নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনস্থ বৰজাৱৰিহাতীস্থিত ঐতিহ্যমণ্ডিত ৰজাদিনীয়া বৰম্বৈ বৰপুখুৰীত শীতৰ আগমনৰ লগে লগে দেশ-বিদেশৰ ভিন্ ভিন্ পৰিভ্ৰমী পক্ষীৰ আগমন হয় । এইবছৰো দেশী-বিদেশী বহুকেইটা প্ৰজাতিৰ পক্ষীৰ আগমন হৈছে । দেশ-বিদেশৰ পৰিভ্ৰমী পক্ষীৰ অন্যতম বিচৰণস্থলী নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ এই ৰজাদিনীয়া বৰম্বৈ বৰপুখুৰীটোৱে ইতিমধ্যে একমাত্ৰ পৰিভ্ৰমী চৰায়ে অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে বুলি বিভিন্ন মহলত চৰ্চিত হৈছে । প্ৰায় ১৪০ বিঘা মাটিকালিৰে আবৃত্ত ঐতিহাসিক ৰজাদিনীয়া পুখুৰীটো বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই বিচৰণৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰকে ধৰি পৰ্যটন কেন্দ্ৰ, নিৱনুৱাক আত্মসংস্থাপন, জৈৱিক সাৰ, মীন উৎপাদন আদি স্থল আছে যদিও কোনো এখন চৰকাৰে এই পুখুৰীটোত বিশেষ কোনো গুৰুত্ব প্ৰদান নকৰি কেনেধৰণৰ চৰকাৰী আঁচনিৰ আঁৱণ্টন দি লাখ লাখ টকা আত্মসাৎ কৰিব ইয়াৰে প্ৰতিযোগিতা কৰি আহিছে বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে । জানিব পৰা মতে বিগত বছৰসমূহত পুখুৰীটো উন্নয়নৰ নামত পুখুৰীটোৰ বাস্তৱত একো হোৱা নাই যদিও আমোলা বিষয়া, ৰাজনৈতিক নেতা-পালিনেতাসকলে প্ৰতিবছৰে আঁচনি ধৰি গ্ৰামোন্নয়নৰ লাখ লাখ টকা লুণ্ঠনহে কৰি আহিছে বুলি বিভিন্ন মহলত আলোচিত হৈছে । ইফালে পৰ্যটকৰ আকৰ্ষণৰ অন্যতমস্থলী হিচাপে গঢ়ি তোলাৰ পূৰ্ণ সম্ভাৱনা থকা নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ এই বৰম্বৈ বৰপুখুৰীৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনক বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ বাবে পোষকতা কৰিছে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ দল-সংগঠনৰ লগতে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতি, হিন্দু জাগৰণ মঞ্চ আৰু ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে ।