গুৱাহাটী, ২৭ ডিচেম্বৰঃ “তোমালোকে নিজৰ শৈক্ষিক যাত্ৰাত এটা মাইলৰ খুটিত উপনীত হৈছা৷(Tezpur University) এতিয়া এই ধাৰাবাহিকতাৰ বাবে ভৱিষ্যত যাত্ৰা সমাগত৷ আগন্তুক পদক্ষেপত উপলব্ধ বিভিন্ন দুৱাৰৰ যেতিয়া সন্মুখীন হ’বা, তেতিয়া বহু সুবিধা আৰু সফলতা প্ৰাপ্তিৰ পথ দেখিবলৈ পাবা৷ ইয়াৰ সমান্তৰালভাৱে বিভিন্ন প্ৰত্যাহ্বানৰো সন্মুখীন হ’বা ৷ কিন্তু সমুখত অহা সেই প্ৰত্যাহ্বানবোৰ সুযোগ- সুবিধালৈ ৰূপান্তৰিত কৰিব লাগিব৷
“আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাবিংশতিতম সমাৱৰ্তন সমাৰোহত(22nd Convocation) মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি শিক্ষাৰ্থীসকলক এইদৰে উদ্বুদ্ধ কৰে বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ’ইউজিচি’ৰ অধ্যক্ষ প্ৰফেছৰ মামিদালা জগদেশ কুমাৰে৷
উল্লেখ্য, দেশৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদস্থিত কেন্দ্রীয় বিদ্যালয়ৰ প্ৰাংগণত আজি অনুষ্ঠিত উচ্চ শিক্ষানুষ্ঠানখনৰ দ্বাবিংশতিতম সমাৱৰ্তন সমাৰোহত সফলতাৰে শিক্ষা সাং কৰা শিক্ষাৰ্থীসকলক উদ্দেশ্যি মুখ্য অতিথি প্ৰফেছৰ মামিদালা জগদেশ কুমাৰে আৰু কয়- “তোমালোকে এটা সুৰক্ষিত বাতাবৰণত বিশ্ববিদ্যালয়খনৰ শিক্ষাগুৰুসকলৰ তত্ত্বাৱধানৰ লগতে নিজৰ পিতৃ-মাতৃৰ যতন আৰু মাগদৰ্শনত শৈক্ষিক যাত্ৰাৰ এটা মাইলৰ খুটি সফলতাৰে অৰ্জন কৰিলা৷
বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে শিক্ষাৰ্থীসকলক সমাগত প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাই কয়- “আমি এতিয়া বিশ্ব নাগৰিকৰ অংশ, গতিকে জলবায়ু পৰিৱৰ্তন, চৰম দৰিদ্ৰতা আদি একে প্ৰকৃতিৰ আমাক বহু সমস্যা আছে । গতিকে আমি সকলোৱে এই প্ৰত্যাহ্বানসমূহৰ প্ৰতি চিন্তিত হোৱা উচিত” ৷
ভাৰতৰ আদিত্য এল ১ আৰু ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ উদাহৰণ দি জে এন ইউৰ প্ৰাক্তন উপাচাৰ্য মামিদালা জগদেশ কুমাৰে আৰু কয় যে, ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ ৩০ বছৰ অনুৰ্ধ বয়সৰ ৷ এওলোকৰ মাজৰ যথেষ্ট সংখ্যক উদ্যমী আৰু যাৰ জৰিয়তে দেশৰ অগ্ৰগতি ত্বৰান্বিত কৰাত আৰু বহু আকাংক্ষিত ২০৪৭ৰ বিকশিত ভাৰত বাস্তৱায়িত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰা হৈছে৷
বিশ্বৰ ভিন্ন প্ৰান্তৰ ১০ শতাংশতকৈ অধিক অৰ্থাৎ পাচঁশতাধিক বৃহৎ প্ৰতিষ্ঠানসমূহক মুৰব্বী হিচাপে ভাৰতীয়ই নেতৃত্ব দি আছে৷ এইয়া ভাৰতৰ শিক্ষা ব্যৱস্থাৰ অন্যতম সফলতা৷ ভাৰতৰ এনে আৰ্হি এতিয়া বিদেশ ৰাষ্ট্ৰ সমূহতো সমাদৃত হৈছে৷ সৰ্বাংগীন উচ্চ শিক্ষাৰ বিষয়ত তেওঁ উচ্চ শিক্ষা দুৰ্বল শ্ৰেণীৰ বাবে অন্তৰ্ভুক্ত হ’ব লাগে বুলি কৈ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে গ্ৰহণ কৰা এলানি আচঁনিৰ কথাও উল্লেখ কৰে৷
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত মন্তব্য কৰি ইউজিচিৰ অধ্যক্ষ গৰাকীয়ে কয় যে এনইপি সাংবিধানিক মূল্যবোধৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, যিয়ে বৈচিত্ৰ্য, দক্ষতাভিত্তিক শিক্ষা আৰু সৰ্বাংগীনতাক প্ৰসাৰিত কৰিব।
প্ৰনিধানযোগ্য যে,দেশৰ সংবিধানৰ একাধিক অনুচ্ছেদত উল্লেখ থকা সকলো বৰ্গৰ নাগৰিকৰ শৈক্ষিক অধিকাৰ তথা সামাজিক ন্যায়ৰ প্ৰসংগত বক্তব্য আগবঢ়াই তেওঁ কয় যে,আমাৰ সংবিধানে সকলোৰে প্ৰতি সামাজিক ন্যায় প্ৰদানৰ কথা কৈছে৷উল্লেখ্য ভাষণ প্ৰসংগত তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আজীৱন শিক্ষাৰ্থী হৈ থাকিবলৈ আৰু কৌতুহলৰ শিখা জ্বলাই ৰাখিবলৈও আহ্বান জনায়৷
উল্লেখ্য, ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীতৰে শুভাৰম্ভ হোৱা আজিৰ এই সমাৱৰ্তন সমাৰোহ পৌৰাহিত্য কৰে ৰাজ্যপাল তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ শম্ভু নাথ সিঙে প্ৰদান কৰা আদৰণী ভাষণত শিক্ষাৰ্থীসকলক পৰিৱৰ্তন আৰু উদ্ভাৱনক লক্ষ্য হিচাপে লৈ নিজৰ দায়িত্ব আকোৱালি ল’বলৈ আহ্বান জনায়।
তেওঁ বিশ্ববিদ্যালয়খনৰ সম্প্ৰসাৰণ আৰু উদ্ভাৱনৰ অভিলাষী পৰিকল্পনাৰ বিষয়েও তেওঁ সদৰী কৰি কয় যে তেজপুৰ বিশ্ববিদ্যালয় অৰ্থনীতি, মনোবিজ্ঞান, ৰাজনীতি বিজ্ঞান, ভূগোল, পৰিবেশন কলা আৰু জনজাতীয় অধ্যয়নকে ধৰি নতুন বিভাগ স্থাপনৰ বাবে সাজু হৈছে। সমৃদ্ধিশালী গৱেষণা পৰিৱেশ তন্ত্ৰৰ ওপৰতো আলোকপাত কৰি চলি থকা প্ৰকল্প আৰু ভৱিষ্যতৰ আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়েও উপাচাৰ্য্য গৰাকীয়ে উল্লেখ কৰে৷
প্ৰকাশ যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা বিভিন্ন বিভাগত সফলতাৰে শিক্ষা গ্ৰহণ সফলতাৰে উত্তীৰ্ণ হোৱা মুঠ ১৩৬১গৰাকী শিক্ষাৰ্থীক আজি বিভিন্ন ডিগ্ৰী আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ৷ ইয়াৰে ১৩১গৰাকীক পি এইচ ডি, ৭৩৯ গৰাকীক স্নাতকোত্তৰ, ৪২৮ গৰাকীক স্নাতক, ১৪ গৰাকীক পি জি ডিপ্লমা, দুৰ শিক্ষা আৰু অন লাইন পাঠ্যক্ৰমৰ মাধ্যমৰ ৫১ গৰাকীক ডিগ্ৰী / ডিপ্লমাৰ লগতে এইবাৰ মুঠ ৪৯ গৰাকী টপাৰক সোণৰ পদক প্ৰদান কৰা হয় ৷
তদুপৰি ৰসায়ন বিভাগৰ সংহত এমএছচি প্ৰকল্পৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ ডিগ্ৰীধাৰী অভিনৱ হাজৰিকাক ‘টি এণ্ড আই বেষ্ট পোষ্ট গ্ৰেজুৱেট এৱাৰ্ড-২০২৪” আৰু ‘ফুড ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজি’ বিভাগৰ শ্ৰেষ্ঠ স্নাতক সুমন্ত্ৰ চৌধুৰীক “স্পিঙ ভেলী এৱাৰ্ড -২০২৪” প্ৰদান কৰা হয়৷ ইয়াৰ পিচতে শিক্ষাৰ্থী সকলক শপত বাক্য পাঠ কৰাই ৰাজ্যপাল তথা আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই বক্তব্য ৰাখে৷
তেখেতে প্ৰদান কৰা ভাষণৰ আৰম্ভণিতে কালি দেহাৱসান ঘটা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙক স্মৰণ কৰি কয় যে , দেশে এগৰাকী বিশিষ্ট অৰ্থনীতিবিদক হেৰুৱালে আৰু এক অপূৰণীয় ক্ষতি৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালটিলৈও সমবেদনা জ্ঞাপন কৰে ৷
অনুৰূপ ধৰণেৰে বিশিষ্ট শিক্ষাবিদ, বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন উপাচাৰ্য প্ৰফেছৰ মিহিৰকান্তিৰ চৌধুৰীৰ বিয়োগতো গভীৰ শোক প্ৰকাশ কৰি তেখেতে উচ্চ শিক্ষানুষ্ঠানখনৰ বিকাশ সাধনৰ বাবে গ্ৰহণ কৰা ভূমিকাৰ বিষয়েও ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰে ৷ ভাষণ প্ৰসংগত তেখেতে কয় যে, শিক্ষানুষ্ঠানসমূহ বিচ্ছিন্ন সত্তা নহয় ৷
তেখেতে শিক্ষাৰ্থীসকলক ডিগ্ৰী লাভ কৰাৰ পিচত কেবল নিজৰ আৰু পৰিয়াল সুৰক্ষিত ভৱিষ্যতকলৈয়েই মনোনিৱেশ নিদি সমাজ আৰু দেশৰ প্ৰতিও উৎসৰ্গিত হ’বলৈ আহ্বান জনায় ৷
শিক্ষানুষ্ঠানসমূহে আগবঢ়োৱা সেৱা বিভিন্ন সম্প্ৰদায়ৰ সামাজিক তন্ত্ৰৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে বুলি কৈ মহান বিজ্ঞানী তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰ উদ্ধৃতি দি ৰাজ্যপাল আচাৰ্যই যদি আপুনি সূৰ্য্যৰ দৰে জিলিকিবলৈ হ’লে তে প্ৰথমে সূৰ্য্যৰ দৰে জ্বলিব লাগিব বুলিও মন্তব্য কৰাৰ লগতে মহানতা লাভৰ বাবে অপৰিসীম নিষ্ঠা আৰু অটল প্ৰচেষ্টাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে৷