Breaking

উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৫২ ত্বম দ্বি-বাৰ্ষিক অধিৱেশনত বিধায়ক ড°অমিয় কুমাৰ ভূঞা

0 15

হাৰমতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৬ জুনত অনুষ্ঠিত হোৱা উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৫২ ত্বম দ্বি-বাৰ্ষিক অধিৱেশনত উপস্থিত থাকে বিধায়ক ড°অমিয় কুমাৰ ভূঞা।আড়ম্বৰপূৰ্ণভাৱে আয়োজন অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই নিজকে সুখী অনুভৱ ব্যক্ত কৰে। বিধায়ক গৰাকীয়ে কয় যে-অসম চৰকাৰে শিক্ষা খণ্ডৰ সামগ্রিক উন্নয়ন তথা আন্তগাঁঠনিৰ লগতে শিক্ষক সকলৰ প্ৰতি সন্মান তথা যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে।


গুণগত শিক্ষাৰে ছাত্ৰ ছাত্ৰীক মানৱ সম্পদলৈ ৰূপান্তৰ কৰিব পৰাকৈ গঢ়ি প্ৰস্তুত কৰা আৰু অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনত নতুন মাত্ৰা প্ৰদান কৰি বিশিষ্ট বৰঙণি আগবঢ়োৱা সকলো গুৰুকে বিধায়ক গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে।অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ ভোগৰাম দাস, অনুষ্ঠানৰ পতাকা উত্তোলক ডিম্বেশ্বৰ দত্ত, উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষা সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভানেত্রী বন্তি বৰা সমন্বিতে বহুজন বিশিষ্ট গণ্যমান্য ব্যক্তি ,শিক্ষা গুৰু উপস্থিত থাকে।

Leave A Reply