দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ সাময়িক সকাহ ! অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ডাঙৰ সকাহ৷ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ৷

ইডি গোচৰত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে যদিও আপাততঃ জেলৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা নাই মুখ্যমন্ত্ৰীগৰাকী।

কাৰণ চিবিআইয়ে ইতিমধ্যে তেওঁক জেলত গ্ৰেপ্তাৰ কৰিছে। সেই গোচৰত তেওঁ এতিয়াও জেলৰ জিম্মাত আছে। ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা গোচৰটো আজি আদালতে সৰ্বোচ্চ বিচাৰপীঠলৈ প্ৰেৰণ কৰে।

আজি উচ্চতম ন্যায়ালয়ে কয় যে যোৱা ৯০ দিন ধৰি জেৰা অব্যাহত আছে। তেওঁ নিৰ্বাচিত প্ৰতিনিধি হিচাপে নিজৰ ভূমিকা পালন কৰে নে নকৰে সেয়া তেওঁৰ ওপৰত নিৰ্ভৰশীল।

Related Articles