Breaking

শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…

0 46

কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে দুদুল চৌধুৰীয়ে
শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি
জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত এখন শিক্ষা প্ৰতিষ্ঠান শ্ৰীমন্ত শংকৰ একাডেমী। এই শংকৰ একাডেমীৰ গৰাকী হ’ল বহু বিতৰ্কিত ব্যৱসায়ী দুদুল চৌধুৰী। দুদুল চৌধুৰীয়ে দীৰ্ঘদিনৰ পৰা কণকণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ খেলি আহিছে হেতালি। যি কথা মঙলবাৰে উন্মোচন কৰিলে কামৰূপ জিলা পৰিবহণ বিষয়া হিমাংশু প্ৰসাদ দাসে। দুদুল চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তথা পৰিবহণ আইন ভংগ কৰি অতি বিপদসংকুলভাৱে আওপুৰণি বাছত ছাত্ৰ-ছাত্ৰীক স্কুললৈ অনা-নিয়া কৰি আহিছে । প্ৰথমে জানি লওঁ আহক এখন স্কুল বাছে কি কি চৰকাৰী গাইডলাইন মানি চলিব লাগে? পৰিবহণ বিষয়া হিমাংশু প্ৰসাদ দাসে জনোৱা মতে, স্কুল বাছ এখন চলিবলৈ হ’লে চিবিএছচিৰ কিছুমান নিয়ম মানি চলিব লাগে। তদুপৰি স্কুল বাছত এগৰাকী লেডী এটেনডেন্স থকাটো অত্যন্ত জৰুৰী। কিয়নো বাছখন চলি থকা সময়ত ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন অসুবিধা হ’ব পাৰে। আনহাতে, স্কুল বাছসমূহে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মানি চলিব লাগে। চিলড্ৰেন প্ৰটেকচন এক্ট মানি স্কুল বাছসমূহ চলাব লাগে।

কিন্তু ইমানৰ পাছতো একাংশ স্কুল বাছত লেডী এটেনডেন্স ৰখা নাই। চিচি কেমেৰা ৰাখিছে কিন্তু স্কুলত মনিটৰিং কৰা নাই। আজিকালি ল’ৰা-ছোৱালীবোৰে কিতাপৰ ডাঙৰ ডাঙৰ টোপোলা স্কুললৈ লৈ যাব লগা হয়। চিবিএছইৰ গাইডলাইনত কঠোৰ নিৰ্দেশনা দিয়া আছে যে স্কুল বাছত ছাত্ৰ-ছাত্ৰীৰ কিতাপ ৰখাৰ কাৰণে চীটৰ তলত ছেলফ থাকিব লাগে। কিন্তু বহু স্কুল বাছত সেয়া নাই। বিষয়াগৰাকীয় কয় যে পিক আপ আৰু ড্ৰপিং টাইমত আমি বাছসমূহ পৰীক্ষা কৰো। কাৰণ শিশুসকল হ’ল দেশৰ ভৱিষ্যত। আজিৰ শিশু কাইলৈ দেশৰ সম্পদ। শিশুসকলক ৰক্ষণাবেক্ষণা দিয়াটো আমাৰ দায়িত্ব। আমি চৰকাৰী বিভাগ হিচাপে এই আইন-কানুনসহ পৰিচালিত হৈছে নে নাই সেয়া পৰীক্ষা কৰাটো প্ৰয়োজন। অতি বিপদসংকুলভাৱে দুদুল চৌধুৰীয়ে চলাই থকা স্কুল বাছকেইখনৰ পঞ্জীয়ন নম্বৰ হ’ল- AS-01 FC-0306, AS-01 HC-8549, AS-01 FC-4966, AS-01 FC-0305, AS-01 HC-0047, AS-01 GC-3657, AS-01 GC-4365, AS-01 HC-4967 আৰু AS-02 HC-8552 ,এটেনচন অভিভাৱকসকল। এইকেইখন বাছেৰে যদি আপোনাৰ সন্তানে স্কুললৈ অহা-যোৱা কৰে। তেনেহ’লে এতিয়াৰ পৰাই হওক সাৱধান। ইতিমধ্যে জিলা পৰিবহণ বিষয়াই দুদুল চৌধুৰী মালিকাধীন শ্ৰীমন্ত শংকৰ একাডেমীৰ এইসমূহ বাহনৰ বিৰুদ্ধে U/S 192(A) MV ACT. 1988 অধীনত গোচৰ পঞ্জীয়ন কৰিছে।


এতিয়া শুনক কি অপৰাধ কৰিছে দুদুল চৌধুৰীয়ে। বিষয়াগৰাকীয়ে পুনৰ কয় যে আমি এইক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ আগতে শ্ৰীমন্ত শংকৰ একাডেমীত কেইবালানিও সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিছো। তাত আমি লেডী এটেনডেন্সৰ বিষয়েও এৱাৰনেছ দিছো, মিটিং কৰিছো। চালক-কণ্ডাক্টৰৰ বিষয়ে সজাগতামূলক কাৰ্যসূচী কৰিছো। সকলোবিলাক নীতি-নিয়ম যাতে তেওঁলোকে মানি চলে সেই বিষয়ে তেওঁলোকক সকীয়াই দিছিলো। ইয়াৰ পিছত তেওঁলোকে নিয়ম উলংঘা কৰাৰ বাবে আমাৰ ওচৰত ক্ষমাও খুজিছিল। কিন্তু নিৰ্বাচনৰ পিছত শেহতীয়াভাৱে তেওঁলোকে পুনৰ নিয়ম উলংঘা কৰি স্কুল বাছসমূহ চলাবলৈ আৰম্ভ কৰে। আৰু জিলা পৰিবহণ বিষয়াই প্ৰথম দুদিনত যেতিয়া পুনৰ অভিযান আৰম্ভ কৰে, শ্ৰীমন্ত শংকৰ একাডেমীৰ তিনিখনমান বাছ জব্দ কৰে। ইয়াৰ দুখন গাড়ী জব্দ কৰি এখন গাড়ী মুকলি কৰি দিয়া হয়। তেওঁ পুনৰ কয় যে তেওঁলোকৰ দুখন স্কুল বাছত লেডী এটেনডেন্স নাছিল, যিটো অত্যন্ত বিপজ্জনক। লেডী এটেনডেন্স এগৰাকীৰ কাম হ’ল ছাত্ৰ-ছাত্ৰীৰ গাইড হিচাপে কাম কৰা, পিক আপ আৰু ড্ৰপিঙৰ সময়ত তেওঁ ছাত্ৰ-ছাত্ৰীৰ লগত থাকি পিক আপ আৰু ড্ৰপিং কৰাত সহায় কৰা। তেওঁলোকৰ দুখন বাছ লেডী এটেনডেন্স নথকাৰ কাৰণে ছাছপেন্সৰ কাৰণে আৰ টিলৈকে প্ৰেৰণ কৰা হয়। পাৰ্মিট ছাছপেন্সৰ কাৰণে স্কুল বাছ এনেদৰে প্ৰেৰণ কৰিব লগা হোৱাটো অত্যন্ত লজ্জাজনক বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে গুৱাহাটীৰ মাজমজিয়াত ব্যক্তিগত বিদ্যালয় স্থাপন কৰি এইজন দুদুল চৌধুৰীয়ে ইয়াৰ পূৰ্বেও বহুবোৰ বিতৰ্কত সোমাই আহিছে। এইবাৰ কণকণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা দুদুল চৌধুৰীৰ বিৰুদ্ধে অনাগত সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেৱা হ’ব লক্ষণীয়।

Leave A Reply

Your email address will not be published.