Breaking

কাজিৰঙাত অসম প্ৰকাশন পৰিষদৰ অনুবাদ কৰ্মশালাৰ সফল সামৰণি

0 105

অনুবাদ কৰ্মৰ কাৰিকৰী কৌশল, ভিন্ন ভাষাৰ সমাৰ্থক শব্দৰ সন্ধান-ব্যৱহাৰ, ভিন্ন ভাষিক সমাজৰ সংস্কৃতি-পৰম্পৰাৰ জ্ঞান অৰ্জন , সৃষ্টিশীল অনুবাদ আদিৰ প্ৰণালীৱদ্ধ চৰ্চা তথা সম্পৰীক্ষণৰ মাজেৰে দেওবাৰে সামৰণি পৰে অসম প্ৰকাশন পৰিষদে কাজিৰঙাৰ কঁহৰাস্থিত “অৰণ্য টুৰিষ্ট ল’জ“ত অনুষ্ঠিত কৰা পাঁচদিনীয়া গুৰুত্বপূৰ্ণ অনুবাদ কৰ্মশালাৰ ৷

ভাষা-সাহিত্যৰ প্ৰসাৰৰ লক্ষ্যৰে অভিলাষী প্ৰকল্পৰ আধাৰত ৰূপায়ণ কৰা এই কৰ্মশালাত ইংৰাজী আৰু হিন্দীৰ পৰা অসমীয়া ভাষালৈ, অসমীয়া ভাষাৰ পৰা বড়ো আৰু বাংলা ভাষালৈ অনুবাদৰ বিভিন্ন বাস্তৱমুখী বিষয় উত্থাপন কৰা হয়৷

৫ দিনীয়াকৈ আয়োজিত এই কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, অভিধান প্ৰণেতা , অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, বিশিষ্ট বিজ্ঞানী, অনুবাদক-লেখক ড° দীনেশ চন্দ্ৰ গোস্বামী , বিশিষ্ট অনুবাদক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক নীৰেন্দ্ৰ নাথ ঠাকুৰীয়া, বিশিষ্ট লেখক-অনুবাদক , বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়ো, বিশিষ্ট লেখক-অনুবাদক, কটন বিশ্ববিদ্যালয়ৰ বাংলা ভাষা বিভাগৰ অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে ৷

ইয়াত অনুবাদক হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে নিভাৰাণী ৰয় (গুৱাহাটী), সুচৰিতা সিংহা (কৰিমগঞ্জ), নিৰ্মালী নয়নতৰা (কাৰবি আংলং), পাৰ্থ প্ৰতীম লহকৰ (নলবাৰী), মানস প্ৰতীম দত্ত (গুৱাহাটী), নয়নজ্যোতি শৰ্মা (নলবাৰী), খামমুন ফুকন (শিৱসাগৰ), ইন্দ্ৰনীল গায়ন (নগাঁও), অন্তৰীপ কাকতি (যোৰহাট), অপৰাজিতা পূজাৰী (গুৱাহাটী), বন্দনা খাটনিয়াৰ (আমিনগাঁও), দীপশিখা ভাগৱতী (নগাঁও), জিন্তু গীতাৰ্থ (গুৱাহাটী), বিকাশ দিহিঙীয়া (যোৰহাট), প্ৰীতিৰেখা ভূঞা (গুৱাহাটী), অলকা মহন্ত (গুৱাহাটী), জাহ্নৱী গগৈ (ইটানগৰ), গীতুমণি তালুকদাৰ (পাঠশালা), ড° সঞ্জয় চন্দ্ৰ দাস (গুৱাহাটী), ড° বৰুণ কুমাৰ সাহা (গুৱাহাটী), ড° ৰাজীৱ কুমাৰ সাহা (গোৱালপাৰা),নিবেদিতা চক্ৰৱৰ্তী (শিলচৰ), ড° স্বপ্না নাথ উপাধ্যায় (ডিব্ৰুগড়), শ্যেলী দত্ত (তিনিচুকীয়া), ৰবীন নাৰ্জাৰী (তেজপুৰ), ফণীধৰ বসুমতাৰী (তেজপুৰ), চেল্‌ফ মেড ৰাণী বড়ো (গুৱাহাটী), ৰংজালি বসুমতাৰী (তেজপুৰ), জ্ঞানেন্দ্ৰ বসুমতাৰী (গোৱালপাৰা) আৰু অৰুণজ্যোতি বৰাই (ইটানগৰ)৷

কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই অংশগ্ৰহণকাৰী অনুবাদক সকলক প্ৰমান পত্ৰ প্ৰদান কৰে ৷উল্লেখ্য যে এই অনুবাদ কৰ্মশালাত ডক্টৰ মুকুণ্ডমাধৱ শৰ্মাৰ ‘হিতোপ্ৰদেশ’, ডক্টৰ ৰাজেন্দ্ৰ কুমাৰ ভূঞাৰ ‘ঈছপৰ সাধু’, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ ‘অসম দেশৰ সাধু’, প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ ‘বুধিয়ক কোন’, ডক্টৰ বাণীকান্ত কাকতিৰ ‘পখিলা’, মহিম বৰাৰ ‘বত্ৰিছ পুতলাৰ সাধু’ অসমীয়াৰ পৰা বড়াে আৰু বাংলা ভাষালৈ অনুবাদ কৰা হয় ৷

Leave A Reply

Your email address will not be published.