Breaking

সামৰণি পৰিল দেৰগাঁৱৰ জাতীয় বিদ্যালয়ৰ ২৩তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী…

0 58

নৱবৰ্ষৰ প্ৰথম দিনটোতে দেৰগাঁৱৰ জাতীয় বিদ্যালয়ৰ ২৩তম প্ৰতিষ্ঠা দিৱস দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ২০০১ চনতে প্ৰতিষ্ঠা হোৱা অন্যতম এক অসমীয়া মাধ্যমৰ বেচৰকাৰী এই বিদ্যালয় খননে ২৩টা বছৰে বহু মানৱ সম্পদ গঢ় দিলে। বিদ্যালয় খনৰ পৰা সফলতাৰে শিক্ষা সমাপ্ত কৰি বহু ছাত্ৰ-ছাত্ৰী অসম তথা ভাৰতৰ বাহিৰতো প্ৰতিষ্ঠিত হৈ আছে বিভিন্ন ক্ষেত্ৰত।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশনৰে শুভাৰম্ভনী হোৱা সভা খনত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ কাৰিকৰী বিষয়া মাধুৰ্য্য শইকীয়াই সমল ব্যক্তি হিছাপে উপস্থিত থাকি বিজ্ঞান বিষয়ক এক মননশীল বক্তব্য প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰী,শিক্ষক- শিক্ষয়িত্ৰী সকলৰ দ্বাৰা বাৰেৰহণীয়া বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পাছতেই প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ সফল সামৰণি পৰে।

Leave A Reply

Your email address will not be published.