Breaking

বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ ৫৩৪ সংখ্যক জন্ম জ‌য়ন্তী উৎসৱ…

0 25

বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ ৫৩৪ সংখ্যক জন্ম জ‌য়ন্তী উৎসৱ। মহাপুৰুষ মাধৱদেৱে ১৮৮৩ খৃষ্টাব্দত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰি আঠ বছৰ কাল সত্ৰত থকাৰ পাছত এই সত্ৰখনৰ সমস্ত দায়িত্ব গোপাল তাঁতীক মহাপুৰুষ মাধৱদেৱে মথুৰাদাস বুঢ়া আতা নামেৰে নামাকৰণ কৰি মথুৰাদাস বুঢ়া আতাক সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰিছিল। বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ সেই জনা মথুৰা দাস বুঢ়া আতাৰ প্ৰতি বছৰৰ দৰে এইবাৰো ৫৩৪ সংখ্যক জন্ম জয়ন্তী দুদিনী‌য়াকৈ পালন কৰা হৈছে বৰপেটা সত্ৰত।

জন্ম জয়ন্তী উপলক্ষে নিত্যনৈমিত্তিক নাম প্ৰসংগৰ লগতে ধৰ্মালোচনী সভা আৰু আই সকলৰ আয়তি নামৰ আয়োজন কৰা হয় বৰপেটা সত্ৰত। সোমবাৰে অন্তিম পৰ্যায়ত আই সকলৰ আয়তি নামেৰে সত্ৰীয়া গৰাকীৰ জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি পেলাই। সামৰণিৰ শেষত চেনীৰ প্ৰসাদ বিতৰণ কৰা হয় ভকত বৈষ্ণৱ আই সকলৰ মাজত।

Leave A Reply

Your email address will not be published.