অসম চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, ৰন্ধন গেছৰ দাম বৃদ্ধি, টোল গেটৰ কৰ বৃদ্ধি কৰাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী হাতত লয়। তাৰ সমান্তৰালকৈ বাক্সা জিলা ছাত্ৰ সন্থায়ো মুছলপুৰ চহৰত বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰা পৰিলক্ষিত হয়।
মঙ্গলবাৰে দিনৰ ১০ বজাত বাক্সা জিলা ছাত্ৰ সন্থাৰ প্ৰায় ডেৰ শতাধিক কৰ্ম কৰ্তা আৰু ছাত্ৰ-ছাত্ৰী সকলে মুছলপুৰ চহৰত প্ৰতিবাদ সাব্যস্ত কৰি কিছু সময় পথ বন্ধ কৰি ৰখাৰ লগতে বিভিন্ন শ্লোগানেৰে মুছলপুৰ চহৰ উত্তাল কৰি তোলে।