গুৱাহাটী, ১২ এপ্ৰিলঃ dr bhupen hazarika । অসম চৰকাৰে লোকসাহিত্যৰ অমৰ গায়ক, গীতিকাৰ, সংগীতকাৰ আৰু চিন্তাবিদ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত বহু তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ড° হাজৰিকাৰ জন্মদিনৰ লগত সংগতি ৰাখি এবছৰীয়া বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। গুৱাহাটী, অৰুণাচল প্ৰদেশ, কলকাতা, মুম্বাই আৰু দিল্লীৰ লগতে ৰাষ্ট্ৰজুৰি বহল পৰিসৰত এই অনুষ্ঠান উদযাপন হ’ব। উল্লেখযোগ্যভাৱে, এই বিশেষ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নাইবা ৰাষ্ট্ৰপতিৰ উপস্থিতিৰ সম্ভাৱনাও প্ৰকাশ কৰা হৈছে।
সুধাকণ্ঠৰ স্মৃতিত বিশেষভাৱে তেখেতৰ নামত এখন স্মাৰক মুদ্ৰা নিৰ্মাণৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰিছে, যাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা আগবঢ়োৱা হ’ব।
তেখেতৰ জীৱন আৰু দৰ্শন অধিক জনসমূহলৈ পঠিয়াবলৈ ১০ লাখ লোকক তেখেতৰ জীৱনী উপহাৰ হিচাপে প্ৰদান কৰা হ’ব। এই জীৱনীখন লিখাৰ দায়িত্ব প্ৰখ্যাত সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক দিয়া হৈছে। এই জীৱনী অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত উপলব্ধ হ’ব। লগতে, সুধাকণ্ঠৰ ওপৰত এক তথ্যচিত্র নিৰ্মাণৰো ঘোষণা কৰা হৈছে।
স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰতো কেবিনেটে এক বৃহৎ সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে। ৰাজ্যৰ ৮ খন কেঞ্চাৰ হাস্পতাললৈ মুঠ ২৫০ কোটি টকাৰ অনুদান আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাৰ জৰিয়তে ৰোগীৰ সেবা আৰু চিকিৎসা সুবিধা অধিক উন্নত কৰা হ’ব।
এই সিদ্ধান্তসমূহে অসমত সাংস্কৃতিক আৰু মানৱিক মূল্যবোধৰ বিস্তাৰ ঘটোৱাৰ লগতে ড° হাজৰিকাৰ মতাদৰ্শ আগন্তুক প্ৰজন্মলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে চৰকাৰে।