত । ইয়াৰ পিছতে ১৮৯৬ চনত তেখেতে তিৰুপতিৰ হাৰমেঞ্চবাৰ্গ ইভাঞ্জেলিকেল লুথেৰান মিছন স্কুল আৰু ৱালাজাপেটৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰে ।

তেখেতে উচ্চ শিক্ষাৰ বাবে পৰৱৰ্তী সময়ত ভেলোৰৰ ভুৰহিছ মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল । এফ এ (কলাৰ প্ৰথম বৰ্ষ) শ্ৰেণীৰ পিছত তেখেতে 16 বছৰ বয়সত মাদ্ৰাজ খ্ৰীষ্টান মহাবিদ্যালয়ত নামভৰ্তি কৰে । তেখেতে ১৯০৭ চনত এই মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে একেখন মহাবিদ্যালয়ৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰীও সমাপ্ত কৰে ।

সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতৰ স্নাতক ডিগ্ৰীৰ থেচিছখন “The Ethics of the Vedanta and its Metaphysical Presuppositions” বিষয়ত লিখিছিল । উল্লেখ্য যে,, ৰাধাকৃষ্ণণৰ থেচিছখন তেখেতৰ মাত্ৰ ২০ বছৰ বয়সতে প্ৰকাশ পাইছিল।

ৰাধাকৃষ্ণনে এক সফল শৈক্ষিক কেৰিয়াৰৰ পাছত জীৱনৰ শেষৰ ফালে তেখেতৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল । তেখেত ১৯২৮ চনত অন্ধ্ৰ মহাসভাত অংশগ্ৰহণ কৰা মহান ব্যক্তিসকলৰ মাজৰ এগৰাকী আছিল ।

১৯৪৭ চনত আমাৰ দেশে স্বাধীনতা লাভৰ পিছত ৰাধাকৃষ্ণনে ১৯৪৬ৰ পৰা ১৯৫২ চনলৈকে ইউনেস্কোত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল (UNESCO) আৰু পিছত ১৯৪৯ ৰ পৰা ১৯৫২ চনলৈ ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰিছিল । ভাৰতৰ সংবিধান সভালৈও নিৰ্বাচিত হৈছিল ৰাধাকৃষ্ণন । এইগৰাকী মহান মনীষীয়ে ১৯৭৫ চনৰ ১৭ এপ্ৰিলত শেষ নিশ্বাস ত্যাগ কৰিছিল ।

Comments are closed.