Breaking

হাজোৰ প্ৰবীন নাগাৰা নামৰ শিল্পী যোগেশ্বৰ মালাকাৰক  সাক্ষাৎ কৰি গ্ৰন্থ প্ৰণয়নৰ আহ্বান থানেশ্বৰ মালাকাৰৰ…

0 16

ঐতিহ্যমণ্ডিত হাজোৰ অন্তৰ্গত বৰদধি গাৱঁৰ এসময়ৰ বিখ্যাত নাগাৰা নামৰ পাঠক  যোগেশ্বৰ মালাকাৰ (পাঠক) ৰ স’তে  যোৱা ১৭ আগষ্ট তাৰিখে এক সৌজন্যমূলক সাক্ষাতত মিলিত হয় অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব , বিশিষ্ট অনুভৱী লেখক , কামৰূপ ৰত্ন তথা বৰদধি গাঁৱৰে সু-সন্তান থানেশ্বৰ মালাকাৰ  ৷ এসময়ত বিভিন্ন ঠাইত স্বকীয় ভঙ্গীমাৰে শিল্প প্ৰদৰ্শনেৰে জনতাক মোহাচ্ছন্ন কৰি ৰখা  শিল্পপ্ৰাণ গৰাকীৰ নিজ বাসভৱনত উপস্থিত হৈ মালাকাৰে তেখেতক আজীৱন কৰি অহা চৰ্চ্চাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনায় । ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে শিল্পী গৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰিও পৰিয়ালৰ প্ৰতিগৰাকী লোককে একগোট কৰি সকলোৰে সন্মুখত  তেখেতক পূৰ্বৰ পৰিৱেশন শৈলীৰে নাগাৰা নাম গায় শুনাবলৈ অনুৰোধ

কৰে আৰু শিল্পীগৰাকীয়েও তেখেতৰ অনুৰোধ ৰক্ষা কৰি সম্পূৰ্ণ নাগাৰা নামৰ শিল্পীৰ সাজ পৰিধান কৰি  নাম পৰিৱেশন কৰে ৷ উল্লেখযোগ্য যে যোৱা বছৰ বৰদধি গাৱত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ ধৰ্মালোচনী সভাৰ মঞ্চৰ পৰা মালাকাৰে  শ্ৰোতাৰ আসনত বহি থকা শিল্পী গৰাকীক উদ্দেশ্য কৰি নাগাৰা নামৰ চৰ্চা পুনৰ আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছিল ৷  তেখেতৰ অনুৰোধ ৰক্ষা কৰি শিল্পী গৰাকীয়ে অশেষ কষ্ট স্বীকাৰ কৰি শেহতীয়া ভাবে এটি নাম লিখি উলিয়াইছিল আৰু উক্ত নামটি শিল্পী গৰাকীয়ে সিদিনা মালাকাৰৰ উপস্থিতিত  প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰি এক নান্দনিক পৰিৱেশৰ সৃষ্টি  কৰে ৷ এই বয়সতো তেখেতৰ বলিষ্ঠ কন্ঠ , অপূৰ্ব সুৰ আৰু স্মৃতি শক্তি

দেখি আপ্লুত হোৱাৰ লগতে মালাকাৰৰ অনুৰোধ ৰক্ষা কৰি পুনৰ নাগাৰা নামৰ চৰ্চা আগবঢ়াই নিয়া শিল্পী গৰাকীক  এখনি ফুলাম গামোচা , আৰু এসাজ বস্ত্ৰেৰে সম্ভাষণ জনায় ৷ লগতে থানেশ্বৰ মালাকাৰে শিল্পী গৰাকীক নাগাৰা নাম বিষয়ক এখন গ্ৰন্থ প্ৰস্তুত কৰিৱলৈ আহ্বান জনাই আৰু গ্ৰন্থ খনৰ ছপোৱা খৰচ বহন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত আয়ুক্তসচিব গৰাকীক এই মহান কাৰ্যত সংগ দিয়ে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজেন মহন্তই ৷ মালাকাৰে এনে এগৰাকী মহান শিল্পীক সমগ্ৰ অসমবাসীৰ সৈতে পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰত সাংবাদ মাধ্যমৰ সৈতে যোগাযোগ কৰি এটি সাক্ষাৎকাৰ প্ৰচাৰৰ ব্যৱস্থা কৰাৰ বাবে ৰাজেন মহন্তক দায়িত্ব অৰ্পণ কৰে ৷  

Leave A Reply

Your email address will not be published.