Breaking

তেজপুৰত দ্বাদশ “দণ্ডিনাথ কলিতা স্মাৰক বক্তৃতানুষ্ঠান”…

0 19

অসমীয়া ভাষাৰ ব্যৱহাৰিক দিশৰ লগতে সংস্কৃতি বিপন্ন হোৱাৰ এই সংকট কালত দণ্ডিনাথ কলিতাৰ দৰে অসমীয়া ভাষা-সাহিত্যৰ প্ৰাত:স্মৰণীয় দুগৰাকী ব্যক্তি ক্ৰমে দণ্ডিনাথ কলিতা আৰু ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য জীৱন আৰু কৃতিৰ স্মৰণৰ এই প্ৰয়াস নিশ্চয়কৈ জাতিটোৰ বাবে শুভ ফলদায়ক। দণ্ডিনাথ কলিতা আৰু ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জীৱন প্ৰতিভাৰ প্ৰথম চৰ্তটোৱেই হৈছে অসমীয়া জাতীয়তাবাদ। দ্বিতীয়টো হৈছে ভাৰতীয় জাতীয়তাবাদ আৰু তৃতীয়টো হৈছে বিশ্ব মানৱীয় প্ৰমূল্যবোধ। অসমীয়া কাব্য, প্ৰবন্ধ, ব্যঙ্গ সাহিত্য, উপন্যাস,গল্পক আধুনিক পৰিচয় প্ৰদান কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন বুলি সুধিলে প্ৰথমেই মনলৈ অহা অসমীয়া সাহিত্যিক গৰাকী হৈছে দণ্ডিনাথ কলিতা বুলি আজি তেজপুৰত মন্তব্য কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীয়ে। উল্লেখ্য যে তেজপুৰৰ দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ উদ্যোগত আজি বিয়লি তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত অনুষ্ঠিত হোৱা দ্বাদশ “দণ্ডিনাথ কলিতা স্মাৰক বক্তৃতানুষ্ঠান” ত “দণ্ডিনাথ কলিতা আৰু ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ৰচনাৰ ভাষিক বৈশিষ্ট্য” শীৰ্ষক এক গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতা প্ৰদান কৰে ড০ বসন্ত কুমাৰ গোস্বামীয়ে।

দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ সভাপতি প্ৰবীণ সাহিত্যিক বিপিন কটকীৰ পৌৰোহিত্যত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীয়ে নিৰ্দিষ্ট বিষয়ৰ ওপৰত কলিতাদেৱৰ ব্যঙ্গ সাহিত্য “আত্মানন্দৰ আত্মকাহিনী” ত ব্যৱহৃত শব্দ আৰু বাক্যাংশৰ ব্যৱহাৰ এক চিত্ৰ সমজুৱাৰ সন্মুখত অতি সাৱলীলভাৱে ডাঙি ধৰে। ফেটি সাপৰ মুৰ ছিঙা, কিস্তি, টিকা ফটা ৰ’দ, বেলিয়ে হাজাৰ হাতেৰে আঁৰিয়া ধৰি,তলমুৰ,শিলেৰে গঢ়োৱা আলিবাটে বেলিৰ পৰাক্ৰমত মিচিকি মিচিকি হাঁহিছে,বেলিয়ে টকৌ পাতেৰে সেই শিৰস্তান ভেদিব নোৱাৰে ,শিলেৰে গঢ়োৱা আলিবাটে বেলিৰ পৰাক্ৰমত মিচিকি মিচিকি হাঁহিছে,তামোলৰ ৰাগেৰে ৰঞ্জিত আদি শব্দ আৰু প্ৰবাদৰ আওপকীয়া প্ৰকাশ শৈলীৰে ব্যৱহাৰ কৰি দণ্ডিনাথ কলিতাই শব্দৰ বিহলঙনীৰে অসমীয়া জাতিক উজাৰিছিল বুলি ড০ গোস্বামীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আনহাতে Bernard Bloch and George L. Tragerৰ দৰে ইউৰোপীয় পণ্ডিতৰ মন্তব্য Language is a system of arbitrary vocal symbols that a social group uses to cooperate উল্লেখ কৰি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ভাষাৰ ঐশ্বৰ্য্য বিচাৰেৰে ড০ গোস্বামীয়ে কয়-মানৱ চিত্ত আৰু সমাজ চিত্ত দাপোন ৰূপে ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই নিজ ভাষা শৈলী ব্যৱহাৰ কৰিছে। সৰ্পৰজ্জ্বোৱেত তথা ৰছি আৰু সাপৰ উপমাৰ উল্লেখ কৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ কালজয়ী উপন্যাস মৃত্যুঞ্জয়ত ব্যৱহৃত ভাষাৰ মহিমামণ্ডিত ৰূপটো সম্পৰ্কে আকৰ্ষণীয় কৈ ব্যাখ্যা কৰে। নিগুটি, আন্ধাৰত সকলো অন্ধ, ওখ গছত হে বতাহ লাগে, মনৰ সুঁতি, নদীৰ সুঁতি একে, আদি শব্দ তথা বাক্যাংশৰ প্ৰয়োগৰ শব্দৰ পৰিমাৰ্জিত ৰূপৰ ব্যৱহাৰ প্ৰতি সদা সচেতন ড০ভট্টাচাৰ্য্যৰ সাহিত্যৰ ভাষাই এক সুকীয়া মৰ্যদা লাভ কৰিছে বুলি কৈ দুয়োগৰাকী লেখকৰ ৰচনাত মানৱৰ জয়গান অৰ্থাৎ মানৱীয় প্ৰমূল্যৰ ধাৰা প্ৰধানকৈ প্ৰবাহিত হৈছে বুলি মন্তব্য কৰে। ড০ গোস্বামীয়ে ভাষণ প্ৰসংগত ২৯ খনকৈ গ্ৰন্থ ৰচনা কৰা প্ৰচণ্ড জাতীয়তাবাদী সাহিত্যিক গৰাকীৰ সাহিত্য ৰাজিক নিৰ্মোহ বিশ্লেষণ কৰি এখন বৃহৎ গ্ৰন্থ ৰচনাৰ পোষকতা কৰি এইগৰাকী সাহিত্যিকৰ ওপৰত যেনেধৰণে চৰ্চা হ’ব লাগিছিল তেনে চৰ্চা নোহোৱাটো এক দুৰ্ভাগ্যজনক কথা বুলি আক্ষেপ প্ৰকাশ কৰে। উল্লেখ্য যে দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ সম্পাদক তথা পৰিচালন ন্যাসৰক্ষী ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ মংগলাচৰণ আৰু হিৰাণি লহকৰৰ বৰগীতেৰে আৰম্ভ হোৱা এই মনোজ্ঞ বক্তৃতানুষ্ঠানত ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যই উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ন্যাস দাতা তথা দণ্ডিনাথ কলিতাৰ পুত্ৰ, বিশিষ্ট ক্ৰীড়াবিদ ডা০ বিশ্বৰঞ্জন কলিতাই আদৰণী ভাষণ প্ৰদান কৰি দণ্ডিনাথ কলিতাৰ জীৱন – কৃতীৰ ওপৰত চমু আলোকপাত কৰে। সভাপতিৰ আসনৰ পৰা বিপিন কটকীয়ে দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ চমু বৃতান্ত দাঙি ধৰাৰ লগতে নবীন চন্দ্ৰ লহকৰে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিত পৰিয়ালৰ তৰফৰ দণ্ডিনাথ কলিতাৰ সুযোগ্য কন্যা, বিশিষ্ট লেখিকা ড০ মাধুৰী কলিতা চৌধুৰীয়ে পিতৃ দণ্ডিনাথ কলিতাৰ এটি কালজয়ী কবিতা আবৃত্তি কৰাৰ লগতে তেজপুৰৰ সু আবৃত্তিকাৰ ৰুবী বৰাইও দুটাকৈ দণ্ডিনাথ কলিতাৰ ব্যংগ কবিতা আবৃত্তি কৰাৰ লগতে দণ্ডিনাথ কলিতাৰ আজো নাতিনী বন্দিতা বৰাই দণ্ডিনাথ কলিতাৰ এটি গীত অতি সুন্দৰকৈ পৰিৱেশন কৰি উপস্থিত বিদ্বৎ সমাজক আপ্লুত কৰে।

আনহাতে অনুষ্ঠানটিৰ আৰম্ভণিতে দণ্ডিনাথ কলিতাৰ প্ৰতিচ্ছবিত পুত্ৰ ডা০ বিশ্বৰঞ্জন কলিতা আৰু কন্যা ড০ মাধুৰী কলিতা চৌধুৰীয়ে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত নাতি তন্ময় কলিতা, মৃন্ময় কলিতা, পংকজ কুমাৰ বৰা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ সুৰেশ কুমাৰ আৰ্য, পূৰ্ণেশ্বৰ নাথ, বিশিষ্ট শিক্ষাবিদ তথা তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া, বিশিষ্ট শিক্ষাবিদ ৰবীন্দ্ৰ নাথ শৰ্মা, শৈলজা কুমাৰ পদ্মপতি, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, বিশিষ্ট গল্পকাৰ মাণিক বৰা,বিশিষ্ট বিজ্ঞান লেখক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰমেশ চন্দ্ৰ গোস্বামী, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অবনী কুমাৰ শৰ্মা,অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, নগাঁৱৰ অধ্যাপক বিজিৎ বৰঠাকুৰ, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, উপসভাপতি নবীন চন্দ্ৰ লহকৰ, সম্পাদক দ্বীজেন নাথ, বিশিষ্ট বুৰঞ্জী লেখক ভুবন চন্দ্র গগৈ আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.