Breaking

শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ দশম স্মৃতি দিৱসটি আজি ৩০ জুন তাৰিখে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়

0 22

অসম সাহিত্য সভাৰ অক্লান্ত কৰ্মী-সাহিত্যসেৱক, কুইজ মাষ্টাৰ হিচাপে খ্যাত অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ দশম স্মৃতি দিৱসটি আজি ৩০ জুন তাৰিখে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আৰু ১ নং মৰিটুনী গাঁও উন্নয়ন সমিতিৰ সহযোগত ১ নং মৰিটুনী প্ৰাথমিক বিদ্যালয়ত পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা স্মৃতিচাৰণ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মধ্য মাজুলীৰ শতাধিক শিশু-ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰে ‘শিশুৰ প্ৰতিভা বিকাশ অনুষ্ঠান’ শীৰ্ষক বৰ্ণিল অনুষ্ঠান সম্পন্ন হয়।

সভাৰ আৰম্ভণিতে প্ৰয়াত অমৰেন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে ১ নং মৰিটুনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুৰেশ চন্দ্ৰ বৰাই আৰু বন্তি প্ৰজ্বলন কৰে খৰিচাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অমৰেন্দ্ৰ বৰুৱাৰ সহধৰ্মিনী অনুপ্ৰভা দেৱীয়ে।

একুৰি শিশুশিল্পীৰ দিহানামেৰে শুভাৰম্ভণি হোৱা স্মৃতিচাৰণ সভাখনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্ত, মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক কেশৱ কাকতি, ধনভৰালী প্ৰণৱজিত মিশ্ৰ, সহকাৰী সম্পাদক সোণজ্যোতি পামেগাম, কুঁহি আহ্বায়ক গোলাপ চন্দ্ৰ নাথ, গাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰশান্ত ৰেগন, সুৰেশ চন্দ্ৰ বৰা, জোনালী নাথে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অমৰেন্দ্ৰ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত গীতে-মাতে বিস্তৃত বক্তৃতা-আলোচনা আগবঢ়ায়।

অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ অন্যতম বিষয়ববীয়া তথা ১ নং মৰিটুনী গাঁও উন্নয়ণ সমিতিৰ সম্পাদক মনোজ্যোতি ৰেগনে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত ইয়াৰ পিছতে শিশু-ছাত্ৰ-ছাত্ৰীসকলে ভূপেন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত-নৃত্য, কবিতা পৰিৱেশনৰে সকলোকে আকৃষ্ট কৰে। অমৰ শিশুপ্ৰাণ মেম’ৰিয়েল ট্ৰাষ্টৰ অন্যতম সদস্য তথা অমৰেন্দ্ৰ বৰুৱাৰ জেষ্ঠ্য পুত্ৰ সংগঠক শংকুসিদ্ধ নাথে পৰিচালনা কৰা কুইজ অনুষ্ঠানে স্মৃতি দিৱসটিক অনন্য মাত্ৰা প্ৰদান কৰে। সভাৰ শেষত সকলো অংশগ্ৰহণকাৰীকে মান পত্ৰ, লেখন সামগ্ৰী আৰু মিষ্ট প্ৰসাদ বিতৰণ কৰা হয়।

Leave A Reply