Breaking

ধুবুৰীৰ গোলকগঞ্জত কিশোৰীক কু-কৰ্মকাৰীৰ আত্মসমৰ্পন…

0 15

অৱশেষত গোলকগঞ্জ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে ধৰ্ষণকাৰী আনোৱাৰ আলী। আজি নিশা আত্মসমৰ্পণ আনোৱাৰ আলী। এগৰাকী নাৱালিকা কিশোৰীক প্ৰেমৰ ছলনাৰে কেবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল লম্পট আনোৱাৰ আলীৰ বিৰুদ্ধে। যাৰ ফলত অন্ত:সত্বা হৈছিল কিশোৰী গৰাকী।

ঘটনাটো সংঘটিত হৈছে গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ প্ৰথম খন্ড গাঁৱত। গাওঁ খনৰ লম্পট যুৱক আনোৱাৰ আলীয়ে একে গাওঁৰে এগৰাকী নাৱালিকা তথা নৱম শ্ৰেণীৰ ছাত্ৰীক প্ৰেমৰ ছলনাৰে ধৰ্ষণ কৰে। ফলত নাৱালিকা গৰাকী দুমহীয়া অন্ত:সত্ত্বা হৈ পৰিছে।

কিশোৰী গৰাকীক অন্ত :সত্বা কৰি লম্পট যুৱক জনে আত্মগোপন কৰে। উপায়হীন হৈ কিশোৰী গৰাকীৰ মাতৃয়ে লম্পট যুৱক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। গোলকগঞ্জ আৰক্ষীয়ে ১৯১/২৪ নম্বৰত POCSO আইনৰ ৬/১৭ ধাৰাত গোছৰ ৰুজু কৰে। যদিও যোৱা নিশা অভিযুক্ত আনোৱাৰ আলীয়ে গোলকগঞ্জ থানাত আত্মসমৰ্পন কৰে।

ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলমৰ

Leave A Reply

Your email address will not be published.