বৰপথাৰত প্ৰশাসনে ছীল কৰিলে আটচবাজিৰ গুদাম ।

দীপাৱলীৰ পূৰ্বে গোলাঘাট জিলাৰ বৰপথাৰত  অবৈধ ভাবে প্ৰায় কোটি টকা মূল্যৰ ফটকাৰ পাইকাৰী ব্যৱসায় চলোৱা এগৰাকী ব্যৱসায়ীৰ গুদাম ছীল কৰে ধনশিৰি মহকুমা প্ৰশাসনে । ছীল কৰা গুদামত মজুত আছিল প্রায় কোটি টকাৰ মূল্যৰ আতচবাজি। দেৱালী উপলক্ষে  প্ৰদুষণ নিয়ন্ত্রণ বৰ্ডৰ লগতে স্থানীয় প্ৰশাসনে আতচবাজি বিক্ৰী, মজুতকৰণ  আৰু ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰভাৱে বহু নীতি নিৰ্দেশনা জাৰি কৰিছিল। সেই অনুসৰি বৰপথাৰ নগৰৰ একাংশ ব্যৱসায়ীক ফটকা বিক্ৰীৰ বাবে অনুজ্ঞাপত্র দিছিল ধনশিৰি মহকুমা প্ৰশাসনে। প্ৰশাসনৰ অনুজ্ঞাপত্র লাভ কৰা বৰপথাৰৰ একাংশ ব্যৱসায়ীয়ে প্ৰদুষণ নিয়ন্ত্রণ বৰ্ডৰ কঠোৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই গ্ৰীণক্ৰেকাৰ পৰিপন্থী অতি উচ্চ প্ৰাবল্যৰ আতচবাজি বিক্ৰী কৰিছিল। ধনশিৰি মহকুমাৰ দণ্ডাধীশ প্ৰাঞ্জিল গগৈ, মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু বৰপথাৰ  আৰক্ষীৰ সহযোগত চলোৱা এক অভিযানত পোহৰলৈ আহে ব্যৱসায়ী সকলৰ এই মিথ্যাচাৰ কথা। উল্লেখ্য যে নগৰ খনৰ অনুপ খেতান নামৰ ব্যৱসায়ী জনৰ  দোকানত অভিযান চলাই পিছফালে থকা এটা গুদামৰ পৰা বে আইনী ভাবে মজুত ৰখা প্ৰায় কোটি টকা মূল্যৰ অতি উচ্চ প্ৰাবল্যৰ আতচবাজি জব্দ কৰে আৰু গুদামটো ছীল কৰি দিয়ে। লগতে মহকুমা প্ৰশাসনে অনুপ খেতান নামৰ ব্যৱসায়ী জনক আটছবাজি বিক্ৰী কৰিবৰ বাবে দিয়া অনুজ্ঞাপত্ৰও বাতিল কৰে। তাৰোপৰি প্ৰশাসনৰ দলটোৱে বৰপথাৰ নগৰৰ অমীৰ পাল , কমল পালৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাই বহু পৰিমাণৰ উচ্চ প্ৰাবল্যৰ আতচবাজী জব্দ কৰিবলৈ সক্ষম হয় । আৰু অমীৰ পাল নামৰ  ব্যৱসায়ী জনক আতচবাজি বিক্ৰীৰ  দিয়া অনুজ্ঞাপত্ৰ নাকচ কৰে। উল্লেখ্য যে খুচুৰা ব্যৱসায়ীক ফটকাৰ যোগান ধৰা বৰপথাৰ নগৰৰ অনুপ খেটান নামৰ বিতৰ্কিত ব্যৱসায়ী জনে বহু বছৰৰ পৰা প্ৰশাসনৰ চকুত ধুলি দি চলাই আহিছিল  ফটকাৰ অবৈধ ব্যৱসায়। এই ব্যৱসায়ী জনে ধনশিৰি মহকুমাৰ লগতে মহকুমাটোৰ বাহিৰৰ বিভিন্ন অঞ্চললৈ ফটকাৰ যোগান ধৰি আহিছিল।

Related Articles