Breaking

কাকপথাৰৰ কঁপাহতলি সেনা ছাউনিত চেপা উত্তেজনা, ১৪দিনৰ পূৰ্বে আলফাই নিক্ষেপ কৰা গ্ৰেণেড এটা অবিস্ফোৰিত অৱস্থাত উদ্ধাৰ…

0 65

দীৰ্ঘদিনৰ বিৰতিৰ পাছত জিলাখনত পুনৰ ২২নবেম্বৰত সংঘটিত উগ্ৰপন্থীৰ কূটাঘাতৰ এটা অবিস্ফোৰিত গ্ৰেনেড কালি সেনাই আলফাৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ কৰে । এই ঘটনাকলৈ কাকপথাৰৰ কঁপাহতলি সেনা ছাউনিত এক চেপা উত্তেজনাই বিৰাজ কৰে।ঘটনাৰ সবিশেষ মতে কাকপথাৰ অঞ্চলৰ সীমান্তৱৰ্তী ডিৰাক কঁপাহতলি সেনা চাউনীলৈ লক্ষ্য কৰি আলফাই যোৱা ২২ নবেম্বৰত নিক্ষেপ কৰিছিল দুটাকৈ গ্ৰেনেড । নিশা প্ৰায় ৭-৪০ বজাত এখন মটৰ চাইকেলেৰে বৰমেচাই দিশৰ পৰা ডিৰাক চাৰিআলি দিশে আহি থকা দুই আৰোহীয়ে সেনা চাউনীলৈ লক্ষ্য কৰি দুটাকৈ গ্ৰেণেড নিক্ষেপ কৰে যদিও তাৰে এটা গ্ৰেনেড লক্ষ্যভ্ৰষ্ট হৈ সেনা চাউনীৰ গাতে লাগি থকা বাসিন্দা কন্‌ঠেশ্বৰ চেতিয়াৰ বাসগৃহৰ সন্মুখত বিস্ফোৰিত হয় আৰু আনটো গ্ৰেনেড কণ্ঠস্বৰ চেতিয়াৰ গেৰেজৰ ওপৰত পৰি অবিস্ফোৰিত অৱস্থাতে ৰৈ যায় ।

এই কুটাঘাটৰ সন্দৰ্ভত কাকপথাৰ আৰক্ষীয়ে ৩ ডিচেম্বৰ তাৰিখে পৰাগ বড়া নামৰ এজন যুৱকক আটক কৰি চলোৱা জেৰাত উক্ত দিনা দুটা গ্ৰেনেড দলিওৱা হৈছিল বুলি মুখখোলাত তাৰ পিছৰে পৰা সেনা চাউনিত এক চেপা উত্তেজনা বিৰাজ কৰে ।কালি দিনৰ ভাগত সেনাই কন্‌ঠশ্বৰ চেতীয়াৰ চৌপাশ তন্ন তন্নকৈ পৰীক্ষা কৰাত চেতিয়াৰ গেৰেজৰ ওপৰৰ চালত গ্ৰেনেড এটা পৰি থকা প্ৰত্যক্ষ কৰি সেনাই বোমা বিশেষজ্ঞক খবৰ দিয়ে। সেনাৰ বোমা বিশেষজ্ঞৰ দল আহি নিশা গ্ৰেনেটো উদ্ধাৰ কৰি প্ৰায় ৯ বজাত বিস্ফোৰিত কৰাতহে এক দীৰ্ঘ সময়ৰ গ্ৰেনেড উত্তেজনাৰ যৱনিকা পৰে।

Leave A Reply

Your email address will not be published.