ছিপাঝাৰত “খাঁটি দৰঙৰ ঝিয়া-লিকিৰা”ৰ তৃতীয় বাৰ্ষিক প্ৰতিস্থা দিৱস আৰু প্ৰীতি সন্মিলন

নামখলা, ৯ ডিচেম্বৰ : এটি সাধাৰণ ফেচবুক গোটৰ পৰা ক্ৰমে দৰং জিলাৰ এক সামাজিক সাংস্কৃতিক অনুষ্ঠানলৈ পৰিণত হোৱা “খাটি দৰঙৰ ঝিয়া লিকিৰা” নামৰ ফেচবুক গোটটিৰ তৃতীয় বাৰ্ষিক প্ৰতিস্থা দিৱস আৰু প্ৰীতি সন্মিলন ছিপাঝাৰৰ চিৰাখোৱাপাৰাত অনুষ্ঠিত হয় ৷ গোটটোৱে আৰম্ভনীৰে পৰা বিগত তিনিটা বছৰত বিভিন্ন সামাজিক কামত নিয়োজিত হৈ পৰিণত হৈছে দৰংবাসীৰ এক প্ৰিয় অনুষ্ঠানত ৷ প্ৰায় ৪০ হেজাৰ সদস্য থকা গোটটিয়ে দৰঙৰ দুখীয়া আৰু বিপদগ্ৰস্ত মানুহক সহায় কৰি আহিছে ৷ বিশেষকৈ দুখীয়া ৰোগীৰ চিকিৎসা, দুখীয়া শিল্পী, অগ্নিৰ গ্ৰাসত সৰ্বস্ৰান্ত লোকক সহায় কৰাৰ লগতে, বান বিধস্ত লোকক সহায় কৰি আহিছে ৷ মঙলবাৰে গোটৰ সদস্য সকলৰ প্ৰীতি মিলন আৰু ভৱিষ্যত কাৰ্যপন্থা নিৰ্দ্ধাৰণৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানটিৰ পুৱাৰ ভাগতে গোটৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিভিন্ন কাৰ্যসুচীৰ লগতে দৰঙৰ লোককৃষ্টিসমুহ প্ৰদৰ্শিত হয় ৷ দৰং তথা অসমৰ বিভিন্ন ঠাইৰ পৰা আহি দিনটোৰ বাবে সমবেত হোৱা প্ৰীতি সন্মিলনৰ সভা সঞ্চালনা কৰে গোটৰ এগৰাকী অন্যতম সদস্য হেৰম্ব নাথে ৷  সভা মুকলি কৰে অন্যতম সদস্য আলফা নেতা প্ৰাণজিৎ শইকীয়াই ৷ সন্ধিয়া অনুষ্ঠিত হয় বিশেষ সাংস্কৃতিক কাৰ্যসুচী য’ত দৰঙৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে গীত পৰিবেশন কৰে ৷

Related Articles