মৃত্যুদূতলৈ পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ

দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গ্ৰাম্যাঞ্চলৰ পথৰটো দূৰৈৰ কথা যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁত সমূহে সৰ্বসাধাৰণ পথচাৰীক দুৰ্ভোগ ভোগাইছে। সম্প্ৰতি মৃত্যু উপত্যকালৈ পৰ্যবসিত হোৱা পথটোৰে যোৰহাট-শিৱসাগৰলৈ অহা-যোৱা কৰিবলৈ ভয় কৰে যান-বাহনৰ গৰাকীয়ে ।লক্ষনীয় এই যে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ মেৰামতি কৰাৰ বাবে যোৰহাট জিলা উপায়ুক্তই সংশ্লিষ্ট কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশনা দিয়াত উপায়ন্তৰ হৈ উক্ত পথচোৱাৰ জৰাজীৰ্ণ অংশৰ মেৰামতি কৰিছিল যদিও মেৰামতিৰ কাম সম্পূৰ্ণ নৌহঁওতেই মেৰামতি কৰা অংশ সমূহত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হয়।

নিম্ন মানৰ কামেৰে দায়িত্ব সামৰিব বিচৰা কামৰ স্বৰূপ উদঙালে যোৱা দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণে । ৰাষ্ট্ৰীয় ঘাইপথৰ যি যি অংশত মেৰামতি কৰিছিল সেইসমূহ অংশত বৰষুণৰ পানী জমাহৈ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয় ।ফলত এই গাঁত সমূহত পৰি  কেইবাখনো লঘু বাহনৰ বিস্তৰ ক্ষতি সাধন হয় । ৰাষ্ট্ৰীয় ঘাই পথচোৱাৰ টীয়কৰ জগদুৱাৰ সমীপত সৃষ্টি হোৱা এনে এটা বৃহৎ পুখুৰী সদৃশ গাঁতত সোমাই কেইবাখনো বাহনৰ ক্ষতিসাধন হোৱাৰ পাছত পথটোৰ কাষৰ ৰাইজে পথৰ ওপৰত সৃষ্টি হোৱা গাঁতটো বাঁহৰ জেং,গছৰ ডাল আদি দি যানবাহনৰ গৰাকী সকলক সতৰ্ক কৰি দিয়া পৰিলক্ষিত হৈছে । ফলত উক্ত অঞ্চলত যান-বাহনসমূহ চলাচলত অন্তৰায়ৰ সৃষ্টি হৈছে। বিপৰীতে কিন্তু উক্ত পথচোৱাত সতৰ্কতা মূলক কোনো ব্যৱস্থা কি ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ,কি জিলা প্ৰশাসন কোনেও কৰা নাই ।

Related Articles