Breaking

বিশিষ্টা লেখিকা গিৰিজাবালা দাসক, লেখিকা সংস্থা অসমৰ , ষষ্ঠদশ বাৰ্ষিক””লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা ” প্ৰদান

0 21

আদৰ্শ মাতৃ বঁটা ” প্ৰদান

সমাজৰ যিকোনো আদৰ্শ বান গুণী ব্যক্তিক বঁটা ৰে সন্মান জনোৱা ৰ প্ৰথা নতুন নহয়,ই অতীজৰে পৰা চলি অহা এটা ৰাজকীয় তথা সামাজিক প্ৰথা।এই প্ৰথাৰ জৰিয়তে ই একো একোজন ব্যক্তি ক, ব্যক্তি জনে আগবঢ়োৱা অৱদানৰ অৰিহণা স্বৰূপে সামাজিক স্বীকৃতি প্ৰদান কৰা হয়।

এনে আদৰ্শ আগত ৰাখিয়ে লেখিকা সংস্হা অসমে ২০০৯ চনৰ পৰা প্ৰতি বছৰে সামাজিক জীৱনত সুপ্ৰভাৱম্বিত ব্যক্তি ত্বৰে প্ৰভাৱ বিস্তাৰ কৰা এগৰাকী আদৰ্শ মান সুমাতৃক সন্মান জনোৱা ৰ উদ্দেশ্যেৰে ডিব্ৰুগড় নিৱাসী লাৱণ্য হাজৰিকা ৰ প্ৰৱিত্ৰ স্মৃতিত আদৰ্শ মাতৃ বঁটা নামেৰে এটি বঁটা প্ৰদান কৰি অহা হৈছে।২০২৪ বৰ্ষ ৰ বাবে এই বঁটা প্ৰদান কৰা হয় গুৱাহাটী ৰ লাচিত নগৰ নিৱাসী বিশিষ্ট লেখিকা, আদৰ্শ ময়ী মাতৃ তথা বৈষ্ণৱ সংস্কৃতি আদৰ্শেৰে অনু প্ৰাণিত সমাজ সেৱিকা গিৰিজাবালা দাসক। বঁটা প্ৰদান কৰে মুখ্য অতিথি অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড: সূৰ্য্য কান্ত হাজৰিকাই। এই বঁটা ত আছে নগদ ধন ৰাশি,জাপি ,চেলেং চাদৰ,মানপত্ৰ, ফুলৰ থোৰা, গামোচা।

এই বঁটা প্ৰদান অনুষ্ঠানটি যোৱা ২৯জুন শনিবাৰে দিনৰ ২বজাত সাহিত্য সভাৰ প্ৰংগণত সংগীতাচায্য লক্ষ্মী ৰাম বৰুৱা সদনত আড়ম্বৰ পূৰ্ণ ভাৱে অনুষ্ঠানটি সম্পন্ন কৰা হয়। অনুষ্ঠান টিৰ আৰম্ভ ণীতে প্ৰয়াত লাৱণ্য হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞলী আগবঢ়ায় লেখিকা সংস্থা,অসমৰ সভাপতি মৃদুলা শৰ্মা প্ৰমুখ্যে,লাৱণ্য হাজৰিকাৰ পুত্ৰ পদ্মশ্ৰী ড: সূৰ্য কান্ত হাজৰিকা আৰু পৰিয়াল বৰ্গ ই, সংস্থা ৰ মুখ্য উপদেষ্টা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি প্ৰমুখ্যে গিৰিজাবালা দাস আৰু আন আন অথিতিবৃন্দই।

অনুষ্ঠান ৰ আৰম্ভণি তে আদৰণী ভাষণ প্ৰদান কৰে লেখিকা সংস্থা,অসমৰ প্ৰধান সম্পাদক বিজয়া দেৱদাসে। এটি ভক্তি মূলক গীতেৰে অনুষ্ঠান টি শুভাৰম্ভ কৰে হাতী গাওঁ শাখাৰ সদস্যা পূবালী শৰ্মা ই। সভাখন উদ্ধোধন কৰে লেখিকা সংস্থা অসমৰ প্ৰাক্তন সভাপতি হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি য়ে ভাষণ প্ৰসংগত, সংস্থা ৰ এক চমু ইতিহাস দাঙি ধৰে লগতে গিৰিজাবালা দাসৰ লগত পৰিচয় সম্বন্ধে ব্যক্ত কৰে। আদৰ্শ মাতৃ প্ৰয়াত লাৱণ্য হাজৰিকাৰ জীৱন পঞ্জী বৰ্ণনা কৰে এছ,কে হাজৰিকা কলেজৰ অধ্যক্ষ ড:ইভা হাজৰিকাই।

অনুষ্ঠান ত বঁটা প্ৰাপক গিৰিজাবালা দাসৰ বিষয়ে দুআষাৰ প্ৰদান কৰে একমাত্ৰ জোঁৱাই,আহমেদাবাদৰ,অ,এন,জি,চি ৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক চত্ৰধৰ ভৰালী আৰু জীয়ৰী ডা: কৃষ্ণা দাস ভড়ালীয়ে। অনুষ্ঠান ত মুখ্য অতিথি ৰূপে উপস্হিত থাকি সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড: সূৰ্য্য কান্ত হাজৰিকা ই ভাষণ প্ৰসংগত””আদৰ্শ মাতৃ বটাৰ ” সম্বন্ধে কিছু বক্তব্য ৰাখে। বঁটা প্ৰাপক গিৰিজাবালা দাসে বটা টি গ্ৰ্হণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰে।

অনুষ্ঠান ত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে লেখিকা সংস্থা,অসমৰ প্ৰাক্তন সভাপতি ৰতিপ্ৰভা গগৈ,সুচিত্ৰা কাকতি, ড: নমিতা ডেকা,অসম সাহিত্য সভাৰ কোষাধ্যক্ষ মিহিৰ বৰুৱা, আদিকে কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্হিত থাকে। অনুষ্ঠান ত সমবেত সংগীত পৰিবেশন কৰে সংস্হাৰ অন্তৰ্গত উত্তৰ গুৱাহাটী শাখাৰ সদস্যা সকলে, সত্ৰীয়া নৃত্য পৰিবেশন কৰে বেবী বৰদলৈ য়ে। অনুষ্ঠান ৰ অন্তিম কাৰ্যসূচী ত সংস্হাৰ সভাপতি মৃদুলা শৰ্মাই ভাষণ প্ৰসংগত বঁটা প্ৰদান অনুষ্ঠান ৰ দীৰ্ঘদিনীয়া প্ৰস্তূতিৰ বিষয়ে উল্লেখ কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই, সংস্হাৰ মধ্য অসমৰ কাৰ্যকৰী সভাপতি মামণি গগৈ বৰুৱা ই।

Leave A Reply