Breaking

নিৰ্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰা তথ্যই সন্দেহ সৃষ্টি কৰা বুলি ক্ষোভ উজাৰিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে…

0 41

ৰাজ্যত লোকসভা নিৰ্বাচনৰ শেষ হোৱা পাছতে এতিয়া সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় সমীকৰণ উলিওৱাত ব্যস্ত হৈছে। কোন দলে কিমান আসন পাব কোন সমষ্টিত কোন দলৰ ভোট বৃদ্ধি পাইছে তেনেবোৰ বিষয়ত আলোচনাত ব্যস্ত সকলো ৰাজনৈতিক দল। তেনে সময়ত ডিব্ৰুগড়ত দিনযোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে ডিব্ৰুগড় চহৰৰ হোটেল ডি প্ৰিমলেণ্ডত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সভা অনুষ্ঠিত হয়। যিহেতু বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । বিজেপিৰ শক্তিশালী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বিৰোধীতাৰে ভোট যুদ্ধত অৱতীৰ্ণ হৈছিল লুৰীণজ্যোতি গগৈ। চৰ্চা অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰীণজ্যোতি গগৈয়ে ভালদৰে বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সক্ষম হৈছে। প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচন খেলা দলটোৱে নিৰ্বাচনৰ পাছতে  অনুষ্ঠিত কৰিলে কেন্দ্ৰীয় কাৰ্যনিবাহক সভা। সভাত দলটোৰ ৰাজনৈতিক কৰ্মপন্থাৰ বিষয়ে আলোচনা কৰাৰ লগতে লোকসভা নিৰ্বাচনৰ সকলো দিশ আলোচনা কৰা বুলি জানিব পৰা গৈছে। এই কেন্দ্ৰীয় কাৰ্যনিবাহক সভাৰ শেষত দলটোৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি  নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ আশ্বস্ত নহয় অসম জাতীয় পৰিষদ। শেহতীয়াকৈ নিৰ্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰা তথ্যই সন্দেহৰ সৃষ্টি কৰা বুলি ক্ষোভ উজাৰিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি লুৰীণজ্যোতি গগৈয়ে কয়, নিৰ্বাচন আয়োগৰ কামকাজে সন্দেহৰ মাজলৈ ঠেলি দিছে। শেহতীয়াকৈ নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা দহটা দিনৰ পিছতো ভোটদানৰ হাৰ বৃদ্ধি পোৱা বুলি উল্লেখ কৰা তথ্যক অসম জাতীয় পৰিষদে উদ্বিগ্নতা প্ৰকাশ কৰা বুলি উল্লেখ কৰি কয়, ডিব্ৰুগড় লোকসভা সমষ্টিতো ৪২ শতাংশ ভোট বৃদ্ধিৰ কথা নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। এই সম্পৰ্কত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিছে। এই বিষয়টো স্পষ্টীকৰণ দিব লাগে দেশৰ নিৰ্বাচন আয়োগে। এই গোটেই বিষয়টোক লৈ মানুহৰ মাজত সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কামকাজ আৰম্ভ কৰিছে।

আনকি সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত নিৰ্বাচন আয়োগে অযথা হস্তক্ষেপ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা বা মানুহৰ মাজত সৃষ্টি হোৱা সন্দেহৰ বিষয়টো স্পষ্ট কৰিব লাগে। ইয়াৰোপৰি উচ্চতম ন্যায়ালয়ে এইক্ষেত্ৰত শক্তিশালী ভূমিকা ল’ব লাগে। নিৰ্বাচন হৈ যোৱাৰ দিনটোতে নিৰ্বাচন আয়োগে ভোটদানৰ হাৰ ২৪ ঘন্টাৰ ভিতৰত প্ৰকাশ কৰিব লাগে। কিন্তু তাকে নকৰি নিৰ্বাচন আয়োগে ১১ টা দিনৰ পিছত ভোটদানৰ হাৰ প্ৰকাশ কৰিছে। এই কাৰ্যনিবাহক সভাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈয়ো গুৰুত্ব সহকাৰে আলোচনা কৰাৰ কথা উল্লেখ কৰি কয়, নিৰ্বাচন চলি থকা সময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে। খাদ্য সামগ্ৰীকে ধৰি অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰিছে। অত্যাধিক হাৰত মূল্যবৃদ্ধিৰ বিৰোধীতাৰে অহা ২৯ মে’ত গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। আনহাতে দুলীয়াজানত অৱস্থিত অইলৰ ক্ষেত্ৰীয় কাৰ্যালয় স্থানান্তৰিত কৰিবলৈ বিচলা কাৰ্যকো ক্ষোভ প্ৰকাশ কৰি কয়, ডিব্ৰুগড়ৰ গৌৰৱ অইল ইণ্ডিয়া লিমিটেডক দিল্লীলৈ সম্পূৰ্ণ ক্ষমতা হস্তান্তৰ কৰিব খুজিছে।

আৱাসিক মুখ্য কাৰ্যালয়টো দিল্লীলৈ স্থানান্তৰ কৰি অইলৰ দুলীয়াজান কাৰ্যালয়টোক ক্ষমতাহীন কৰিব বিচৰা হৈছে। অইল ইণ্ডিয়াৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হ’ব বুলিও জানিবলৈ দিছে । এই কাৰ্যনিবাহক সভাত অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি অনুপ ফুকনকে ধৰি কেন্দ্ৰীয় সমিতিৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.