Nude Video Call: এগৰাকী বিধায়কলৈ আহিল নগ্ন ভিডিঅ’ কল; ইয়াৰ পিছত কি কৰিলে বিধায়কে ?

নিউজ ডেস্ক, ১৯ অক্টোবৰ: এক চাঞ্চল্যকৰ ঘটনাত এগৰাকী বিধায়কে এটা নগ্ন ভিডিঅ’ কলৰ চিকাৰ হ’বলগীয়া হ’ল(Nude Video Call to MLA)। যৌন নিৰ্যাতনৰ অভিযোগেৰে ধন দাবী কৰাৰ আশংকাত বিধায়কগৰাকীয়ে লগে লগে কাষ চাপে আৰক্ষীৰ । আৰক্ষী বিভাগৰ চাইবাৰ ছিকিউৰিটি ব্যুৰোত দাখিল কৰিলে এখন এজাহাৰ ।

ঘটনাটো চলিত মাহৰ ১৪ তাৰিখে তেলেংগানাৰ কৰিমনগৰ জিলাৰ এগৰাকী বিধায়ক(Telangana MLA)ৰ লগত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । বিধায়কগৰাকীয়ে মাজনিশাৰ পিছত এটা অচিনাকি নম্বৰৰ পৰা অহা ভিডিঅ’ কলটো গ্ৰহণ কৰে । বিধায়কগৰাকীয়ে ভাবিছিল যে তেওঁৰ সমষ্টিৰ কোনো লোক বিপদত পৰিছে । সেইবাবেই লোকজনে ইমান গভীৰ নিশা সহায়ৰ বাবে তেওঁলৈ ফোন কৰিছে। লগে লগে ফোনটো তুলি বিধায়কগৰাকীয়ে মবাইলৰ স্ক্ৰীণত উলংগ অৱস্থাত এগৰাকী মহিলাক দেখি স্তম্ভিত হৈ পৰে(Video call scam)। ঘটনাটোক লৈ অস্থিৰ হৈ পৰা বিধায়কগৰাকীয়ে তৎক্ষণাত কলটো কাটি দিয়ে।

এইয়া বিধায়কগৰাকীৰ সুনাম কলংকিত কৰাৰ ইচ্ছাকৃত ষড়যন্ত্ৰৰ অংশ আছিল নেকি – তাক লৈ তেওঁ নিশ্চিত নহয়। লগতে এনে ভিডিঅ’ কলৰ দ্বাৰা যৌন নিৰ্যাতনৰ অভিযোগেৰে ধন দাবীৰ দৰে কাৰ্যকলাপত জড়িত হোৱাৰ আশংকাও প্ৰকাশ কৰে বিধায়কগৰাকীয়ে(Sextortion attempt) । এই ঘটনাৰ পিছতেই বিধায়কগৰাকীয়ে চাইবাৰ ছিকিউৰিটি ব্যুৰোত লিখিত অভিযোগ দাখিল কৰে । তাৰোপৰি ব্লেকমেইলিঙৰ সন্দেহত তেওঁ নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপ’ৰ্টিং প’ৰ্টেলকো ঘটনা সম্পৰ্কে অৱগত কৰে(Cybercrime)।

জানিব পৰা মতে, বৃহস্পতিবাৰে তেলেংগানা চাইবাৰ ছিকিউৰিটি ব্যুৰো (Telangana Cyber Security Bureau)কো লিখিত অভিযোগ দাখিল কৰিলে বিধায়কগৰাকীয়ে। টিজিচিএছবিয়ে এটা গোচৰ পঞ্জীয়ন কৰি সংশ্লিষ্ট নম্বৰটোৰ সন্ধান উলিয়াবৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Man kills wife and lover: অবৈধ সম্পৰ্কৰ সন্দেহত পত্নী আৰু প্ৰেমিকক হত্যা কৰি নিজেও কৰিলে আত্মহত্যা

Related Articles