Breaking

সদ্যপ্ৰয়াত প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ ৰঙিয়াৰ বাসগৃহত শ্ৰদ্ধাৰ্ঘ জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

0 17

সদ্যপ্ৰয়াত প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ ৰঙিয়াৰ বাসগৃহত শ্ৰদ্ধাৰ্ঘ জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা তথা ৰাজহ মন্ত্ৰী, বিশিষ্ট সমাজসেৱী, অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি সদ্যপ্ৰয়াত থানেশ্বৰ বড়োৰ ৰঙিয়াস্থিত বাসগৃহত বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সোণোৱালে উল্লেখ কৰে, “শ্ৰদ্ধাৰ থানেশ্বৰ বড়ো ডাঙৰীয়াৰ সৰলতা, নিষ্ঠাপূৰ্ণ ৰাজনৈতিক জীৱন আৰু কৰ্মৰাজিয়ে জাতীয় জীৱনক সমৃদ্ধ কৰি ৰাখিব। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনালোঁ। ওম শান্তি।”

Leave A Reply

Your email address will not be published.