Breaking

দীপৰ বিলৰ ওফন্দি উঠা পানীত খানামুখ হাওৰাপাৰৰ জলবন্দী ৩০ টা পৰিয়াল; পশুধনৰ হাহাকাৰ অৱস্থা…

0 33

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হলেও ৰাইজৰ দুখ-দুৰ্দশাৰ অন্ত পৰা নাই। ব্ৰহ্মপুত্ৰ নদীৰ পানী গুৱাহাটীত বিপদসীমাৰ তললৈ আহিলেও এতিয়াও সতৰ্কতামূলক স্তৰৰ ওপৰৰে বৈ থকাত দীপৰ বিলৰ পানীভাগ সম্প্ৰতি ওফন্দি উঠিছে। যাৰ বাবে দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰে পানীভাগ বৈ যাব নোৱাৰাত দীপৰ বিলৰ গাতে লগা খানামুখৰ হাওৰাপাৰ অঞ্চলৰ বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত পৰিছে। বহু বাসিন্দাৰ ঘৰৰ চৌহদ তিনিদিন ধৰি পানীৰে উপচি থকাত ৩০ টাকৈ পৰিয়ালে প্ৰায় এটা সপ্তাহ ধৰি জলবন্দী জীৱন কটাবলগীয়া হৈছে। ফলত হাওৰাপাৰৰ আৱাসিক এলেকাৰ সমান্তৰালভাবে কৃষক ৰাইজ আৰু পশুধনৰ গৰাকী সকলৰ হাহাকাৰ অবস্থাৰ সৃষ্টি হৈছে। ওফন্দি উঠা তথা বাঢ়নী পানীভাগৰ বাবে কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধাৰাপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত খানামুখ হাওৰাপাৰৰ খেতিপথাৰ পানীৰে ভৰি আছে।

যাৰ বাবে কৃষক সকলৰ কঠীয়াতলী সমুহ পানীৰ তলত থকাত তেওঁলোকে কঠীয়া সিচিব পৰা নাই। একেদৰে অঞ্চলটোৰ প্ৰতি ঘৰ বাসিন্দাই গৰু, ছাগলী পালন কৰি আহিছে। কিন্তু গৃহস্থই জলবন্দী হবলগীয়া হোৱাত পশুধন সমুহ ৰখাৰ ক্ষেত্ৰটো গৰাকী সকল ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। যাৰ বাবে বাসিন্দা সকলে পথৰ ওপৰত ৰদ-বৰষুণত গৰু, ছাগলী সমূহ ৰাখিব লগা হৈছে। ইফালে পশুধনৰ বাবে খাদ্য সংকটেও দেখা দিছে। যাৰ বাবে বৃহত্তৰ খানামুখ অঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান খানামুখ মিলন সংঘই কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক মানুহৰ লগতে পশুধনৰ বাবে খাদ্যৰ যোগান ধৰিবলৈ আহ্বান জনাইছে। ইপিনে জলবন্দী হৈ পানীৰ লগত সহাবস্থান কৰিবলগীয়া হোৱা বাবে বহু লোকৰ জ্বৰ, কাহ, চর্দিকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে হাওৰাপাৰৰ বাসিন্দা তথা ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন ( বি আৰ অ) ত ভাৰত-পাক আন্তৰ্জাতিক সীমান্তৰ ৰাজোৰিত কৰ্মৰত গগনদ্বীপ সিঙৰ ( চানী) ঘৰলৈ যোৱা প্ৰায় ১০০ মিটাৰ দৈৰ্ঘ্যৰ পথটো দুই ফুট পৰ্যন্ত পানীত ডুব গৈ থকাত পৰিয়ালটোক ওচৰৰ লোকসকলে নাওৰে গৈ খাদ্য সামগ্ৰীৰ যোগান ধৰা বুলি পৰিলক্ষিত হৈছে।

জানিব পৰা মতে পূৰ্বতে দীপৰ বিলৰ পানী আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সমীপত থকা অৰ্জুনগুৰী দলঙৰে তলেৰে ওলাই গৈ ধাৰাপুৰ চাৰিআলি-পলাশবাৰী সংযোগী আসাম-ট্ৰাংক ৰোডৰ দাঁতিয়েদি থকা এটা প্ৰাকৃতিক জানত পৰিছিল। পাছত সেই পানী গৈ পলাশবাৰীত থকা ব্ৰহ্মপুত্ৰ নদী সংযোগী কালবুক নামৰ আন এখন সৰু নৈত পৰিছিল। কিন্তু বিগত তিনি-চাৰি বছৰ ধৰি সেই প্ৰাকৃতিক জানটোৰ লগতে অৰ্জুনগুৰী দলঙৰ বিপৰীত দিশৰ অংশখিনী মাটিৰে পুতি পেলোৱাৰ ফলত সেইফালে দীপৰ বিলৰ পানী ওলাই যাব পৰা ব্যৱস্থাটো সম্পূৰ্ণ বন্ধ হৈ পৰিছে।

Leave A Reply

Your email address will not be published.