Breaking

ধুবুৰী সমষ্টিৰ ধৰ্মশালা গাওঁ পঞ্চায়তত বান সাহায্য নিদিয়াৰ বাবে উত্তপ্ত পৰিস্থিতি…

0 34

ধুবুৰী সমষ্টিৰ ধৰ্মশালা গাওঁ পঞ্চায়তত বান সাহায্য নিদিয়াৰ বাবে উত্তপ্ত পৰিস্থিতি।
লাট মণ্ডল হজৰত আলীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ


ধুবুৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ধৰ্মশালা গাওঁ পঞ্চায়তত বান সাহায্য নিদিয়াৰ বাবে লাট মণ্ডল হজৰত আলীৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ। চৰকাৰী নিয়ম মতে বান পানীৰ সময়ত ভুমি বিভাগৰ দ্বায়িত্বত থকা লাট মণ্ডল সকলে নিজৰ নিজৰ এলেকাৰ বান পৰিস্থিতিৰ চাৰ্ভে ৰিপ’ৰ্ট চক্ৰ বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগে। কিন্তু ধৰ্মশালা গাওঁ পঞ্চায়তৰ কেইবাখনো গাওঁ বানৰ কবলত সম্পূৰ্ণ ৰূপে ডুব গৈছে। দুখীয়া ৰাইজে বানৰ কবলত পৰি বিভিন্ন ধৰণৰ হাৰাশাস্থি ভোগ কৰি দিন কটাই আছে। আনপিনে ধৰ্মশালা গাওঁ পঞ্চায়তৰ দ্বায়িত্বত থকা লাট মণ্ডল হজৰত আলীক ৰাইজে বিচাৰি নাপায়।

মণ্ডল গৰাকী নিজৰ দ্বায়িত্ব পালন নকৰি আত্মগোপন কৰি আছে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে প্ৰতিবাদী ক্ষুব্ধ ৰাইজে। যোৱা কালি ধুবুৰী ৰাজহ চক্ৰ বিষয়া গৰাকী আহিছিল যদিও ৰাস্তায় ৰাস্তায় ঘুৰি ফুৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। অকল গাছপাৰা গাওঁ পঞ্চায়তত বান পানী হোৱা নাই ,ধৰ্মশালা গাওঁ পঞ্চায়তৰ গাওঁ সমূহ বানত ক্ষতিগ্ৰস্থ হৈছে । ধৰ্মশালা গাওঁ পঞ্চায়তৰ কছুৱাৰ খাস দ্বিতীয় খণ্ড, ধৰ্মশালা তৃতীয় খণ্ড ইত্যাদি গাওঁৰ ক্ষতিগ্ৰস্থ হোৱা ৰাইজৰ মাজত এদিনো উপস্থিত হোৱা নাই লাট মণ্ডল হজৰত আলীয়ে ।

মানুহে নাওঁৰে ,কলৰ ভুৰাৰে অহা যোৱা কৰি আছে। লাট মণ্ডল হজৰত আলীয়ে ঘৰতে বহি বানপানী হোৱা নাই বুলি চাৰ্ভে ৰিপৰ্ট দিয়াৰ বাবে ৰাইজে বান সাহায্যৰ পৰা বঞ্চিত হৈছে বুলি ৰাইজৰ অভিযোগ। অঞ্চলটোত যদি বান পানী হোৱা নাই তেন্তে গৰুৰ খাদ্য কিয় দিলে। ৰাইজে বান সাহায্যৰ পৰা বঞ্চিত হোৱাৰ একমাত্ৰ দায়বদ্ধ হৈছে ভুমি বিভাগৰ লাট মণ্ডল হজৰত আলী আৰু ধৰ্মশালা গাওঁ পঞ্চায়তৰ সচিব বুলি ৰাইজে অভিযোগ উত্থাপণ কৰি আজি ধৰ্মশালা গাওঁ পঞ্চায়ত কাৰ্যালয়ত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Leave A Reply

Your email address will not be published.