Breaking

এমাহ যোৰা কাৰ্যসূচীৰে দুধনৈত ‘আপ’ৰ ‘গাঁৱলৈ যাত্ৰা’ কাৰ্যসূচীৰ শুভাৰম্ভ

0 49

‘সৱল গাঁও, উন্নত অসম’ শ্লোগানেৰে আম আদমি পাৰ্টীয়ে এমাহ যোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা ‘গাওঁ যাত্ৰা’ কাৰ্যসূচীৰ দেউবাৰে দুধনৈ সমষ্টিত শুভাৰম্ভ কৰা হয়।

ধূপধৰাৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীত আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ উপস্থিতত শতাধিক কর্মকর্তাই অঞ্চলটোৰ কেইবাখনো গাওঁৰ ৰাইজৰ অভাৱ অভিযোগৰ বুজ লোৱাৰ লগতে বৰ্তমানৰ চৰকাৰখনৰ জন-বিৰোধী নীতিসমূহৰ বিষয়েও জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰে।

দলটোৱে ৰংজুলি পঞ্চায়তৰ অন্তৰ্গত বাক্ৰাপাৰা গাওঁত ৰাইজৰ সৈতে মত বিনিয়োগ কৰি অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ থকা সমস্যাৰ বুজ লয়। ইয়াৰ পিছতে অনুষ্ঠিত দুধনৈ সমষ্টিটোৰ গৰাইমাৰি গাওঁ পঞ্চায়তত এখন ৰাজহুৱা সভাত সহস্রাধিক লোকক উদ্দেশি ভাষণ প্রদান কৰে সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।

তেওঁ লগতে দলৰ ‘গাওঁ যাত্ৰা’ ৰ লক্ষ্য-উদ্দেশ্যৰ বিষয়ে ৰাইজৰ আগত বৰ্ণনা কৰি সকলোকে ঐক্যবদ্ধ অসমৰ চেতনাক শক্তিশালী কৰিবলৈ আহ্বান জনায়। তাৰোপৰি অনাগত দিনত ৰাজ্যৰ গাওঁ সমূহ ভ্ৰমণ কৰি অঞ্চলবোৰৰ ৰাইজৰ সৈতে কথা পাতি মানুহৰ সমস্যা আৰু মনৰ বতাৰ লোৱাৰ লগতে ‘আপ’ চৰকাৰে দিল্লী আৰু পাঞ্জ ৱিত কৰা উন্নয়ন কামসমূহ জনসাধাৰণক অৱগত কৰাটো দলটোৰ আন এক উদ্দেশ্য বুলি উল্লেখ কৰে।

অসমৰ প্ৰতিখন গাঁওৰ প্ৰতিটো চুবুৰীলৈ আগবঢ়াই নিয়াৰ লক্ষ্যৰ আৰম্ভ কৰা আজিৰ এই কাৰ্যসূচীত দলটোৰ উপ-সভাপতি জিতুল ডেকা, সম্পাদক ভিক্টৰ গগৈ, তত্ত্বাবধায়ক দীপাংকৰ কলিতা, মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতা, মুখপাত্ৰ অনুৰূপা ডেকাৰাজাকে ধৰি কেইবাজনো ৰাজ্যিক সদস্য আৰু গোৱালপাৰা জিলাৰ বহু বিষয়ববীয়া, কর্মকর্তা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.