Breaking

লখিমপুৰত দশম যোগ দিৱসৰ অনুস্থানত মন্ত্ৰী পীযুষ হাজৰীকা…

0 23

মন্ত্ৰী পীযুষ হাজৰীকাই আজি লখিমপুৰ অৱস্থিত উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশ লয় । নিজৰ ছাত্ৰ জীৱনৰ বিভিন্ন কথা সোঁৱৰি মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে দেশৰ সুনাগৰিক হোৱাৰ উদ্দেশ্যৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । বিশেষকৈ বৃত্তিমূলক শিক্ষাৰে শিক্ষিত হৈ দেশ সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ তেওঁ সকলোকে আহ্বান জনায়।

পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বাধাকৰা নামৰ স্থানত উপস্থিত হৈ সোৱণশিৰি নদীৰ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চলৰ বুজ লয় । বাধাকৰা অঞ্চলত ইতিমধ্যেই জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে কিছু কাম কৰাৰ বিপৰীতে NHPC য়েও খহনীয়া ৰোধৰ কাম সোনকালেই হাতত ল’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে বিভাগে এই বৰ্ষত প্ৰায় ১২০০ মিটাৰ দৈৰ্ঘ্য অংশত খহনীয়া ৰোধৰ স্থায়ী কাম হাতত ল’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । একে সময়তে বাৰিষাৰ সময়খিনিত স্পৰ্শকাতৰ অংশসমূহ বাচনি কৰি প্ৰয়োজন সাপেক্ষে জৰুৰী কাম হাতত ল’বলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক নিৰ্দেশনা দিয়ে ।

মন্ত্ৰী পীযুষ হাজৰীকাই সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাৰ সৈতে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বান আৰু খহনীয়া বিষয়ত এখন বিভাগীয় পৰ্যালোচনা বৈঠক সম্বোধন কৰে । মন্ত্ৰীগৰাকীয়ে বাৰিষাৰ সময়খিনিত বিভাগীয় অভিযন্তাসকলক সজাগ হৈ থাকি সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায় । লগতে বাৰিষাৰ সময়ত জৰুৰীকালীন বান আৰু খহনীয়া ৰোধৰ কামৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰী পৰ্যাপ্ত পৰিমাণে জিলাখনত মজুত ৰখাৰ ব্যৱস্থা ল’বলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় মুখ্য অভিযন্তা আৰু কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে ।

Leave A Reply

Your email address will not be published.