Breaking

টীয়ক এফ আৰ ইউত স্থাপন হ’ব দহখন আই চি ইউ বিচনা। মেৰামতি হ’ব টীয়ক এফ আৰ ইউ…

0 49

টীয়কৰ একমাত্ৰ চিকিৎসাস্থলী টীয়ক এফ আৰ ইউত সংযোগ হ’ব ১০ খন বিচনা যুক্ত আই চি ইউ। ইতিমধ্যে ইয়াৰ বাবে নিবিদা সম্পন্ন হোৱা বুলি জনাই স্বাস্থ্যমন্ত্ৰীয়ে। ৩০খন বিচনাযুক্ত টীয়কৰ এফ আৰ ইউ খন বৰ্তমানে বহু সমস্যাৰে জৰ্জৰিত। বিশেষকৈ টীয়ক এফ আৰ ইউ এক্সৰে কক্ষ, প্ৰসূতি কক্ষ লগতে পুৰুষ আৰু মহিলা ৰোগী থকা কক্ষত বৰষুণ দিলেই অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হয়। বৰষুণৰ পানী পৰা বাবেই প্ৰয়োজনত এক্সৰে মেচিন ব্যৱহাৰৰ কৰিব নোৱাৰি।

এই সমস্যাৰ বিষয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীক সাংবাদিকে অৱগত কৰাত মন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাই এফ আৰ ইউ বৰষুণৰ পানী পৰা সমস্যাৰ বিষয়ে মন্ত্ৰী গৰাকীক অৱগত কৰোৱা লগতে ইয়াৰ সমাধানৰ বাবে এক প্ৰাককলন প্ৰস্তুত কৰি ইতিমধ্যে বিভাগক জমা দিয়া কথা জানিবলৈ দিয়ে। অতি কম দিনৰ ভিতৰতে এই সমস্যা সমাধান কৰা লগতে টীয়ক এফ আৰ ইউত স্থাপন কৰা অক্সিজেন প্লাণ্ট আই চি ইউ ৰ এটা অংশ বুলি জনায়। অতি সোনকালেই টীয়কবাসীয়ে চিকিৎসা ক্ষেত্ৰত এক ভাল খবৰ পাব বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। আনহাতে কাকজান স্বাস্থ্য কেন্দ্ৰখনো মেৰামতি কাম অতি সোনকালে আৰম্ভ হ’ব বুলি জনায় মন্ত্ৰী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.