গুৱাহাটী, ২৫ মাৰ্চ: Assam Legislative Assembly । অসম বিধানসভাই মঙলবাৰে ‘অসম কোচিং ইনষ্টিটিউটছ (নিয়ন্ত্ৰণ আৰু অধিনিয়ম) বিধেয়ক, ২০২৫’ গৃহীত কৰি ব্যক্তিগত কোচিং চেণ্টাৰসমূহৰ পঞ্জীয়ন বাধ্যতামূলক কৰা লগতে কঠোৰ নিয়ন্ত্ৰণৰ বিধান আনে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধেয়কখন উত্থাপন কৰি কৈছিল যে, “কোচিং চেণ্টাৰৰ বাণিজ্যিকীকৰণ নিয়ন্ত্ৰণ কৰা আৰু অভিভাৱকসকলে ন্যায় লাভ নিশ্চিত কৰাটোহে এই আইনৰ মূল লক্ষ্য”।
বিধেয়কৰ মূল বিষয়বস্তু:
নতুন আইন অনুসৰি— কোচিং চেণ্টাৰৰ পঞ্জীয়ন বাধ্যতামূলক – ৩০ দিনৰ ভিতৰত পঞ্জীয়নৰ আবেদন কৰিব লাগিব।
শিক্ষাৰ মানদণ্ড নিৰ্ধাৰণ – পাঠ্যক্ৰম, শিক্ষকৰ যোগ্যতা, টিউচন মাচুল, শ্ৰেণীৰ সময়সীমা আদিৰ সঠিক তথ্য প্ৰদান কৰিব লাগিব।
সাম্প্ৰদায়িক কৰ্মসূচীৰ ওপৰত নিষেধাজ্ঞা – কোনো কোচিং ইনষ্টিটিউট ধৰ্মান্তৰকৰণ বা ধৰ্মীয় প্ৰচাৰ-প্ৰসাৰৰ লগত জড়িত হ’ব নোৱাৰিব।
নিয়ন্ত্ৰণ তথা শাস্তিমূলক ব্যৱস্থা – আইন উলংঘা হ’লে চৰকাৰে পঞ্জীয়ন বাতিল বা স্থগিত কৰিব পাৰে।
বিধানসভাত উত্তপ্ত পৰিৱেশ, বিধায়ক নিলম্বিত
বিধেয়ক উত্থাপনৰ সময়তে বিতৰ্কৰ সৃষ্টি হয়, য’ত বিধায়ক শ্বেৰমান আলী আহমেদে শিক্ষামন্ত্ৰীৰ ভাষণ ব্যাহত কৰাৰ চেষ্টা কৰে। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে উপাধ্যক্ষ নোমল মমিনে আহমেদক ১০ মিনিটৰ বাবে বিধানসভাৰ পৰা নিলম্বন কৰে।
আইন বাস্তৱায়নৰ পৰিকল্পনা
বিধেয়ক অনুসৰি, চৰকাৰে পঞ্জীয়ন প্ৰক্ৰিয়া সহজ কৰিবলৈ ডিজিটেল পঞ্জীয়ন পদ্ধতি (অনলাইন পৰ্টেল) আৰম্ভ কৰিব। পঞ্জীয়ন প্ৰমাণপত্ৰৰ বৈধতা দুই বছৰ হ’ব, তাৰ পিছত পুনৰ নবীকৰণৰ প্ৰয়োজন হ’ব।
ধ্বনি ভোটেৰে গৃহীত এই আইন অসমৰ শিক্ষাক্ষেত্ৰত শৃঙ্খলা আৰু গুণগত মান উন্নীত কৰাৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ বুলি অভিহিত কৰা হৈছে।