Breaking

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে চলোৱা অভিযানত জিলা খনৰ কেইবাটাও স্থানৰ পৰা ১২ জন চাইবাৰ অপৰাধৰ সৈতে জড়িত লোকক আটক

0 16

আটকাধীন চাইবাৰ অপৰাধীকেইজনৰ মাজৰে আটাবুৰ ৰহমানে দেউতাকৰ নাম কুনাল সিং নামত ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি এক্সিচ বেংকৰ পৰা কেইবা লাখ টকা ঋণ লোৱাৰ সমান্তৰালকৈ আন এগৰাকী চাইবাৰ অপৰাধীয়ে তৰুণ কুমাৰ নামেৰে ছদ্মনাম পান কাৰ্ডত ব্যৱহাৰ কৰিছিল

ইয়াৰ উপৰিও মেৰাজুল ইছলাম নামৰ বিগত কেইবামাহ ধৰি পলাতক অৱস্থাত থকা চাইবাৰ অপৰাধী জনকো আটক কৰিবলৈ সক্ষম হয় ।

জিলা খনৰ মায়ং থানাৰ এলেকাৰ পৰা প্ৰথম বাৰৰ বাবে দুজন চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম মৰিগাঁও আৰক্ষী

অভিযানত বিভিন্ন বেংকৰ পাচবুক,চেকবুক,পানকাৰ্ড,আধাৰ কাৰ্ড, মোবাইল ফোন, লেপটপসহ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয়

মৰিগাঁও আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত কেইবাটাও আৰক্ষীৰ দলে নিশা অভিযান চলাই মিৰাজুল ইছলাম, ইশ্বাদুল ইছলাম,ৰিজাউল হক, নাছিৰুদ্দিন,মিৰাজুল ইছলাম, আশ্বাদুল হক,আৰিফুল ইছলাম,দিলোৱাৰ হুছেইন,অলিউল্লাহ, মুছিদূৰ ,কাবুল ৰহমান আৰু বাহাৰুল ইছলাম নামৰ ১২ গৰাকী চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হয়।

চাইবাৰ অপৰাধৰ হাব হিচাপে পৰিগণিত হোৱা মৰিগাঁও জিলাত বৰ্তমান সময়লৈকে প্ৰায় দুশৰো অধিক চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষী

Leave A Reply