Breaking

শ্ৰীনগৰ সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন…

0 45

শ্ৰীনগৰ সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন।

” “সৃষ্টিশীল সহিত্য কৰ্মত নিয়োজিত কৰি উত্তৰ পুৰুক অনৈতিক কামৰ পৰা বিৰত ৰাখিব পাৰি:” আজি শ্ৰীনগৰ সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশন খন উদ্বোধন কৰি সাংস্কৃতিক আলোচনী “দাপোণ”ৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই এইদৰে কয়। সভাপতি নব কুমাৰ মজুমদাৰৰ সভাপতিত্বত অনুস্থিত সভাখনৰ উদ্দেশ্য ব্যখ্যা কৰে সম্পাদিকা ববিতা বৈশ্য লহকৰে। আদৰণি ভাষন প্ৰদান কৰি শাখাৰ সভাপতি নব কুমাৰ মজুদাৰে শ্ৰীনগৰ বাসী ৰাইজে অনুস্থানতিৰ সফলতাৰ ক্ষেত্ৰত লোৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিস্যতে এনে সহাৰি কামনা কৰে। দয়াৰাম বৰা, প্ৰশান্ত বৰা আৰু তেওঁৰ সহযোগী সকলৰ দ্বাৰা পৰিবেশন কৰা মাধবদেৱ বিৰচিত বৰগীতেৰে আৰম্ভ হোৱা সভাখনত সাহিত্য সভাৰ সদস্যা সকলে “চিৰচেনেহী মোৰ ভাষা জননী” শীৰ্ষক গীতটো পৰিবেশন কৰে। ইয়াৰ আগতে সভাৰ সভাপতি নব কুমাৰ মজুমদাৰে অসম সাহিত্য সভাৰ পতকা উত্তোলন কৰে। অভ্যৰ্থনা সমিতিৰ সভাপতি চিত্তৰঞ্জন শৰ্মা, অনীমা কলিতা লহকৰ আৰু অশোক দাসে বন্তি প্ৰজ্বলন কৰে। বাৰ্ষিক

অধিবেশনৰ লগত সংগতি ৰাখি প্ৰকাশিত মুখপত্ৰ “আকাশ” উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° জগদীশ পাটগিৰীয়ে। মুখপত্ৰ খন উন্মোচন কৰাৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে ভাষন প্ৰসংগত তেওঁ সাহিত্য সভাৰ লক্ষ্য আৰু এই লক্ষ্যত উপনীত হবৰ বাবে শাখা সমূহৰ কৰনীয়ৰ ক্ষেত্ৰত এটি গাম্ভীয্যপূৰ্ন ভাষন আগবঢ়ায়। বিশিষ্ট অতিথিৰ আসনৰ পৰা কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱীয়ে শ্ৰীনগৰ সাহিত্য সভাই প্ৰথম বছৰটিতে সাহিত্য জগতলৈ প্ৰতিশ্ৰুতি ভৰা অবদান আগবঢ়োৱা বুলি ভাষন প্ৰসংগত উল্লেখ কৰে। চিত্ৰামেধি দাস আৰু কমলা গোস্বামীৰ দ্বাৰা পৰিবেশিত “দীপস্তুুতি” ৰ লগতে শাখাৰ সদস্যা সকলে গীত-মাত, কবিতা আদি পাঠ কৰি সভাখন ৰসাল কৰি তোলে। সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকি কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপসভাপতি হৰেশ্বৰ ডেকা, সম্পাদক দীপাঙ্কৰ ৰায়মেধি আৰু সদস্য মদন মেধিয়ে

চমু ভাষন আগবঢ়ায়। মহানগৰ জিলাৰ বিভিন্ন শাখাৰ প্ৰতিনিধি সকলৰ উপস্থিতিৰ উপৰিও শ্ৰীনগৰ বাসী ৰাইজ এই সভাখনত উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে। শেষত অভ্যৰ্থনা সমিতিৰ সভাপতি চিত্তৰঞ্জন শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়। এই সভাতে শাখাৰ ৪ জনলৈ অসম সাহিত্য সভাৰ হিতৈষী সভ্য আৰু ২৪ জনলৈ আজীৱন সভ্যৰ মান পত্ৰ বিতৰণ কৰা হয়। এই সভাতে কোষাধ্যক্ষ শ্বপ্না বৰুৱা, সদস্যা কল্পনা হাজৰিকা,নীভা ডেকা,সবিতা বৰ্মন, অনীমা লহকৰে গীত পৰিবেশন কৰে। সভাত শ্ৰীনগৰ বাসিন্দা অভিনেতা, এনিমেশন শিল্পী, সুকুমাৰ কলাৰ দক্ষ জীবিতেশ মজুমদাৰৰ লগতে এই অঞ্চলৰ ৫ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয় উল্লেখযোগ্য যে অধিবেশনৰ লগত সংগতি ৰাখি সন্ধিয়া স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুস্থিত হয়। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে পৰিবহন বিভাগৰ আয়ুক্ত গৌতম দাসে।

Leave A Reply

Your email address will not be published.