মাজুলী জিলা যোগী সন্মিলনীৰ ৭৪ বৰ্ষীয় অধিৱেশনখনি দুদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ চেঙেলীবাৰী গাঁৱৰ হৰিমন্দিৰৰ প্ৰাংগনত সুকলমে সম্পন্ন হয়৷
আজি দ্বিতীয় দিনাৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৬ বজাত স্বচ্ছ অভিযান, পুৱা ৮.৩০ বজাত যোগ প্ৰাণায়াম আৰু গোৰক্ষ স্তুতি, পুৱা ৯ বজাত অভ্যৰ্থনা সমিতিৰ সম্পাদক বোদ্ধেশ্বৰ নাথৰ দ্বাৰা শ্বহীদ তৰ্পণ আৰু ৯.৩০ বজাত মাজুলী জিলা যোগী সন্মিলনী, বালিচাপৰিৰ প্ৰাক্তন সভাপতি আনন্দ নাথে বন্তি প্ৰজ্বলন কৰাৰ পিছতে পুৱা ১০ বজাত মুকলি সভা অনুষ্ঠিত হয়৷
অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উপসভাপতি অমূল্য কুমাৰ নাথে উদ্বোধন কৰা সভাখনৰ সভাপতিত্ব কৰে জিলা সন্মিলনীৰ সভাপতি নীলকান্ত নাথে৷ অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সম্পাদক অজিত নাথে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাখনত স্মৃতিগ্ৰন্থ অগ্ৰগামী উন্মোচন কৰে ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আনন্দ নাথে৷
মাজুলী জিলা যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি সম্পাদকসকলে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনতে বিশেষ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয় ৷ অসম লোকসেৱা আয়োগ ২০২২ৰ নৱনিযুক্ত সহকাৰী আয়ুক্ত ত্রিসিদ্ধ নাথৰ লগতে উত্তীৰ্ণদুজনক অভিনন্দন পত্র, কিতাপৰ টোপোলা আৰু গামোচাৰে বিশেষ অভিনন্দন জ্ঞাপন কৰে৷
ইয়াৰ পিছতে ভাৰতীয় দলিত সাহিত্য অকাডেমীৰ আম্বেদকাৰ বটাঁপ্ৰাপক কৃত্রি শিক্ষক অনুপ্ৰভা দেৱী, জিলা কৃত্রি শিক্ষক বটাঁপ্ৰাপক নৱকান্ত নাথক সম্বৰ্ধনা পত্র, কিতাপৰ টোপোলা, চেলেং-চাদৰ আৰু গামোচাৰে বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে মাজুলী জিলা যোগী সন্মিলনীৰ অন্তৰ্গত বিভিন্ন পৰ্যায়ৰ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক মান পত্র প্ৰদান কৰে৷ জিলা সম্পাদক উমেশ নাথে শলাগৰ শৰাই আগবঢ়োৱা সভাখন জাতীয় সংগীতেৰে সামৰণি পৰে৷