Breaking

অতিথিৰ চকুত চকুপানী! ‘কন্যাদন’ৰ অৰ্থ বুজালে নীতা আম্বানীয়ে…

0 45

অনন্ত ৰাধিকাৰ কন্যাদান অনুষ্ঠানৰ পূৰ্বে নীতা আম্বানীয়ে উপস্থিত সকলো অতিথিৰ সৈতে কথা পাতে।নীতাআম্বানীয়ে হিন্দু ধৰ্মৰ কন্যাদান অনুষ্ঠানৰ অৰ্থ বুজালে সকলোকে। নীতা আম্বানীৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমত। এই ভিডিঅ’টো ‘কন্যাদান’ অনুষ্ঠানৰ কেইমিনিটমান পূৰ্বে নীতা আম্বানীয়ে তেওঁৰ অতিথিসকলক হিন্দু ধৰ্মৰ এই পৰম্পৰাৰ বিষয়ে বিতংভাৱে জনাইছিল।

নীতা মুকেশ আম্বানীয়ে ক’লে- ‘এই সময়ত মই বৰ সুখী আৰু আৱেগিক। কাৰণ মোৰ হৃদয়ৰ দুটা টুকুৰা অনন্ত আৰু ৰাধিকা এতিয়া এক হ’বলৈ গৈ আছে। হিন্দু ধৰ্মত বিবাহ এক জীৱনৰ প্ৰতিশ্ৰুতি নহয়, সাত জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি। প্ৰতিটো জন্মতে আপুনি কোনোবা নহয় কোনোবা প্ৰকাৰে নিজৰ সংগী বিচাৰি পাব বুলি বিশ্বাস। আমি বিবাহ অনুষ্ঠানৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে আমি কৰিবলৈ লোৱা আটাইতকৈ বিশেষ অনুষ্ঠানটো হ’ল ‘কন্যাদান’। এই অনুষ্ঠানত কইনাৰ পিতৃ-মাতৃয়ে কন্যাৰ হাতখন দৰাক গতাই দিয়ে। মইও কাৰোবাৰ জীয়েক, মাক আৰু শাহুৱেক। গতিকে মই ভালদৰেই জানো যে কোনো পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ পৰা আঁতৰি যাব নোৱাৰে।

নীতা আম্বানীয়ে আৰু ক’লে- ‘কন্যাই পৃথিৱীৰ শ্ৰেষ্ঠ আশীৰ্বাদ। তেওঁক মাতৃ লক্ষ্মী হিচাপে দেখা যায়। ভাৰতীয় ভেণ্ডিং হৈছে সমতাৰ আটাইতকৈ ডাঙৰ উদাহৰণ। দৰা-কইনাৰ মাজত হওক বা দুয়োটা পৰিয়ালৰ মাজত হওক। শৈলা আৰু বীৰেণক ক’ব খুজিছোঁ যে আপুনি আমাক আপোনাৰ ছোৱালীজনী নিদিয়ে কিন্তু আপুনি এটা ল’ৰা আৰু এটা নতুন পৰিয়াল পাইছে। এতিয়াৰ পৰা অনন্ত আপোনাৰ যিমানেই ৰাধিকা এই পৰিয়ালৰ। আমি আপোনাক অন্তৰেৰে আদৰণি জনাইছো ৰাধিকা অনন্ত আম্বানী। নীতা আম্বানীৰ এই কথা শুনি তাত উপস্থিত বহু লোক আৱেগিক হৈ পৰিল আৰু চকুলো মচি থকা দেখা গ’ল।

Leave A Reply

Your email address will not be published.