Terrorist Attack in Jammu and Kashmir: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত নিহত দুজন শ্ৰমিক

শ্ৰীনগৰ, ২১ অক্টোবৰ: দেওবাৰে নিশা জম্মু-কাশ্মীৰৰ গণ্ডাৰবলত সংঘটিত হৈছে এক সন্ত্ৰাসবাদী আক্ৰমণ(Terrorist Attack in Jammu and Kashmir)। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, সন্ত্ৰাসবাদীয়ে একাংশ স্থানীয় আৰু প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত কৰা ধাৰাষাৰ গুলীচালনাত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে বহুকেইজন আহত হৈছে(Migrant workers killed)। সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত এই আক্ৰমণটো ছ’নেবাৰ্গৰ এটা নিৰ্মাণৰত সুৰংগৰ সমীপত সংঘটিত হৈছে ।

স্থানীয় আৰক্ষীয়ে জনোৱা মতে, জিলাখনৰ গুণ্ড অঞ্চলত এটা সুৰংগ নিৰ্মাণৰ কাম কৰি থকা ব্যক্তিগত কোম্পানী এটাৰ শিবিৰত থকা শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে(Kashmir terrorism)। এই আক্ৰমণত দুজন শ্ৰমিক ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজন শ্ৰমিক আহত হয়। ইফালে, এই ঘটনাৰ পিছতেই আৰক্ষী আৰু সেনাবাহিনীয়ে আক্ৰমণকাৰীৰ সন্ধানত সমগ্ৰ অঞ্চলটো ঘেৰাও কৰিছে(Jammu and Kashmir security)।

দেওবাৰে নিশা সংঘটিত এই সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত কাশ্মীৰ মণ্ডল আৰক্ষীয়ে এক্সৰ জড়িয়তে জনোৱা মতে, গণ্ডাৰবলৰ গগাংগীৰত সংঘটিত হৈছে এক সন্ত্ৰাসবাদী আক্ৰমণ। ইতিমধ্যে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰিছে । সবিশেষ তথ্য পৰৱৰ্তী সময়ত শ্বেয়াৰ কৰা হ’ব।

ইফালে সন্ত্ৰাসবাদীৰ এই আক্ৰমণক লৈ শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই(Chief Minister Omar Abdullah) । মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াক কাপুৰুষৰ আক্ৰমণ বুলি অভিহিত কৰি X ৰ জড়িয়তে কৰিলে এটা পোষ্ট । পোষ্টটোত তেখেতে লিখিলে, “শ্ৰমিকসকলে অঞ্চলটোৰ এটা বৃহৎ আন্তঃগাঁথনি প্ৰকল্পত কাম কৰি আছিল । এই সন্ত্ৰাসবাদী আক্ৰমণত দুজন লোক নিহত হোৱাৰ লগতে ২-৩ জন লোক আহত হৈছে(infrastructure project attack)। নিৰস্ত্ৰ নিৰীহ লোকৰ ওপৰত কৰা এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।”

মুখ্যমন্ত্ৰীগৰাকীয়ে আন এটা পোষ্টত উল্লেখ কৰে যে, বৰ্তমান এই আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা স্পষ্ট নহয় । কাৰণ স্থানীয় আৰু প্ৰব্ৰজিত উভয় শ্ৰমিককে ধৰি বহুকেইগৰাকী শ্ৰমিক আহত হৈছে। গুৰুতৰভাৱে আহতসকলক SKIMS শ্ৰীনগৰলৈ প্ৰেৰণ কৰা হৈছে। আহতসকলৰ সম্পূৰ্ণ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে বুলিও তেওঁ উল্লেখ কৰে।

ইফালে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়েও (Union Minister Nitin Gadkari) প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত কৰা এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে। টুইটাৰৰ এটা পোষ্টত তেওঁ কয় যে, “নিৰীহ শ্ৰমিক’সকলে সোণামাৰ্গৰ গগাংগীৰত এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পত নিয়োজিত হৈ আছে। এক জটিল আন্তঃগাঁথনি প্ৰকল্পত নিয়োজিত নিৰীহ শ্ৰমিকৰ ওপৰত কৰা এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণক মই তীব্ৰ গৰিহণা দিছো।”

Related Articles