দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ২৬ মাৰ্চঃ khagen gogoi । খ্যাতনামা শিল্পী বিহু সম্ৰাট খগেন গগৈক এইবাৰ গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই প্ৰদান কৰিব শিল্পী অই আপ্পুন গণেশ পেগু বঁটা ৷ আগন্তুক ১০-১১ মে’ত ধেমাজি জিলাৰ গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ“বলগা বৃহত্তৰ গোগামুখ ব’হাগী বিদায় উৎসৱ এই বঁটা প্ৰদান কৰিব গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই ৷ খগেন গগৈ হৈছে অসমৰ লোকসংস্কৃতিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিভাঁজভাৱে তুলি ধৰা এগৰাকী খ্যাতনামা শিল্পী ৷ বিশেষকৈ টোকাৰী গীত, বিহু নামৰ বহুকেইটা শ্ৰব্যসঁফুৰাত গীত পৰিৱেশন কৰি অসমৰ স্বকীয় লোকসংস্কৃতিক চহকী কৰি ৰাখিছে ৷ তেওঁ অসমৰ বিভিন্ন স্থানৰ মঞ্চৰ লগতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে টোকাৰী গীত আৰু বিহু নাম পৰিৱেশন কৰিছে ৷

১৯৮৬ চনত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে হিমাচল প্ৰদেশৰ চিমলাত আয়োজন কৰা সৰ্বভাৰতীয় লোকসংগীত সমাৰোহত বিহুনাম আৰু টোকাৰী গীত পৰিৱেশন কৰি সাংস্কৃতিপ্ৰেমী ৰাইজক তেওঁ আপ্লুুত কৰিছিল ৷ ১৯৮৭ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসতো তেওঁ অসমৰ প্ৰতীকপটৰ লগত বিহু নৃত্যৰ দলৰ দলপতি হিচাপে যোগদান কৰিছিল ৷ নাগালেণ্ডৰ ডিমাপুৰত ১৯৮৯ চনত অনুষ্ঠিত হোৱা উত্তৰ-পূব মাণ্ডলিক লোকসংগীত সমাৰোহত শিল্পী খগেন গগৈয়ে টোকাৰী গীতৰ শিল্পী হিচাপে অসমক প্ৰতিনিধিত্ব কৰিছিল ৷ ১৯৯০ চনত তেওঁ দিল্লীত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক বাণিজ্য মেলাত টোকাৰী গীত পৰিৱেশন কৰি সুনাম অৰ্জন কৰিছে ৷ মুম্বাই অসম সন্হাই ১৯৯৩ চনত মুম্বাইত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানটো টোকাৰী গীত পৰিৱেশন দৰ্শক ৰাইজৰ মন জয় কৰাৰ লগতে ১৯৯৪ চনত একেৰাহে নতুন দিল্লী, কলকাতা, ভূবনেশ্বৰ, আৰু আন্দামান নিকোবৰ দ্বীপপূঞ্জত অনুষ্ঠিত দ্বীপ মহোৎসৱ আৰু পৰ্যটন দিৱসত তেওঁ বিহু নৃত্য আৰু গীত পৰিৱেশন কৰিছিল। ১৯৯৬ চনত গোৱাত অনুষ্ঠিত হোৱা আন্তৰাজ্যিক সাংস্কৃতিক বিনিময় কাৰ্যসূচীত বিহু গীত আৰু নৃত্য পৰিৱেশন কৰিছিল ৷ লোকশিল্পী খগেন গগৈয়ে অসমৰ অসমীয়া বোলছবি জগতলৈও অন্যন্য অৱদান আগবঢ়াইছে ৷ তাৰে বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত ছবি নিষিদ্ধ নদী, চন্দ্ৰ মুদৈ পৰিচালিত ছবি মাঘত মামনিৰ বিয়া, পুলক গগৈ পৰিচালিত ছবি পত্নী, জুবিন গাৰ্গ পৰিচালিত ছবি অগ্নিসাক্ষীত নেপথ্য গায়ক হিচাপে টোকাৰী গীত আৰু বিহুনাম পৰিৱেশন কৰিছে ৷ আন্তৰাষ্ট্ৰীয় পৰ্যায়তো লোকশিল্পী গগৈয়ে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ৷ তেওঁ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা অধীনস্থ ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদৰ জৰিয়তে ১৯৯৭ চনত কাজাখাস্তান আৰু তুৰ্কীস্থান, ২০০১ চনত মৰিচাচ, ২০০২ চনত লণ্ডন, শ্ল’ভেকীয়া, ২০০৯ চনত কম্বুদীয়া, ইণ্ডোনেছীয়াত বিহুনাম আৰু টোকাৰী গীত পৰিৱেশন কৰি অসম আৰু অসমীয়াৰ স্বাভিমানক বিশ্বদৰবাৰত গৌৰবান্বিত কৰিলে ৷ ২০১১ চনত মুম্বাইৰ এম টি ভিৰ ক’ক ষ্টুডিঅ’ত বিখ্যাত সংগীত পৰিচালক লেজলি লুইছে পৰিচালনা কৰা বিহু আৰু মহাৰাষ্ট্ৰৰ লোকসংগীতক লৈ সংমিশ্ৰণ কৰা গীতত শংকৰ মহাদেৱনৰ সৈতে গীত পৰিৱেশন কৰিছিল ৷ প্ৰখ্যাত ছবি পৰিচালক মণিৰত্নমৰ দিল সে’ত শ্বাহৰুখ খানৰ লগতো ক্ষন্তেক সময় একেলগে অভিনয় কৰিছে ৷ এই গৰাকী প্ৰখ্যাত লোকশিল্পী খগেন গগৈৰ জন্ম হৈছে বৰ্তমানৰ চৰাইদেউ জিলাৰ লংপটীয়া গাঁৱত ৷ বৰ্তমান তেওঁ গুৱাহাটীৰ স্থায়ী বাসীন্দা ৷ গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ ব’হাগী বিদায় উৎসৱৰ অভ্যৰ্থনা সমিতিৰ সভাপতি জিতু বৰা, কাৰ্যকৰী সভাপতি দীপক বৰগোঁহাই, সম্পাদক ঋতুপৰ্ণ কোঁচে জনোৱা মতে খগেন গগৈৰ দৰে এগৰাকী খ্যাতনামা লোকশিল্পীক অই আপ্পুন গণেশ পেগু বঁটা প্ৰদান কৰিবলৈ পাই তেওঁলোক নথৈ আনন্দিত ৷ এই বঁটাই লোকশিল্পী খগেন গগৈ আৰু আন এগৰাকী লোকশিল্পী প্ৰয়াত অই আপ্পুন গণেশ পেগুক শাৰীৰিকভাৱে নহ’লেও সাংস্কৃতিকভাৱে যুগলবন্দী কৰিব ৷ এই বঁটাত থাকিব নগদ ধন, ফুলাম গামোচা, ফুলাম জাপি, মানপত্ৰ, চেলেং চাদৰ, মিচিং জনগোষ্ঠীয় সাজ-পাৰ ৷ তেওঁলোকে লগতে জনোৱা মতে ব’হাগী বিদায় উৎসৱ উপলক্ষে জেতুকা নামৰ বাৰ্ষিক স্মৃতিগ্ৰন্থখনো প্ৰকাশ পাব বুলি জনাইছে ৷