Tezpur: নিচি জনগোষ্ঠীৰ লোক হৈও এগৰাকী সঁচা অসমপ্ৰেমী আছিল পেৰং চিৰি -মহাসংঘ

খিলঞ্জীয়া জনগোষ্ঠীৰ নতুন পুৰুষৰ বাবে উজ্জ্বল আদৰ্শ হৈ ৰ’ব চিৰি -মতিউৰ ৰহমান

আজি তেজপুৰৰ সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যালয়ত অসম সন্মিলিত মহাসংঘৰ উদ্যোগত বিশিষ্ট সমাজকৰ্মী-জাতীয়তাদী তথা অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘৰ প্ৰয়াত সভাপতি পেৰং চিৰিৰ মৃত্যু বাৰ্ষিকী উপলক্ষে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ।
বিশিষ্ট সমাজকৰ্মী ডাক্তৰ বিশ্ব ৰঞ্জন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে দিপক কুমাৰ নাথে আৰু বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে কয় যে চিৰিৰ দৰে দায়িত্বশীল, কৰ্মযোগীলোক আজি বিৰল, যেতিয়াই চিৰি ডাঙৰীয়াক ক’ৰবালৈ নিমন্ত্ৰণ কৰা হৈছিল, কোনো দিনেই কোনো অজুহাত নেদেখুৱাই সেই ঠাইত গৈ উপস্থিত হৈছিল। চিৰিৰ মৃত্যু মহাসংঘ তথা খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ বাবে অ-পূৰণীয় ক্ষতি । খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ মাজত দৃঢ় একতা গঢ়ি সকলো শত্ৰুৰ বিৰুদ্ধে যুঁজ কৰিবলৈ তেওঁ নিৰৱিচ্ছিন্ন ভাৱে কাম কৰি গৈছিল । তেজপুৰ মহাসংঘৰ সভাপতি প্ৰণৱ কুমাৰ মজুমদাৰে চিৰিৰ সান্নিধ্যৰ কথা সোঁৱৰণ কৰি কয় যে কোনো দিনেই ভাগৰি নপৰা এজন খিলঞ্জীয়াৰ যুঁজাৰু আছিল চিৰি । সভাত চিৰিৰ পুত্ৰ মদন চিৰিয়ে তেওঁৰ পিতৃয়ে খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ মাজত ঐক্য প্ৰতিষ্ঠাৰ বাবে মহাসংঘৰ জড়িয়তে কাম কৰি গ’ল সেই কথা সোঁৱৰণ কৰি অভিভূত হয় । সভাত অধ্যাপক গহন চন্দ্ৰ মহন্ত, লেখক নবীন লহকৰ, সাংবাদিক পঙ্কজ নাথ, অধিবক্তা গিৰিণ বৰা আদিয়ে চিৰিৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে । সভাৰ আৰম্ভণিতে তেজপুৰ মহাসংঘৰ সভাপতি প্ৰণৱ কুমাৰ মজুমদাৰে চিৰিৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰি স্মৃতি তৰ্পণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে । পেৰং চিৰিৰ মৃত্যু অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ বাবে অ-পূৰণীয় ক্ষতি বুলি গভীৰ দুখ প্ৰকাশ কৰে ।

Related Articles