Breaking

ব্ৰহ্মপুত্ৰ অঞ্চলৰ ওপৰ টেমেৰাট দিছৈ ভেলি বস্কিং প্ৰশিক্ষন কেন্দ্ৰ মুকলি

0 571

খেলৰ জৰিয়তে নিজকে বিশ্বদৰবাৰত পৰিচয় কৰি দিয়াৰ এক মহান উদেশ্য আগত ৰাখি দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ওপৰটেমেৰা ৰংগমঞ্চত আজি দিছৈ ভেলি বস্কিং প্ৰশিক্ষন কেন্দ্ৰ মুকলি হয়।সমাজকৰ্মী হৰিন চন্দ্ৰ লইংৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত সুদক্ষ প্ৰশিক্ষক মনেশ্বৰ বৰ্মন আৰু দিগন্ত নাথ উপস্থিত থাকে।

গোলোং টেমেৰা গাওপঞ্চায়তৰ সভানেত্ৰী জয়ন্তী লইঙে ফিতা কাটি উদ্বোধন কৰা প্ৰশিক্ষন কেন্দ্ৰটিৰ উদ্বোধনী সভাত জয়নাৰায়ন লইঙে আত ধৰে ।এই অনুষ্ঠানত সমাজকৰ্মী বিনয় বড়ি,বাদুলিপাৰ আঞ্চালিক ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ গগৈ,সাংবাদিক প্ৰনৱ চক্ৰৱৰ্ত্তী ,যোৰহাট কলেজৰ প্ৰবক্তা তৰুন চন্দ্ৰ লইং,বিমল পেগু আৰু মুলুক চন্দ্ৰ বড়ি,ধনঞ্জয় লইঙে ভাষন প্ৰদান কৰে ।অনুষ্ঠানটিত অঞ্চকটোৰ শতাধিক খেলুৱৈ আৰু ৰাইজ উপস্থিত থাকি দিছৈ ভেলি বস্কিং ক্লাবৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লয়।

Leave A Reply

Your email address will not be published.