Breaking

সত্য ৰঞ্জন বৰাৰ গ্ৰন্থ “দ্ৰোহ সনাতন – শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰকথা’ উন্মোচন সভাতে ইচলামিক ধৰ্মগুৰু তথা সমাজ সচেতক, সমাজ সংস্কাৰক মুস্তাফা কামাল আজহাৰীক কুটুম্ব সুৰক্ষা পৰিষদৰ ২০২৪ বৰ্ষৰ ‘সমন্বয় সেতুবন্ধন বঁটা’

0 21

অসমৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংগঠন কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি তথা হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰা ‘দ্ৰোহ সনাতন – শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰকথা’ শীৰ্ষক গৱেষণা মূলক গ্ৰন্থখনি আজি গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়।

অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল শ্ৰীযুত ৰাণা প্ৰতাপ কলিতা আৰু শ্ৰীবৰাৰ জন্মদাতা পিতৃ-মাতৃ ক্ষেমকান্ত বৰা আৰু লাৱণ্য বৰাৰ লগতে বাংলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক তথা কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তী, পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ সভাপতি কৈলাশ কাব্ৰাৰ লগতে শতাধিক গণ্য-মান্য বিদ্বান লোকৰ উপস্থিতিত গ্ৰন্থখনি ২৪ আগষ্টৰ দিনা বিয়লি‌ ৩ বজাত উন্মোচন কৰা হয়।

উক্ত সভাতে ইচলামিক ধৰ্মগুৰু তথা সমাজ সচেতক, সমাজ সংস্কাৰক মুস্তাফা কামাল আজহাৰীক কুটুম্ব সুৰক্ষা পৰিষদৰ ২০২৪ বৰ্ষৰ ‘সমন্বয় সেতুবন্ধন বঁটা’ প্ৰদান কৰা হয়।

সনাতন হিন্দু ধৰ্ম দৰ্শন আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চিন্তা কেন্দ্ৰিক চিন্তা কৰ্ষণ সৰ্বমুঠ ২৬ টি লেখাৰে সম্বৃদ্ধ গ্ৰন্থখনিৰ ‘হিন্দুত্বৰ সিদ্ধান্ত’, সনাতন হিন্দু দৰ্শনত ‘আততায়ীৰ’ ব্যাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হিন্দুত্ববাদ, পূৰ্ণাংগ শৰীৰৰূপী স্নানৰ পৰা অংগক্ষত অসমীয়া, জয়শ্ৰীৰাম ধ্বনি ভকতৰ অমূল্য শকতি, সনাতন আৰু পৰধৰ্ম, শ্ৰীমন্ত শংকৰদেৱ আৰু ব্ৰাহ্মণ সমাজ, তন্ত্ৰ-মন্ত্ৰ, শক্তি পূজা আৰু শ্ৰীমন্ত শংকৰদেৱ, মূৰ্তি পূজা, সনাতন দৰ্শন আৰু শ্ৰীমন্ত শংকৰদেৱ, একেশ্বৰবাদী দৰ্শন, চান্দসাইৰ আদৰ্শৰে সংস্কাৰী হওক অসমৰ মুছলমান আদি লেখা বিশেষ ভাৱে উল্লেখযোগ্য।

জাগৰণ সাহিত্য প্ৰকাশনে প্ৰকাশ কৰা ২২৪ পৃষ্ঠাৰ গ্ৰন্থখনি মূল্য ৩৫০ টকা। এই গ্ৰন্থখনিয়ে অসমীয়া সমাজ জীৱনলৈ নতুন চিন্তাৰ খোৰাক যোগাব বুলি লেখক সত্য ৰঞ্জন বৰাই মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.