Breaking

বিহপুৰীয়া বিধান সমষ্টিৰ বিধায়কৰ শিক্ষা উন্নয়ন সমিতি চতুৰ্থ সংখ্যক কেন্দ্ৰীয় শিক্ষক দিৱস

0 81



বিগত বছৰ সমূহৰ দৰে এইবাৰো চতুৰ্থ সংখ্যক বিহপুৰীয়া সমষ্টিভিত্তিত বিধায়ক অমিয় কুমাৰ ভূঞাৰ তৎপৰতাত ৭৩ নং বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়কৰ শিক্ষা উন্নয়ন সমিতৰ উদ্যোগত , ফুলনিখাট উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰাইজৰ সহযোগত চতুৰ্থ বাৰৰ বাবে শিক্ষক দিৱসভাগ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

সমষ্টিভিত্তিত আয়োজন কৰা এইবাৰ শিক্ষক দিৱসটি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪ আৰু ৫ ছেপ্তেম্বৰ বুধ আৰু বৃহস্পতিবাৰে নাৰায়ণপুৰ সাতবৰস্থিত ফুলনিখাট উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব। ইতিমধ্যে পূৰ্ণগতিত প্ৰস্তুতি চলি থকা অনুষ্ঠানটোৰ বাবে এখন সবল অভ্যৰ্থনা সমিতি গঠন কৰি দিয়া হৈছে।

ড°অমিয় কুমাৰ ভূঞাক মুখ্য উপদেষ্টা,বিৰেন্দ্ৰ নাথ ভাগৱতীক উপদেষ্টা আৰু মনোৰঞ্জন শৰ্মাক আহ্বায়ক বিহপুৰীয়া সমষ্টিৰ শিক্ষা উন্নয়ন সমিতি আৰু শিক্ষা আদৰণী সমিতিৰ হিচাপে অৰুণ বৰাক সভাপতি, হিৰেণ দাসক প্রধান সম্পাদক,মনোজ দত্ত আৰু গকুল বণিয়া যুটীয়া সম্পাদক হিচাপে লৈ গঠন কৰা সমিতিখনে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলাই কেইবাখনো উপ সমিতি গঠন কৰিছে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি জ্যোতিৰ্ময় নামৰ এখন স্মৰণিকা প্ৰকাশৰো ব্যৱস্থা কৰি জগত গগৈক সম্পাদক সঞ্জীৱ বসুমতাৰীক সহযোগী সম্পাদক আৰু সত্যৰঞ্জন বৰাক সভাপতি হিচাপে লৈ গঠন কৰা হৈছে। এখন পূৰ্ণাঙ্গ সম্পাদনা সমিতি উক্ত অনুষ্ঠান সকলো ৰাইজৰ সহযোগিতা আৰু প্ৰতিযোগিতাত ইচ্ছুক প্ৰতিযোগীক প্ৰতিযোগিতাত অংশগ্ৰহণ কামনা কৰিছে।

উক্ত দুদিনীয়া কাৰ্যসূচীত প্ৰথম দিনা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপন, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন, গ্ৰন্থ মেলা ,সাহিত্য প্ৰতিযোগিতা, চিত্ৰাংকন ,ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা আৰু প্ৰহেলিকা প্ৰতিযোগিতা (নিম্ন আৰু উচ্চ শাখা), দিহানাম প্ৰতিযোগিতা আয়োজন কৰা হৈছে।দ্বিতীয় দিনা অৰ্থাৎ ৫ চেপ্তেম্বৰত পৰিৱেশ নিকাকৰণ ,স্মৃতি তৰ্পণ, দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিকৃতিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলন আৰু সভাৰ উদ্বোধন, শিক্ষক দিৱসৰ মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান, স্মৃতি গ্ৰন্থ উন্মোচন আদি কৰি কেইবাটাও বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।

উল্লেখযোগ্য যে ৭৩ নং বিহপুৰীয়া বিধান সমষ্টিত বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই ব্যতিক্ৰমীভাৱে প্ৰতিবছৰে শিক্ষকসকলক সেৱা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা সমষ্টিভিত্তিত শিক্ষক দিৱসে শিক্ষকসকলক উৎসাহিত কৰাৰ লগতে এক শুভ পৰম্পৰা সৃষ্টি কৰিছে। বিধায়ক এনে ধৰণৰ পদক্ষেপে ৰাইজকো সুখ প্ৰদান কৰা বহু সচেতন ৰাইজে উল্লেখ কৰিছে যে শিক্ষকৰ মূল্যায়ন কৰিব পৰা,শিক্ষকক কৃতজ্ঞতা জনাব পৰা আৰু শিক্ষকৰ বাবে সময় দিব পৰা বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ এই পদক্ষেপ অসমৰ বহুলোকে অনুসৰণ কৰিছে আৰু ভূয়সী প্ৰশংসা আগবঢ়াইছে।

Leave A Reply

Your email address will not be published.