Breaking

কাশ্মীৰত তীৰ্থযাত্ৰীৰ বাছত সন্ত্ৰাসবাদীৰ আক্ৰমণ, কমেও ১০ ভক্ত নিহত! প্ৰতিক্ৰিয়া প্ৰকাশ ৰিতেশ দেশমুখ, অনুপম খেৰ; কংগনা ৰানাৱতৰ…

0 32

কাশ্মীৰৰ ৰিয়াছি জিলাত সন্ত্ৰাসবাদীয়ে তীৰ্থযাত্ৰীৰ বাছত আক্ৰমণ চলোৱাৰ ফলত বাছ খন এটা দ’ খাবৈৱত বাগৰি পৰে। ফলত কমেও ১০ গৰাকী ভক্ত নিহত হোৱাৰ খবৰ আহিছে। এই ঘটনাত কেইবাজনো আহত হয়। বাছ খন শিৱখোডীৰ গুহা মন্দিৰলৈ গৈ আছিল।

ঘটনা সংঘটিত হোৱা স্থানত কেইবাটাও খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে।ঘটনাৰ পিছতে স্থানীয় লোকসকলে উদ্ধাৰ অভিযানত সহায় কৰে। আৰক্ষী, সেনা, আৰু অৰ্ধসামৰিক বাহিনীয়ে ততাতৈয়াকৈ ঘটনা সংঘটিত হোৱা স্থানলৈ লৈ গৈ উদ্ধাৰত নামি পৰে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে বুলি আৰক্ষীয়ে জনাইছে।

ঘটনাক লৈ ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউডৰ চেলিব্ৰিটিসকলে। বলীউডৰ চেলিব্ৰিটি ৰিতেশ দেশমুখ, কংগনা ৰানাৱত আৰু অনুপম খেৰে এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়াৰ লগতে আক্ৰমণৰ বলি হোৱা লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ বাবেও প্ৰাৰ্থনা কৰিছে। লোকসভা নিৰ্বাচনত হিমাচল প্ৰদেশৰ মাণ্ডীৰ পৰা জয়ী হোৱা বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই আক্ৰমণক লৈ শোক প্ৰকাশ কৰিছে।তেওঁ ক্ষোভ প্ৰকাশ কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে।

Leave A Reply

Your email address will not be published.