Breaking

আজিৰে পৰা ইউএনবি বড়ো হাইস্কুলত বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ ৩৮ সংখ্যক অধিৱেশন…

0 87

আজিৰে পৰা ইউএনবি বড়ো হাইস্কুলত বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ ৩৮ সংখ্যক অধিৱেশন, এবছুৰ জোনাই আঞ্চলিকৰ ২৫ সংখ্যক ,আবৌফৰ ২১ সংখ্যক বছৰেকীয়া অধিৱেশন

বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ ৩৮ সংখ্যক বছৰেকীয়া অধিৱেশন, বড়ো সাহিত্য সভাৰ জোনাই প্ৰাথমিক সমিতিৰ ৩৯ সংখ্যক বছৰেকীয়া,এবছুৰ জোনাই আঞ্চলিক সমিতিৰ ২৫ সংখ্যক আৰু আবৌফৰ জোনাই আঞ্চলিক সমিতিৰ ২১ সংখ্যক বছৰেকীয়া অভিবৰ্তন কাইলৈৰ পৰা ইউএন মেম’ৰিয়েল বড়ো হাইস্কুলত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্য্যসূচীৰে আৰম্ভ হ’ব। প্ৰথমদিনা অৰ্থাৎ কাইলৈৰ পুৱা ৬ বজাত স্বচ্ছতা অভিযান।পুৱা ৭ বজাত মূল তোৰণ উদ্ধোধন কৰিব এমএচিৰ জিএম পদুম ৰায়ে।পুৱা ৭-৩০ বজাত তুলসী বসুমতাৰী সোঁৱৰণী মূল মণ্ডপৰ উদ্ধোধন কৰিব জোনাই গাওঁ পঞ্চায়তৰ সভাপতি জয়ন্ত বৰিয়ে।পুৱা ৮ বজাত বলেন বসুমতাৰী সোঁৱৰণী ভোজনালয়ৰ উদ্ধোধন কৰিব জোনাই মহকুমা নিৰ্বাচনী বিভাগৰ উচ্চ বৰ্গ সহায়ক উদয় বড়োয়ে। পুৱা ৮-১৫ বজাত কৃঞ্চ বড়ো সোঁৱৰণী প্ৰতিনিধি সভাকক্ষৰ উদ্ধোধন কৰিব অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ প্ৰাক্তন সভাপতি শুক্ৰধৰ বসুমতাৰীয়ে।

পুৱা ৮-৩০ পতাকা উত্তোলন কৰিব এবছুৰ জোনাই আঞ্চলিক সমিতিৰ সভাপতি মনৰাম মুছাহাৰী আৰু আবৌফৰ জোনাই আঞ্চলিক সমিতিৰ সভানেত্ৰী মীনু নাৰ্জাৰীয়ে।পুৱা ৯ বজাত শ্বহীদ তৰ্পণ কৰিব এবছুৰ জোনাই আঞ্চলিক সমিতিৰ উপ সভাপতি সত্যজিৎ বসুমতাৰী আৰু আবৌফৰ জোনাই আঞ্চলিক সমিতিৰ উপ সভানেত্ৰী ক্ষীৰদা দৈমাৰীয়ে।পুৱা ১০ বজাত অনুষ্ঠিত কৰা সাহিত্য প্ৰতিযোগিতাৰ উদ্ধোধন কৰিব চিমেন চাপৰি ইউএনবি একাডেমীৰ অধ্যক্ষ বিমল মুছাহাৰীয়ে।বিয়লি ২-৩০ বজাত প্ৰতিনিধি পঞ্জীয়ন।বিয়লি ৩ বজাৰ আৰম্ভ হবলগা বড়ো সাহিত্য সভাৰ জোনাই প্ৰাথমিক সমিতি, এবছুৰ জোনাই আঞ্চলিক সমিতি আৰু আবৌফৰ জোনাই আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভাখন উদ্ধোধন কৰিব এবছুৰ জোনাই আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক চনেন বসুমতাৰীয়ে।বিয়লি ৪-৩০ বজাত সাংস্কৃতিক প্ৰতিযোগিতাৰ উদ্ধোধন কৰিব বড়ো হাৰিমু আফাডৰ ছেৰজা নিৰ্দেশক দিপুৰাম বড়োয়ে। সন্ধিয়া ৭-৩০ বজাত অনুষ্ঠিত কৰা বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ প্ৰতিনিধি সভাখন উদ্ধোধন কৰিব বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক ভূমিধৰ বড়োয়ে। অন্তিম তথা ১৬ নৱেম্বৰৰ পুৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰিব বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ সভাপতি দিলিপ বসুমতাৰীয়ে।পুৱা ৯ বজাত শ্বহীদ তৰ্পণ কৰিব বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ উপ সভাপতি ধনেশ্বৰ নাৰ্জাৰীয়ে।পুৱা ৯-৩০ বজাত বড়ো সাহিত্য সভাৰ প্ৰয়াত নেতা-কৰ্মী সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ প্ৰাক্তন সভাপতি সোণেশ্বৰ বসুমতাৰীয়ে।পুৱা ১০ বজাত এবছুৰ জোনাই আঞ্চলিক সমিতিৰ সভাপতি মনৰাম মুছাহাৰীৰ সঞ্চালনাত “মোৰ মাতৃ ভাষা,মোৰ শিক্ষা” শীৰ্ষক বিষয়ৰ আলোচনাখনৰ উদ্ধোধন কৰিব চিমেন চাপৰি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক চবেত বসুমতাৰীয়ে।অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব এবছুৰ শিক্ষা সম্পাদক ছমাওচাৰ বসুমতাৰীয়ে।পুৱা ১১-৩০ অৱসৰপ্ৰাপ্ত আৰু জিলাভিত্তিত কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত শিক্ষক সকলক সম্বৰ্ধনা জনোৱা হব।

দুপৰীয়া ১২-৩০ বজাত দিলিপ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাখন উদ্ধোধন কৰিব ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে।মুকলি সভাত মুখ্য অতিথি হিচাপে বিকেডব্লিউএচিৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী, বিশিষ্ট অতিথি হিচাপে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, সন্মানীয় অতিথি হিচাপে বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক ভূমিধৰ বড়ো,মিচিং আগম কৌবাঙৰ সদস্য ৰয়েল পেগু, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দিপক কুমাৰ দলে,জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগু, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সদস্য ললিত চন্দ্ৰ বড়ো,এছবি বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সোণেশ্বৰ বসুমতাৰী, এমএচিৰ ইএম ৰাজু মেদক,নৰেশ কুম্বাং, জিএম ৰাতিৰাম বসুমতাৰী, সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ জিএম বিজয় শইকীয়া, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ জিএম ৰাজেশ দেউৰী, ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগু, সদস্যা সোভাৰাণী বসুমতাৰী,প্ৰাক্তন বিএলটি কল্যাণ পৰিষদ, আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদ, আবৌফ,বড়ো প্ৰাথমিক শিক্ষক সন্থা, টিএমপিকেৰ নেতা,শিক্ষক, সমাজকৰ্মী সকল উপস্থিত থাকিব।বিয়লি ৫-৩০ বজাত বঁটা বিতৰণী সভা।সন্ধিয়া ৭ বজাত সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰিব কন্ঠশিল্পী ইলা ব্ৰহ্মই।

ফটো দিছো
শম্ভু দাস চিলাপথাৰ
ধেমাজি অসম

Leave A Reply

Your email address will not be published.